ETV Bharat / sports

আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ কঠোৰ অনুশীলন - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 3:19 PM IST

T20 WC India vs Ireland : চলিত টি-২০ বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচৰ বাবে ভাৰতীয় খেলুৱৈসকল সাজু হৈছে । অধিনায়ক ৰোহিত শৰ্মা, তাৰকা বেটছমেন বিৰাট কোহলীকে ধৰি সকলো খেলুৱৈয়ে মেচখনৰ এদিন পূৰ্বে কঠোৰ অনুশীলন কৰে ।

T20 WC India vs Ireland
ভাৰতীয় দলৰ অনুশীলন (ANI Photo)

স্পৰ্টছ ডেস্ক, ৪ জুন : চলিত টি-২০ বিশ্বকাপত ভাৰতে প্ৰথমখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । এই মেচখন বুধবাৰে সন্ধিয়া ৮ বজাৰ পৰা নিউয়ৰ্কৰ নাচাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ভাৰতীয় দলটোৱে এই মেগা ইভেণ্টত জয়েৰে তেওঁলোকৰ অভিযান আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । মেচখনৰ এদিন পূৰ্বে ভাৰতীয় দলটোৱে মঙলবাৰে অনুশীলন কৰে । ভাৰতীয় দলটোৱে খেলপথাৰত কঠোৰ অনুশীলন কৰে ।

যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু হাৰ্দিক পাণ্ডিয়াই নেটত যথেষ্ট বলিং কৰে । আনহাতে, সূৰ্যকুমাৰে ডাঙৰ শ্বট খেলাৰ বাবে অনুশীলন কৰে । যশস্বী জয়ছোৱালৰ সৈতে ৰিংকু সিঙেও অনুশীলনত যথেষ্ট বেটিং কৰে ।

উল্লেখ্য, টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়েও মেচখনৰ পূৰ্বে তীব্ৰ অনুশীলন কৰে । বিৰাটে নেটত যশপ্ৰীত বুমৰাহৰ বলৰ সন্মুখীন হয় । এই সময়ত তেওঁক ক'ভাৰ ড্ৰাইভ আৰু কাট কৰাৰ অনুশীলন কৰা দেখা যায় । আনহাতে, কোহলীক যুজবেন্দ্ৰ চাহালৰ বলৰ সন্মুখীন হোৱা দেখা গৈছে । ইফালে ৱাৰ্ম-আপ মেচত এটা সুন্দৰ অৰ্ধশতক অৰ্জন কৰা ঋষভ পণ্টেও ডাঙৰ শ্বট খেলাৰ অনুশীলন কৰে । উল্লেখ্য, দীৰ্ঘদিনৰ বিৰতিৰ মূৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি অহা পণ্টৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

টি-২০ মেচ জয়লাভত ভাল ফিল্ডিঙেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এনে পৰিস্থিতিত ভাৰতীয় খেলুৱৈসকলেও আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচখনৰ পূৰ্বে উচ্চ কেচ ধৰাৰ অনুশীলন কৰে । পণ্টে উইকেটৰ পিছফালে ষ্টাম্পিং আৰু কেচ ধৰাৰ অনুশীলন কৰে ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ হ'ব ভাৰতীয় দলৰ সৈতে দ্ৰাবিড়ৰ অন্তিম অভিযান - Indian Cricket Team Head Coach

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.