ETV Bharat / sports

বতৰে বিঘিনি মাতিব পাৰে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত : খেল বাতিল হ’লে কোন কোন যাব ফাইনেললৈ ? - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:11 PM IST

T20 World Cup semifinals: টি-২০ বিশ্বকাপ ২০২৪ ৰ দুয়োখন ছেমি ফাইনেলতে বৰষুণৰ ভাবুকি আহি পৰিছে ৷ গতিকে খেলৰ পৰিস্থিতি, ৰিজাৰ্ভ ডে’ৰ উপলব্ধতা আৰু খেলবোৰ একেবাৰে বাতিল হ’লে কোনে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব ? এই বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

T20 World Cup
T20 World Cup 2024 (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ২৬ জুন: ৫২খন দৰ্শনীয় মেচৰ অন্তত টি-২০ বিশ্বকাপ ২০২৪ নকআউট পৰ্যায়ত উপনীত হৈছে, য’ত বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকা আৰু ভাৰতে ক্ৰমে আফগানিস্তান আৰু ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব ।

প্ৰথমখন ছেমি ফাইনেল (দক্ষিণ আফ্ৰিকা বনাম আফগানিস্তান) অনুষ্ঠিত হ’বলগীয়া ট্ৰিনিদাদত বৰষুণে প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷ গুয়েনাত দ্বিতীয়খন খেলৰ বাবেও বতৰৰ বতৰা যথেষ্ট বেয়া, য’ত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে ২০২২ চনৰ বিশ্বকাপ ছেমি ফাইনেলত পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ বিচাৰিব ।

একুৱেডাৰৰ মতে, বৃহস্পতিবাৰে (২৭ জুন) দ্বীপটোত বজ্ৰপাতৰ লগতে বৰষুণ হ’ব, অৰ্থাৎ মেচখনৰ আনন্দত সম্ভৱতঃ চেঁচাপানী পৰিব ।

লগতে পঢ়ক: প্ৰতিশোধৰ ছেমিত ইংলেণ্ডৰ বিৰুদ্ধে সাজু অপৰাজেয় ভাৰত - T20 World Cup 2024

মেচ বাতিলৰ ​​ক্ষেত্ৰত কোনে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব ?

যদিহে মেচখন নহয়, তেন্তে ছুপাৰ-৮ পৰ্যায়ৰ শীৰ্ষ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব । গতিকে যদি দক্ষিণ আফ্ৰিকা-আফগানিস্তানৰ প্ৰথমখন ছেমি ফাইনেল বাতিল হয়, তেন্তে প্ৰথম দলটো আগবাঢ়ি যাব আৰু যদি ভাৰত-ইংলেণ্ডৰ মেচখন বাতিল হয় তেন্তে, ফাইনেলত ভাৰত প্ৰটিয়াছৰ মুখামুখি হ’ব ।

লগতে পঢ়ক: 27 জুনত বহু প্ৰত্যাশিত টি 20 বিশ্বকাপৰ ছেমি ফাইনেল : আম্পায়াৰৰ নাম ঘোষণা - T20 World Cup 2024

ছেমি ফাইনেলৰ বাবে ৰিজাৰ্ভ ডে’ আছে নেকি ?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰথমখন ছেমি ফাইনেলৰ বাবে ৰিজাৰ্ভ ডে’ ঘোষণা কৰিছে যদিও দ্বিতীয়খন ছেমি ফাইনেলৰ বাবে তেনে ঘোষণা কৰা নাই ৷ যাৰ ফলত পৰিষদৰ বিৰুদ্ধে পক্ষপাতৰ কিছু অভিযোগ উত্থাপন হৈছে । প্ৰথমখন ছেমি ফাইনেলত দিনটোৰ খেলৰ শেষত অতিৰিক্ত ৬০ মিনিট আৰু ৰিজাৰ্ভ ডে’ত ১৯০ মিনিট সময় থাকিব ।

যদি নিৰ্ধাৰিত দিনটোত প্ৰথমখন ছেমি ফাইনেল বৰষুণৰ বাবে বাতিল হয় তেন্তে পিচদিনা অৰ্থাৎ ফাইনেলৰ এদিন আগতে খেলোৱা হ’ব । যদি অভাৰ হ্ৰাস কৰাৰ পিচতো নিৰ্ধাৰিত দিনটোত মেচখন সম্পূৰ্ণ নহয়, তেতিয়াহে এই নিয়ম প্ৰযোজ্য হ’ব ।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ : অধিনায়কোচিত ইনিংছ উপহাৰ ৰোহিতৰ - T20 World Cup 2024

অৱশ্যে ৰোহিত শৰ্মাৰ দল আৰু ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া আনখন ছেমি ফাইনেলত ৰিজাৰ্ভ ডে’ নাথাকে ৷ উল্লেখ্য যে বাফাৰ বা অতিৰিক্ত সময় নিৰ্ধাৰণ কৰা হৈছে । স্থানীয় সময় অনুসৰি পুৱা ১০:৩০ বজাত ( ভাৰতীয় সময় মতে ৮ বজাত) খেলখন আৰম্ভ হোৱাৰ কথা আৰু আইচিচিয়ে মেচখনৰ বাবে আৰু ২৫০ মিনিট সময় আবণ্টন দিছে । গুয়ানা আৰু বাৰ্বাডোছৰ মাজত ভ্ৰমণৰ সময়ক দ্বিতীয় ছেমি ফাইনেলৰ বাবে সংৰক্ষিত দিন নথকাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে ।

উল্লেখযোগ্য যে আইচিচিয়ে পূৰ্বতে সিদ্ধান্ত লৈছে যে যদি ভাৰতে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে তেন্তে দ্বিতীয়খন ছেমি ফাইনেল খেলিব আৰু যদি ৱাছ আউট হয় তেন্তে সেয়া তেওঁলোকৰ লাভৰ বাবে হ’ব । কিন্তু মন কৰিবলগীয়া যে ভাৰতে দ্বিতীয় স্থান লাভ কৰিলে তেওঁলোকৰ ছেমি ফাইনেলত ৱাছআউটে তেওঁলোকক নক আউট কৰিলেহেঁতেন, আৰু আইচিচিয়ে ছেমি ফাইনেলৰ স্থান আৰু সময় আগতীয়াকৈ আবণ্টন দিয়াৰ নজিৰ আছে ।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.