ETV Bharat / sports

কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিক তুলা-ধূনা বিনেশ-পুনিয়াৰ: ক’লে যুঁজ এতিয়াও শেষ হোৱা নাই - VINESH AND PUNIA CRITICIZE CONGRESS

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 5:56 PM IST

Vinesh and Bajrang statement after joining Congress: শুকুৰবাৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ৷ দলটোত যোগদান কৰাৰ পাছতে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দুয়োগৰাকী মল্লযোদ্ধা ৷

VINESH AND PUNIA CRITICIZE CONGRESS
বিনেশ ফোগাট আৰু বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: অলিম্পিয়ান মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই শুকুৰবাৰে আনুষ্ঠানিকভাৱে নতুন দিল্লীত যোগদান কৰে কংগ্ৰেছ দলত ৷ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত সাধাৰণ সম্পাদক কে চি বেণুগোপালে আনুষ্ঠানিকভাৱে দলৰ পতাকা পৰিধান কৰোৱাই দুয়োগৰাকী মল্লযোদ্ধাক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰে ।

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ পিছত দুয়োগৰাকী মল্লযোদ্ধাই বিজেপিক লক্ষ্য কৰি তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰে ।

যুদ্ধ অব্যাহত থাকিব, এতিয়াও শেষ হোৱা নাই আমাৰ যুদ্ধ: বিনেশ ফোগাট

কংগ্ৰেছত যোগদান কৰাৰ পিছত বিনেশ ফোগাটে কয়, "মই সকলো দেশবাসীক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাব বিচাৰো । কেৱল বেয়া সময়তহে আপুনি জানে যে আপোনাৰ নিজৰ কোন । যেতিয়া আমাক ৰাজপথৰে টানি নিয়া হৈছিল, বিজেপিৰ বাহিৰে দেশৰ সকলো দল আমাৰ সৈতে আছিল"।

ইয়াৰ লগতে মল্লযোদ্ধাগৰাকীয়ে কয়, "যুঁজ এতিয়াও শেষ হোৱা নাই । সেয়া এতিয়া আদালতত আছে । আমি সেই যুদ্ধও জিকিম... আজি আমি লাভ কৰা নতুন মঞ্চৰ জৰিয়তে আমি দেশৰ সেৱা কৰিবলৈ কাম কৰিম । আমি যি ধৰণে আমাৰ খেল হৃদয়েৰে খেলিছো, একেদৰে আমি আমাৰ লোকসকলৰ বাবে কাম কৰিম । মই মোৰ ভগ্নীসকলক ক'ব বিচাৰো যে মই তেওঁলোকৰ সৈতে আছো । যদি আপোনাৰ বাবে কোনো নাথাকে, মই তাত থাকিম, কংগ্ৰেছ দল তাত থাকিব । মই এইটো অনুভৱ কৰিছো আৰু মই আপোনাক আশ্বাস দিব পাৰো যে, আমি নিশ্চিতভাৱে তাত থাকিম" ৷

বিজেপিৰ আই টি কোষক লক্ষ্য পুনিয়াৰ

একে সময়তে বজৰং পুনিয়ায়ো বিজেপিক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে । "বিজেপিৰ তথ্য প্ৰযুক্তি(আই টি) কোষৰ উদ্দেশ্য কেৱল ৰাজনীতি কৰা"- পুনিয়াই কয় । "যন্তৰ-মন্তৰত যি ঘটিছিল, তাৰ আঁৰত ভাৰতীয় জনতা পাৰ্টী আছিল । আমি মাটিৰ মানুহ হৈ সকলোৰে বাবে কাম কৰিম । বিজেপিৰ তথ্য প্ৰযুক্তি কোষে 2024 চনৰ পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষিত বিনেশ ফোগাটৰ খবৰ উদযাপন কৰিছিল" ৷

লগতে পঢ়ক: ৰিং-প্ৰতিবাদত বিফল বিনেশৰ ভৰসাৰ থলী হৈ পৰিল হাত: বজৰং পুনিয়াৰ সৈতে আৰম্ভ নতুন ইনিংছ - VINESH AND PUNIA JOIN CONGRESS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.