ETV Bharat / sports

অলিম্পিকত মোৰ লগত ৰাজনীতি হৈছিল : পি টি উষাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিনেশ ফোগাটৰ - Vinesh phogat big allegations

author img

By ETV Bharat Sports Team

Published : Sep 11, 2024, 8:00 PM IST

Vinesh Phogat allegations: পেৰিছ অলিম্পিকত অযোগ্য ঘোষিত হোৱা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে এক বিস্ফোৰক মন্তব্য দিছে অলিম্পিয়ান মল্লযোদ্ধা বিনেশ ফোগাটে । তেওঁৰ সৈতে ৰাজনীতি হোৱাৰ দৰে এক গুৰুতৰ অভিযোগ আনিছে মল্লযুঁজাৰুগৰাকীয়ে ৷ লক্ষ্যণীয়ভাৱে এইক্ষেত্ৰত বিনেশে অভিযোগৰ আঙুলি তুলিছে পি টি উষাকে ধৰি আন কেইবাজনো লোকৰ বিৰুদ্ধে । সম্পূৰ্ণ খবৰ পঢ়ক...

Vinesh Phogat allegations
পিটি উষা আৰু বিনেশ ফ’গাট (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 11 ছেপ্টেম্বৰ: পেৰিছ অলিম্পিকত পদ জয় কৰাত ব্যৰ্থ হ’লেও দেশবাসীৰ অন্তৰ জয় কৰিছিল ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটে ৷ শেহতীয়াকৈ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে তাৰকা মল্লযুঁজাৰু বিনেশ ফোগাটে । ২০২৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ঠিক আগতেই কংগ্ৰেছ দলত যোগদান কৰি এতিয়া জুলানা আসনৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিনেশে । তাৰ মাজতে জ্যেষ্ঠ সাংবাদিক অজিত অঞ্জুমৰ সৈতে তেওঁৰ ইউ টিউব চেনেলত সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত বিনেশে ২০২৪ চনৰ পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা হোৱাৰ সন্দৰ্ভত এটা ডাঙৰ বক্তব্য আগবঢ়াইছে ।

অলিম্পিকত ৰাজনীতিৰ বলি হৈছিল নেকি বিনেশ

স্মৰ্তব্য যে ফোগাটে দৰ্শনীয় প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকৰ মল্লযুদ্ধ প্ৰতিস্পৰ্ধাৰ মহিলা ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল । ইয়াৰ লগে লগে তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয় । ফাইনেলৰ পূৰ্বে তেওঁৰ ওজন নিৰ্ধাৰিত ওজনৰ তুলনাত ১০০ গ্ৰাম বেছি হোৱা বুলি ধৰা পৰিছিল আৰু তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ফাইনেলৰ আগৰাতি বিনেশৰ ওজন নিৰ্ধাৰিত ওজনতকৈ ২ কিলোগ্ৰামতকৈও অধিক বৃদ্ধি পাইছিল, যাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈগৰাকীয়ে গোটেই ৰাতি কঠোৰ পৰিশ্ৰম কৰি এই অতিৰিক্ত ওজন কমাবলৈ চেষ্টা চলায় ৷ কিন্তু সেয়া কৰিবলৈ গৈ শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত বিনেশৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক: বিনেশ ফোগাটৰ ওপৰত ডাঙৰ আপডেট দিলে পিটি উষাই : ক’লে- তেওঁ শাৰীৰিক আৰু মানসিকভাৱে... - Paris Olympics 2024

পৰৱৰ্তী সময়ত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা বিনেশক লগ কৰিবলৈ চিকিৎসালয়লৈ আহিছিল । এতিয়া পি টি উষাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিনেশে। শেহতীয়াকৈ সাক্ষাৎকাৰটোত মল্লযুঁজাৰুগৰাকীয়ে কয়, "৫০ কেজি ফাইনেলৰ দিনা ওজন জোখাৰ পিছত মোক হস্পিতালত ভৰ্তি কৰোৱা হৈছিল, তাৰ পিছত পি টি উষাই মোক লগ কৰিবলৈ আহিছিল যদিও মই তেওঁৰ পৰা কোনো সহায় নাপালো ।" ৩০ বছৰীয়া বিনেশে কয় যে ৰাজনীতিৰ লগত জড়িত হোৱাৰ বাবে তেওঁ এতিয়া আৰু মল্লযুঁজৰ ক্ষেত্ৰত আগুৱাই যাব নোৱাৰিব ।

পি টি ঊষাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিনেশ ফোগাটৰ

"মই নাজানো তাত (পেৰিছ) কি সমৰ্থন পালো । পি টি উষা মেডামে মোক হাস্পতালত লগ পালে । এখন ফটো ক্লিক কৰা হ’ল । ৰাজনীতিত বন্ধ দুৱাৰৰ আঁৰত বহু কথাই ঘটে । একেদৰে তাতো (পেৰিছত) ৰাজনীতি ঘটিছিল । সেইবাবেই মোৰ হৃদয়খন ভাঙি গ’ল । অন্যথা বহুতে কৈছে 'মল্লযুঁজ এৰি নাযাব' । মই ইয়াক আগবঢ়াই নিব লাগে । সকলোতে ৰাজনীতি ।"

লগতে পঢ়ক: বিনেশ ফোগাটৰ অযোগ্যতা বিষয়ত চিকিৎসা দলক সমৰ্থন পি টি ঊষাৰ - Paris Olympics 2024

পি টি ঊষাৰ বিষয়ে আৰু ক’বলৈ গৈ বিনেশ ফোগাটে কয়, "আপুনি চিকিৎসালয়ৰ বিচনাত আছে, য’ত আপুনি নাজানে যে বাহিৰৰ জীৱনত কি হৈ আছে, আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ বেয়া পৰ্যায়টো পাৰ কৰিছে । সেই ঠাইত কেৱল সকলোকে দেখুৱাবলৈ যে আপুনি মোৰ লগত থিয় দিছে, আপুনি মোক নোকোৱাকৈয়ে এখন ছবি ক্লিক কৰিলে আৰু তাৰ পিছত ছ’চিয়েল মিডিয়াত দাঙি ধৰিলে যে আপুনি মোৰ লগত থিয় দিছে । তেনেকৈ কাকো সমৰ্থন নেদেখুৱায় ।"

অযোগ্য বিবেচিত হোৱাৰ পিছত বিনেশ ফোগাটে তেওঁক ৰূপৰ পদক দিবলৈ Court of Arbitration for Sport ত আবেদন জনাইছিল । যিটো নাকচ কৰা হৈছিল । এই সাক্ষাৎকাৰত তেওঁ কয় যে ৰাজনীতিত বহু কথাই চলি থাকে । ভিতৰি ভিতৰি বহু ঘটনাই ঘটে, অলিম্পিকৰ পৰা আঁতৰাই নিব পৰা মানুহ । যিকোনো কাম কৰিব পাৰে । ইয়াৰ বাহিৰে মই আন একো ক’ব নোখোজো, জনসাধাৰণে সকলো বুজি পায় ।

লগতে পঢ়ক: দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

ওজন হ্ৰাসৰ সময়ত আছিল মৃত্যুৰ সম্ভাৱনা: বিনেশৰ প্ৰশিক্ষক ৱ’লাৰ আকোছ - COACH WOLLER AKOS ON VINESH PHOGAT

ৰূপৰ পদক নাপাব বিনেশ ফোগাটে: পদকৰ আবেদন নাকচ কৰিলে চি এ এছে - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.