ETV Bharat / sports

13 বছৰ‌ৰ অনুৰ্ধ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি - BADMINTON TOURNAMENT IN DIBRUGARH

Badminton Competition 2024: ডিব্ৰুগড়ৰ মাল্টিপাৰপ’জ ইন্দোৰ‌ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ ৰাজস্থানৰ চাটাভিক আগৰৱালা আৰু অসমৰ বেদাগ্নি গগৈৰ খিতাপ জয় ৷

Badminton Tournament in dibrugarh
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Oct 31, 2024, 11:59 AM IST

স্প’ৰ্টছ ডেস্ক: ডিব্ৰুগড়ত 25 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ অনুষ্ঠিত হয় 13 বছৰৰ অনুৰ্ধ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা । ডিব্ৰুগড়ত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা ।

দেশৰ 26 খন ৰাজ্যৰ কেইবা শতাধিক প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 25 আৰু 26 অক্টোবৰত প্ৰতিযোগিতাৰ যোগ্যতা ৰাউণ্ডসমূহৰ লগতে মূল প্ৰতিযোগিতা অনুষ্ঠিত হয় 27 অক্টোবৰৰ‌‌ পৰা‌‌ 30 অক্টোবৰলৈকে ৷

বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি (ETV Bharat Assam)

ভাৰতীয় বেডমিণ্টন সংস্থাৰ সৌজন্যত‌ তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ আতিথ্যত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে যথেষ্ঠ উৎসাহিত পৰিলক্ষিত হয় ।

বুধবাৰে সন্ধিয়া অনুষ্ঠিত ফাইনেল খেলত 13 বছৰ অনুৰ্ধৰ ল’ৰাৰ একক শাখাত চাটাভিক আগৰৱালাই (ৰাজস্থান), অনিকেশ দত্ত (অসম)ক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷

13 বছৰ অনুৰ্ধৰ ছোৱালী একক শাখাত অসমৰ বেদাগ্নি গগৈয়ে উত্তৰাখণ্ডৰ অভ্নি মাখলগাক পোনপটীয়া ছেটত পৰাস্ত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰে । ছোৱালীৰ ডাবলছত কৰ্ণাটকৰ হামছা মুৰালীধৰ আৰু মিহিথা সুৰাছেট্টীৰ যুটীয়ে কিমকিম খংচাই (নাগালেণ্ড) আৰু অন্যা প্ৰদাটুৰ (তেলেংগানা) যুটীক পৰাস্ত কৰি চেম্পিয়ন হয় ।

খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সভাপতি কামাখ্যা শইকীয়া, সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই খেলুৱৈসকলক বঁটা প্ৰদান কৰে ।

প্ৰতিযোগিতাখনক লৈ উদযাপন সমিতিৰ সভাপতি ঋতুপৰ্ণ বৰুৱাই কয়, "দেশৰ 26 খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতা অতি সুন্দৰভাৱে অনুষ্ঠিত হ'ল । ভাৰতবৰ্ষৰ 26 খন ৰাজ্যৰ নতুন প্ৰজন্মৰ বেডমিণ্টন খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিলে । এই প্ৰতিযোগিতাত অসমৰো বহু প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰা আমি দেখিবলৈ পালো । ইয়াৰ পৰা নিশ্চিত হৈছো যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বহু প্ৰতিভাৱান খেলুৱৈ সৃষ্টি হ'ব । ডিব্ৰুগড়ৰ দৰে ঐতিহাসিক চহৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ পাই আমি আনন্দিত । প্ৰথম অৱস্থাত ডিব্ৰুগড়ত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ আমি চিন্তিত হৈছিলো যদিও সকলোৰে সহযোগিতাত প্ৰতিযোগিতাখন সফলতাৰে সমাপ্ত কৰিবলৈ সক্ষম হ'লো" ।

লগতে পঢ়ক: ৰাজ্যিক ফেন্সিং চেম্পিয়নশ্বিপত গুৱাহাটীৰ শ্ৰেষ্ঠত্ব অৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.