স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: ফাইনেলত অংশগ্ৰহণৰ বাবে অযোগ্য ঘোষণা হোৱাৰ পিছত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাট সন্দৰ্ভত দেশজুৰি চলে চৰ্চা ৷ ৰূপৰ পদক নিশ্চিত কৰাৰ পিছত খেলুৱৈগৰাকীয়ে পেৰিছ অলিম্পিকৰ মল্লযুদ্ধৰ ফাইনেলত অৱতীৰ্ণ হৈ স্বৰ্ণ পদক জয়ৰ বাবে যুঁজ দিয়াৰ কথা আছিল ৷ পিছে সেয়া হ’বলৈ নাপালে ৷
এনিশাৰ ভিতৰতে ফোগাট ফাইনেলৰ বাবে অযোগ্য ঘোষণা হোৱাত ভাৰতীয় জনগণৰ লগতে খেলুৱৈগৰাকীৰ অনুৰাগী তথা সমৰ্থকসকলেও হতাশ হৈ পৰে ৷ পিছে এই সকলোবোৰৰ মাজতে বিনেশ ফোগাটৰ ওজন বৃদ্ধিৰ সন্দৰ্ভত দেৰীকৈ হ’লেও মৌনতা ভংগ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খেলুৱৈগৰাকীৰ প্ৰশিক্ষকে ৷
পেৰিছ অলিম্পিক 2024 ৰ ফাইনেলত পদক নিশ্চিত কৰিবলৈ তাৰকা মল্লযোদ্ধা ফোগাটে সেই নিশাটোত কেনেদৰে চেষ্টা কৰিছিল, সেই সন্দৰ্ভত সকলো কথা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীৰ হাংগেৰিয়ান প্ৰশিক্ষক ৱ’লাৰ আকোছে ৷
ওজন হ্ৰাসৰ চেষ্টা কৰাৰ সময়ত মৃত্যুৰ সম্ভাৱনা আছিল বিনেশ ফোগাটৰ
বিনেশ ফোগাটৰ প্ৰশিক্ষক, হাংগেৰীৰ ৱ’লাৰ আকোছে প্ৰকাশ কৰিছে যে, সদ্যসমাপ্ত পেৰিছ অলিম্পিক 2024 ত মহিলাৰ 50 কিল’গ্ৰাম শাখাৰ ফাইনেলৰ পূৰ্বৰ নিশা কৰা কঠোৰ পৰিশ্ৰমে মহিলা মল্লযোদ্ধাগৰাকীৰ জীৱনৰ প্ৰতি ভাবুকি মাতি আনে ৷
আকোছৰ লগতে আন সকলোৱে বিনেশৰ ওজন হ্ৰাস কৰিবলৈ সাম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছিল যদিও সেই নিশা কৰা সকলো প্ৰচেষ্টা ব্যৰ্থ হয় বুলি প্ৰশিক্ষকগৰাকীয়ে ৰাজহুৱা কৰে ৷
ফোগাট বাগৰি পৰিছিল, আমি কোনোমতে তেওঁক তুলি ধৰো
এটা ফেচবুক পোষ্টত বিনেশৰ প্ৰশিক্ষক আকোছে লিখিছিল, "ছেমি ফাইনেলৰ পিছত খেলুৱৈগৰাকীৰ শৰীৰৰ পৰা 2.7 কিল’গ্ৰাম অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ বাকী আছিল ৷ আমি 1 ঘণ্টা 20 মিনিটৰ বাবে ব্যায়াম কৰিছিলো, কিন্তু তেতিয়াও 1.5 কিলোগ্ৰাম ওজন হ্ৰাস কৰিবলৈ বাকী আছিল । পৰৱৰ্তী সময়ত 50 মিনিটৰ শ্ৰমৰ পিছতো ফোগাটৰ দেহৰ পৰা ওলোৱা নাছিল এটোপালো ঘাম । ওজন হ্ৰাস কৰিবলৈ বাকী নাছিল কোনো বিকল্প ৷ মাজনিশাৰ পৰা পুৱা 5.30 বজালৈ খেলুৱৈগৰাকীয়ে বিভিন্ন কাৰ্ডিঅ’ আৰু কুস্তিৰ অনুশীলন কৰে ৷ এই সময়ছোৱাত ফোগাটে প্ৰায় এঘণ্টাৰ মূৰে মূৰে দুই-তিনি মিনিটৰহে বিশ্ৰাম গ্ৰহণ কৰে । তাৰপিছত তেওঁ পুনৰ অনুশীলন আৰম্ভ কৰে । অনুশীলনৰ সময়তে খেলুৱৈগৰাকী মাটিত বাগৰি পৰে আৰু আমি তেওঁক কোনোমতে তুলি ধৰো ৷ মই ইচ্ছাকৃতভাৱে নাটকীয় বিৱৰণ লিখা নাই, কিন্তু মোৰ কেৱল মনত আছে যে, সেই সময়ত আৰু অধিক পৰিশ্ৰম কৰিলে খেলুৱৈগৰাকীয়ে হয়তো মৃত্যুক সাৱটি ল’লেহেঁতেন" ৷
প্ৰশিক্ষকে আঁতৰালে তেওঁৰ পোষ্ট
