ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৪ : গ্ৰুপ ২ত ছেমি ফাইনেল স্পটৰ বাবে ৰোমাঞ্চকৰ তিনিকোণীয়া যুঁজ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 5:43 PM IST

T20 WORLD CUP SEMI Final : T-20 বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেল ওচৰ চাপি অহাৰ লগে লগে ছুপাৰ এইট পৰ্যায়ৰ গ্ৰুপ ২ অতি আকৰ্ষণীয় হৈ পৰিছে, য’ত দুখন মেচ বাকী আছে। ছেমি ফাইনেলৰ দৌৰ ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিমুখীয়া উত্তেজনাপূৰ্ণ সংঘৰ্ষলৈ পৰিণত হৈছে। সম্পূৰ্ণ খবৰ পঢ়ক...

T20 WORLD CUP SEMI Final
T-20 বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেল (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 22 জুন : T-২০ বিশ্বকাপ 2024ৰ ছুপাৰ-8ৰ মেচসমূহ অনুষ্ঠিত হৈ আছে আৰু বৰ্তমান গ্ৰুপ 2ত মাত্ৰ দুখন খেল বাকী আছে ৷ এই গ্ৰুপত ছেমি ফাইনেলৰ দৌৰ ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিমুখীয়া সংঘৰ্ষলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে আমেৰিকা এতিয়াও এই দৌৰত আছে যদিও প্ৰতিযোগিতাত থাকিবলৈ কঠিন যুঁজৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ লগতে নৱাগত দলটোৱে ছেমি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ আন দলৰ পৰাজয়ৰ বাবেও প্ৰাৰ্থনা কৰিব লাগিব ৷

আগন্তুক মেচসমূহৰ ওপৰত ভিত্তি কৰি পৰিস্থিতিসমূহ এনেধৰণৰ- ইংলেণ্ড বনাম আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ অন্তিম দুখন মেচ এই গ্ৰুপৰ পৰাই অনুষ্ঠিত হ’ব ৷ আগন্তুক এই মেচসমূহৰ ওপৰত ভিত্তি কৰি দৃশ্যপটসমূহ তলত দিয়া ধৰণৰ-

ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ জয় :

ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ জয়ৰ লগে লগে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা তিনিটা দলে চাৰিটাকৈ পইণ্টত সমতা স্থাপন কৰিব ৷ এনে পৰিস্থিতিত নেট ৰান ৰেটৰ ভিত্তিত শীৰ্ষ 2টা দলৰ সিদ্ধান্ত লোৱা হ’ব ৷ শেহতীয়াকৈ আমেৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ কথা বিবেচনা কৰিলে তেওঁলোকৰ নেট ৰান ৰেটৰ উন্নতিৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অধিক ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যদি ৱেষ্ট ইণ্ডিজে জয়লাভ কৰে তেন্তে ইংলেণ্ড-আমেৰিকাৰ ফলাফল যিয়েই নহওক কিয়, যোগ্যতা অৰ্জন কৰিব ৷ অৱশ্যে ইংলেণ্ডৰ অৰ্হতা নিৰ্ভৰ কৰিব নেট ৰান ৰেটৰ ওপৰত ৷

দক্ষিণ আফ্ৰিকাৰ নেট ৰানৰ হাৰ অতিক্ৰম কৰিবলৈ হ’লে তেওঁলোকৰ জয় আৰু দক্ষিণ আফ্ৰিকাৰ পৰাজয়ৰ মাজত মুঠ পাৰ্থক্য কমেও 10 ৰান হ’ব লাগিব, যিটো প্ৰথম ইনিংছৰ মুঠ 160 ৰানৰ স্ক’ৰৰ ওপৰত ভিত্তি কৰি ৷ উদাহৰণস্বৰূপে ইংলেণ্ডে 10 ৰানত জয়লাভ কৰিলে দক্ষিণ আফ্ৰিকা ছুপাৰ অভাৰত পৰাস্ত হ’লেও আগবাঢ়িব ৷ যদিহে জয়ৰ ব্যৱধান 10 ৰানৰ কম হয় তেন্তে দক্ষিণ আফ্ৰিকাই নেট ৰাণ ৰেটত আগবাঢ়ি আহি দ্বিতীয়খন ছেমি ফাইনেলত প্ৰৱেশ কৰিব ৷

লগতে পঢ়ক : আমেৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়; নায়কৰ ৰূপত ৰ'ষ্টন চেজ - T20 World Cup 2024

আমেৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ জয়:

দক্ষিণ আফ্ৰিকাই 6 পইণ্টেৰে শীৰ্ষস্থান দখল কৰাৰ ফলত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই দুটাকৈ পইণ্ট লাভ কৰি আবদ্ধ হৈ থাকিব ৷ এই পৰিস্থিতিত ইংলেণ্ডৰ সম্ভাৱনা নিৰ্ভৰ কৰে তেওঁলোকৰ পৰাজয়ৰ ব্যৱধান হ্ৰাস কৰাৰ ওপৰত ৷ যদিহে ইংলেণ্ডে 160 ৰান খেদি ছুপাৰ অভাৰত পৰাস্ত হয়, তেন্তে ৱেষ্ট ইণ্ডিজে নেট ৰান ৰেটত ইংলেণ্ডৰ তললৈ নামিবলৈ কমেও 43 ৰানত পৰাস্ত হ’ব লাগিব ৷

ইংলেণ্ডৰ পৰাজয়ৰ ব্যৱধান বেছি হ’লে ৱেষ্ট ইণ্ডিজে অধিক সুযোগ পাব, যাৰ ফলত দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজে ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰে ৷ দুৰ্বল নেট ৰান ৰেটৰ বোজাৰ বাবে আমেৰিকাই বহু প্ৰচেষ্টা চলাব লাগিব ৷ ইংলেণ্ডক কমেও 56 ৰানত পৰাস্ত কৰিব লাগিব আৰু আশা জীয়াই ৰাখিবলৈ ৱেষ্ট ইণ্ডিজ 91 ৰান বা তাতকৈ অধিক ৰানত পৰাস্ত হোৱাৰ আশা কৰিব লাগিব ৷

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ জয় :

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ জয়ৰ অৰ্থ হ'ব দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজে চাৰিটা পইণ্টকৈ আগবাঢ়ি যোৱাৰ বিপৰীতে ইংলেণ্ড আৰু আমেৰিকাৰ দুটাকৈ পইণ্ট থাকিব, যাৰ ফলত তেওঁলোকৰ ছেমি ফাইনেলৰ উচ্চাকাংক্ষাৰ অন্ত পৰিব ৷

ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ জয় :

এই হেড টু হেড পৰিস্থিতিত দক্ষিণ আফ্ৰিকাই 6 পইণ্টেৰে গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিব আৰু ইংলেণ্ডে 4 পইণ্টেৰে দ্বিতীয় ছেমি ফাইনেলৰ স্থানত প্ৰৱেশ কৰি ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাক বাহিৰ কৰি দিব ৷

লগতে পঢ়ক : আজি ছুপাৰ-৮ ত ভাৰত বনাম বাংলাদেশ; মেচৰ এক পূৰ্বলোকন - T20 Cricket World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.