ETV Bharat / sports

বিৰাট কোহলীয়ে ভাঙিলে ষ্টেডিয়ামৰ দেৱাল ! কিহৰ বাবে এনে কৰিলে ক্ৰিকেটাৰগৰাকীয়ে - VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 2:31 PM IST

Virat kohli break stadium wall: 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টৰ পূৰ্বে বাহুবলীৰ ৰূপত দেখা গৈছে বিৰাট কোহলীক । ক্ৰিকেটাৰগৰাকীয়ে অনুশীলনৰ সময়ত ভাঙি পেলাই ষ্টেডিয়ামৰ দেৱাল ৷ পিছে ক্ৰিকেটাৰগৰাকীয়ে এনে কৰাৰ কাৰণ কি ?

VIRAT KOHLI
বিৰাট কোহলী (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টৰ পূৰ্বে নেট অনুশীলনত প্ৰচুৰ ঘাম বাহিৰ কৰিছে টীম ইণ্ডিয়াৰ সদস্যসকলে ৷ আগন্তুক শৃংখলাটোত পুনৰবাৰ অনুৰাগীৰ দৃষ্টি আৱদ্ধ থাকিব তাৰকা বেটছমেন বিৰাট কোহলীৰ ওপৰত ৷ যিগৰাকী খেলুৱৈয়ে এক বৃহৎ অভিলেখ গঢ়াৰ বাবে এই শৃংখলাতে লাভ কৰিব সুযোগ ৷

আনকি চেন্নাই টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই দুৰ্দান্ত ফৰ্মত দেখা গৈছে বিৰাটক ৷ পিছে অনুশীলনৰ সময়ত ক্ৰিকেটাৰগৰাকীয়ে কৰা এক কাৰ্যৰ বাবে ভাঙি যায় চেন্নাইস্থিত এম এ চিদাম্বৰম ষ্টেডিয়ামৰ দেৱাল ৷

ভাঙিল ষ্টেডিয়ামৰ দেৱাল

বিৰাটে দেওবাৰে টীম ইণ্ডিয়াৰ সৈতে অংশগ্ৰহণ কৰে অনুশীলনত । এই সময়তে বিৰাটে বজ্ৰপাতৰ দৰে মৰা এটা শ্বটত এম এ চিদাম্বৰম ষ্টেডিয়াম (চেপক)ৰ দেৱালৰ এটা অংশ ভাঙি যায় ।

এই কাণ্ডটো পোহৰলৈ আনে শৃংখলাৰ সম্প্ৰচাৰৰ দায়িত্বত থকা জিঅ’ চিনেমাই, যি চেন্নাইত অনুশীলনৰ সময়ত উপস্থিত আছিল । ভাৰতীয় দলটোৱে নাজমুল শান্তোৰ নেতৃত্বাধীন বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে কঠোৰ পৰিশ্ৰম কৰা পৰিলক্ষিত হৈছে ।

পাকিস্তানক হৰুৱাই আত্মবিশ্বাস বৃদ্ধি বাংলাদেশৰ

ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে আৰম্ভণি কৰিব ঘৰুৱা ছিজনৰ । পাকিস্তানৰ বিৰুদ্ধে দৰ্শনীয় জয় সাব্যস্ত কৰা বাংলাদেশৰ সম্প্ৰতি আত্মবিশ্বাস আছে তুংগত ৷

দলটোৰ অধিনায়ক নাজমুল শান্তোৱে মেচত লাভ কৰা পুৰস্কাৰৰ ধন বানাক্ৰান্তৰ লগতে বাংলাদেশত গণ আন্দোলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক প্ৰদান কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে । এই ধনৰাশি বাংলাদেশ টাকাৰ হিচাপত হৈছে প্ৰায় 3.2 কোটি(প্ৰায় 2 লাখ 70 হাজাৰ মাৰ্কিন ডলাৰ) ৷

বাংলাদেশৰ বিৰুদ্ধে অজেয় ভাৰত

ক্ৰিকেট ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, বাংলাদেশে এতিয়ালৈকে ভাৰতৰ মাটিত কেতিয়াও টেষ্ট শৃংখলাত জয়ী হোৱা নাই ৷ ভাৰতে ঘৰুৱা মাটিত জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ আৰু ইতিহাস সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব ।

ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে 2024 চনৰ আৰম্ভণিতে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিছিল ৷ ইংলেণ্ডে চলিত বৰ্ষৰ মাৰ্চ মাহত 5 খন মেচৰ টেষ্ট শৃংখলাৰে ভাৰত ভ্ৰমণ কৰিছিল ৷ য’ত হায়দৰাবাদত প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ পিছত দলটোৱে 4-1 ব্যৱধানত শৃংখলা জয় কৰিছিল ৷

বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা টীম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ নিজৰ আধিপত্য বজাই ৰাখিবলৈ বিচাৰিব ।

লগতে পঢ়ক: এইবাৰ বিশ্বকাপ বিজয়ী দলকো দেখা নাযাব চেম্পিয়নছ ট্ৰফীত - Champions trophy 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.