ETV Bharat / sports

ট্ৰফী লৈ বাৰ্বাডোছৰ খেলপথাৰত ৰোহিত শৰ্মা ফটোশ্বুট; ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে পোষ্ট - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jul 1, 2024, 12:22 PM IST

Rohit Sharma Sleeping With Trophy : ২০২৪ ৰ টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল ভাৰত ৷ টীম ইণ্ডিয়াৰ এই জয় সমগ্ৰ দেশে উদযাপন কৰিছে । এই মেচৰ পাচতে বাৰ্বাডোছৰ খেলপথাৰত ৰোহিত শৰ্মাই ফটোশ্বুট কৰে ৷

Rohit Sharma Sleeping With Trophy
ট্ৰফী লৈ বাৰ্বাডোছৰ খেলপথাৰত ৰোহিত শৰ্মা ফটোশ্বুট (IANS)

স্পৰ্টছ ডেস্ক, ১ জুলাই : এইবাৰ টি-২০ বিশ্বকাপ ২০২৪ ৰ চেম্পিয়ন হ’ল ভাৰত । এই ট্ৰফী সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই ক্ষণটোৰ বাবে সকলোৱে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ ১১ বছৰীয়া অপেক্ষাৰ অন্তত ৰোহিত শৰ্মা আৰু তেওঁৰ মেন ইন ব্লুৱে সমগ্ৰ ভাৰতকে গৌৰৱান্বিত কৰাইছে ।

এই মেচৰ পাচতে বাৰ্বাডোছৰ খেলপথাৰত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ ফটোশ্বুট কৰে । ৰোহিতে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এখন ফটো, য’ত ৰোহিতক ট্ৰফী লৈ থকা দেখা গৈছে । আই চি চিৰ সূচী অনুসৰি বাৰ্বাডোছৰ ‘বিচ’ত ফটোশ্বুট কৰা হৈছিল ।

ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়কগৰাকীয়ে পুৱাৰ ফটো শ্বেয়াৰ কৰিছিল । পুৱা সাৰ পাই ৰোহিতৰ হাতত সেই ট্ৰফী আছিল ৷ যিটো ট্ৰফীৰ বাবে বহু বছৰৰ পৰা অপেক্ষা কৰি আছিল । যিখন ফটো অনুৰাগীৰ মাজত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ শ্বেয়াৰ কৰাৰ কেইমিনিটমানৰ ভিতৰতে হাজাৰ হাজাৰ লোকে প্ৰতিক্ৰিয়াও কৰা দেখা গৈছে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকা পুৰস্কাৰ ঘোষণা বিচিচিআইৰ - T20 WC 2024

ইয়াৰ উপৰিও ৰোহিতে মাটিত শুই থকা ফটো এখনো শ্বেয়াৰ কৰিছে ৷ য’ত তেওঁ নিজৰ অনুভৱ প্ৰকাশ কৰি এটা আচৰিত টোকা লিখিছে । ৰোহিতে লিখিছে, ‘‘মোৰ বৰ্তমান কেনে অনুভৱ হৈছে এই ফটোখন তাৰে প্ৰতীক । বহুত শব্দ আছে, কিন্তু কালি মোৰ বাবে ইয়াৰ অৰ্থ কি আছিল সেই কথা প্ৰকাশ কৰিবলৈ সঠিক শব্দ বিচাৰি পোৱা নাই ৷ মই সকলো শ্বেয়াৰ কৰিম ৷ কিন্তু এতিয়া সপোন পূৰণ হোৱাৰ আনন্দ লৈ আছো ৷’’

উল্লেখ্য যে, ১১ বছৰৰ পাচত ভাৰতীয় দলটোৱে আই চি চিৰ ট্ৰফী জয় কৰাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ’ল । আকৌ টি-২০ বিশ্বকাপৰ ট্ৰফীৰ বাবে ১৭ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল । ভাৰতে শেষবাৰৰ বাবে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰিছিল ।

লগতে পঢ়ক : ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ পূৰ্বে তিৰুপতি বালাজীৰ আশিস ল’লে গৌতম গম্ভীৰে; বিশ্বজয়ী ভাৰতীয় দলক শুভেচ্ছা - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.