বিনেশৰ প্ৰশিক্ষক ৱ’লাৰ আকোছে হাংগেৰিয়ান ভাষাত প্ৰকাশ কৰিছিল এই পোষ্ট ৷ যি পোষ্ট পৰৱৰ্তী সময়ত আঁতৰাই পেলোৱা হয় ৷ কিন্তু এই পোষ্ট তেতিয়ালৈ সকলোৰে মাজত ভাইৰেল হৈ পৰে ৷ আকোছে প্ৰকাশ কৰিছিল যে, যদিও বিনেশ এই খবৰত একেবাৰে ভাঙি পৰিছিল তথাপিও কিন্তু চিকিৎসালয়ৰ পৰা উভতি অহাৰ সময়ত খেলুৱৈগৰাকীয়ে ইতিবাচক কথাবোৰৰ ওপৰত গুৰুত্ব দি আছিল ।
পদক, মেচ এইবোৰ মাথো সামগ্ৰীহে
চিকিৎসালয়ৰ পৰা উভতি অহাৰ সময়ত সেই নিশা প্ৰশিক্ষকগৰাকীৰ ফোগাটৰ সৈতে এক গুৰুত্বপূৰ্ণ বাৰ্তালাপ হৈছিল । ফোগাটে প্ৰশিক্ষকক উদ্দেশ্যি কৈছিল,"দুখ নকৰিব ৷ কিয়নো আপুনি মোক কৈছিল যে, যদি মই নিজকে কঠিন পৰিস্থিতিত পাওঁ আৰু মোক অতিৰিক্ত শক্তিৰ প্ৰয়োজন হয়, তেন্তে মই ভাবিব লাগে যে, মই বিশ্বৰ শ্ৰেষ্ঠ মহিলা মল্লযোদ্ধাক(জাপানৰ য়ুই চুচাকী) পৰাস্ত কৰিছো । মই মোৰ লক্ষ্য প্ৰাপ্ত কৰিছিলো, মই প্ৰমাণ কৰিছিলো যে মই বিশ্বৰ শ্ৰেষ্ঠ মল্লযোদ্ধাসকলৰ মাজৰে এজন । আমি প্ৰমাণ কৰিছো যে, আমাৰ পৰিকল্পনাই সঠিক দিশত কাম কৰিছে ৷ পদক, মেচ এইবোৰ মাথো সামগ্ৰীহে । প্ৰদৰ্শন কাঢ়ি নিব নোৱাৰি" ৷
সমগ্ৰ ঘটনাটো কি আছিল ?
পেৰিছ অলিম্পিকত মহিলাৰ 50 কিল’গ্ৰামৰ মল্লযুঁজ প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হোৱাৰ পিছত মল্লযোদ্ধা বিনেশ ফোগাটে ৰূপৰ পদক লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল । কিন্তু ফাইনেল মেচত অংশগ্ৰহণৰ পূৰ্বে দুৰ্ভাগ্যজনকভাৱে খেলুৱৈগৰাকীৰ শৰীৰৰ ওজন 100 গ্ৰাম অধিক হোৱাৰ বাবে ফাইনেল অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰা হৈছিল ।
এই হৃদয়বিদাৰক ঘটনাটোত সকলো দেশবাসী হতবাক হৈ পৰিছিল । মেচৰ আগদিনা নিশা মহিলা মল্লযোদ্ধাগৰাকীয়ে কঠোৰ পৰীক্ষাৰ মাজেৰে নিশাটো পাৰ কৰিবলগীয়া হৈছিল । প্ৰায় 5 ঘণ্টা ধৰি খেলুৱৈগৰাকীৰ লগতে তেওঁৰ প্ৰশিক্ষণ কৰ্মচাৰীসকলে বিনেশৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল ৷ অৱশ্যে ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খেলুৱৈগৰাকী ব্যৰ্থ হোৱাৰ পিছত এই সকলোবোৰ কাম নিয়াৰিকৈ নকৰাৰ বাবে ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি পি টি ঊষাই দায়বদ্ধ কৰিছিল তেওঁৰ প্ৰশিক্ষকক ।
চি এ এছে যুটীয়া ৰূপৰ পদকৰ বাবে কৰা আবেদন নাকচ কৰে
অযোগ্যতাৰ অৰ্থ হৈছে যে, নিয়ম অনুসৰি বিনেশে ৰূপৰ পদক নাপাব ৷ সমগ্ৰ ঘটনাটোৱে খেলুৱৈগৰাকীক ইতিমধ্যে মানসিকভাৱে ভাঙি পেলাইছিল যাৰ বাবে বিনেশে ঘোষণা কৰিছিল অৱসৰ । মল্লযোদ্ধাগৰাকীয়ে চি এ এছ(ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালত)ত আপীল কৰিছিল যদিও পৰৱৰ্তী সময়ত এই আপীল নাকচ কৰা হৈছিল ৷
লগতে পঢ়ক: ৰূপৰ পদক নাপাব বিনেশ ফোগাটে: পদকৰ আবেদন নাকচ কৰিলে চি এ এছে - PARIS OLYMPICS 2024