ETV Bharat / sports

বিৰাট কোহলীৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত; 15 টা বলত 4 বাৰকৈ আউট - IND VS BAN 2ND TEST

author img

By ETV Bharat Sports Team

Published : Sep 26, 2024, 2:59 PM IST

Virat Kohli struggle in nets: কানপুৰ টেষ্টৰ পূৰ্বে দুৰ্বল প্ৰদৰ্শন অব্যাহত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ ৷ নেট অনুশীলনৰ সময়ত বেটছমেনগৰাকীয়ে যথেষ্ঠ সংগ্ৰাম কৰিবলগীয়া হয় ৷ 15 টা বলত চাৰিবাৰকৈ আউট হোৱাৰ পিছতে বেটিং অনুশীলন বন্ধ কৰে কোহলীয়ে ৷ পঢ়ক বিতং খবৰ...

IND VS BAN 2ND TEST
নেট অনুশীলনত বিৰাট কোহলী (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: শুকুৰবাৰৰ পৰা ভাৰত-বাংলাদেশৰ মাজত আৰম্ভ হ’ব কানপুৰ টেষ্ট ৷ মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ সদস্যসকল ব্যস্ত হৈ পৰে নেট অনুশীলনত ৷ দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ দুৰ্বল ফৰ্মৰ প্ৰভাৱ নেট অনুশীলনত পৰিলক্ষিত হয় ।

বিগত চেন্নাই টেষ্টতো বাংলাদেশৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিছিল তাৰকা বেটছমেনগৰাকীয়ে ৷ কোহলীয়ে চেন্নাই টেষ্টত ক্ৰমে 6 আৰু 17 ৰাণ সংগ্ৰহ কৰিছিল । প্ৰথম ইনিংছত বাংলাদেশৰ দ্ৰুত বলাৰ হাছান মাহমুদে কোহলীৰ উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত স্পিনাৰ মেহিদী হাছান মিৰাজৰ হাতত ধৰাশায়ী হয় ভাৰতীয় বেটছমেনগৰাকী ৷

বুমৰাহে 15 টা বলত কৰিলে 4 বাৰ আউট

27 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া কানপুৰ টেষ্টত সকলো ক্ৰিকেটপ্ৰেমীৰে দৃষ্টি আৱদ্ধ থাকিব বিৰাট কোহলীৰ ওপৰত ৷ অৱশ্যে নেট অনুশীলনৰ সময়ত বেটছমেনগৰাকীয়ে যথেষ্ঠ সংগ্ৰাম কৰিবলগীয়া হৈছে ৷ তাৰপিছতো অব্যাহত আছে ক্ৰিকেটাৰগৰাকীৰ দুৰ্বল প্ৰদৰ্শন ৷

নেট অনুশীলনৰ সময়ত বুমৰাহে প্ৰদান কৰা 15 টা বলত 4 বাৰকৈ আউট হয় বিৰাট কোহলী ৷ প্ৰথম 3 টা বলৰ সন্মুখীন হোৱাৰ পিছত বুমৰাহৰ চতুৰ্থ বলটো বেটছমেনগৰাকীৰ পেডত লাগে, যিটো আউট বুলি দাবী কৰে বুমৰাহে ৷ বুমৰাহৰ এই দাবী একে আষাৰে মানি লয় তাৰকা বেটছমেনগৰাকীয়ে ৷

স্পিনাৰৰ বিৰুদ্ধে সংগ্ৰাম

ইয়াৰ পিছত কোহলীয়ে দ্বিতীয় নেটলৈ যায়, য'ত স্পিন ত্ৰিমূৰ্তি খ্যাত ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলে বলিং অনুশীলন কৰি আছিল ৷ কোহলীয়ে জাদেজাক প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰিছিল, কিন্তু ইনচাইড-আউট শ্বট খেলিবলৈ প্ৰয়াস কৰি তাৰকা বেটছমেনজনগৰাকী তিনিবাৰকৈ আউট হয় । নিজৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তাৰকা ক্ৰিকেটাৰগৰাকী উত্তেজিত হৈ পৰে ৷

অক্ষৰ পেটেলে কৰিলে ক্লীন ব’ল্ড

দুৰ্বল প্ৰদৰ্শন অব্যাহত ৰাখি অক্ষৰ পেটেলৰ বলত ক্লীন ব’ল্ড হৈছিল তাৰকা বেটছমেন বিৰাট কোহলী ৷ ইয়াৰ পিছত বেটিং অনুশীলনৰ সামৰণি মাৰিছিল ক্ৰিকেটাৰগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত নেট অনুশীলনত ব্যস্ত হৈ পৰে যুৱ বেটছমেন শুভমন গিল ৷

নেটত বিৰাটৰ বিফলতা অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ । এতিয়া শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া কানপুৰ টেষ্টত তাৰকা ক্ৰিকেটাৰগৰাকী বেটেৰে উজ্বলি উঠিবনে নাই, তাতেই দৃষ্টি আৱদ্ধ থাকিব সকলোৰে ৷

লগতে পঢ়ক: বেটছমেন-বলাৰৰ সুবিধাৰ্থে প্ৰস্তুত গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ পিটচ, মূল একাদশত স্থান লাভৰ সম্ভাৱনা কুলদীপ যাদৱৰ - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.