ETV Bharat / sports

টি 20 বিশ্বকাপ : 7 উইকেটত কানাডাৰ বিৰুদ্ধে জয় লাভ পাকিস্তানৰ - T20 World Cup 2024 - T20 WORLD CUP 2024

Pak Alive for Super 8 : টি 20 বিশ্বকাপ ক্ৰিকেটৰ মঙলবাৰে অনুষ্ঠিত এখন মেচত পাকিস্তানে কানাডাক ৭ উইকেটত পৰাস্ত কৰে । দ্ৰুত বলাৰ মহম্মদ আমিৰক প্লেয়াৰ অৱ দ্য মেচ হিচাপে বিবেচিত কৰা হয় ।

T20 WORLD CUP 2024
কানাডাৰ বিৰুদ্ধে জয় লাভ পাকিস্তানৰ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:42 AM IST

স্প’ৰ্টছ ডেস্ক, 12 জুন : টি 20 বিশ্বকাপৰ লীগ পৰ্যায়ৰ 22 সংখ্যক মেচখন পাকিস্তান-কানাডাৰ মাজত মঙলবাৰে অনুষ্ঠিত হয় ৷ এই মেচত পাকিস্তানে কানাডাক 7 উইকেটৰ বিনিময়ত পৰাস্ত কৰে ৷ এই জয়ে পাকিস্তানৰ দলটোক চুপাৰ 8 ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আশা সজীৱ কৰি ৰাখিছে ৷

টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি কানাডাই 20 অভাৰত সংগ্ৰহ কৰে 106 ৰাণ ৷ প্ৰত্যুত্তৰত পাকিস্তানে 17.3 অভাৰত 3 টা উইকেটৰ বিনিময়ত নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷

লগতে পঢ়ক: বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বিজয় - ICC T20 World Cup 2024

কানাডাৰ হৈ এৰন জনছনে অৰ্জন কৰে অৰ্ধশতক । জনছনে 44 টা বলত 4 টা ছয় আৰু 4 টা চাৰিৰে সংগ্ৰহ কৰে 52 ৰাণ । জনছনে এই ইনিংছক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ বুলি স্বীকৃতি দিয়ে ৷ দলটোৰ বাকী কোনো এজন খেলুৱৈয়ে 10 ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে । নৱনীত ধালিৱাল 4, পৰগত সিং 2, কেপ্টেইন চাদ বিন জাফৰ 10 আৰু কলিম ছানাই দলটোৰ হৈ সংগ্ৰহ কৰে 13 ৰাণ । একে সময়তে ডিলন হেলিগাৰে 14 টা বলত 13 ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, পাকিস্তানৰ হৈ মহম্মদ আমিৰ আৰু হাৰিছ ৰউফে 2-2 টাকৈ উইকেট দখল কৰে । শ্বাহিন শ্বাহ আফ্ৰিদী আৰু নাছিম শ্বাহেও লাভ কৰে এটাকৈ উইকেট ৷ ইয়াৰ বিপৰীতে উইকেট লাভত ব্যৰ্থ হয় অলৰাউণ্ডাৰ ইমাদ ৱাছিম ৷

লগতে পঢ়ক: ভাৰত জয়ী হোৱা নাই...পাকিস্তান হাৰিছে মাত্ৰ: প্ৰাক্তন পাক অধিনায়ক মুস্তাক মহম্মদ - T20 World Cup 2024

কানাডাই প্ৰথমে বেট ধৰি বান্ধি দিয়া 107 ৰাণৰ লক্ষ্যৰে ক্ৰিজত নমা পাকিস্তানে 20 ৰাণত প্ৰথমটো উইকেট হেৰুৱায় ৷ দলটোৰ অপেনাৰ ছেম আয়ুবে 12 টা বলত 6 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে ৷ ইয়াৰ পিছত মহম্মদ ৰিজৱানে 100 ৰ ষ্ট্ৰাইক ৰেটত 53 টা বলত সংগ্ৰহ কৰে 53 ৰাণ ৷ পাকিস্তানৰ অধিনায়ক বাবৰ আজমেও 33 টা বলত 33 ৰাণ সংগ্ৰহ কৰি দলটোক এক শক্তিশালী স্থিতিত উপনীত কৰোৱায় । ফখৰ জামানে 4 আৰু উছমান খানে 2 ৰাণ সংগ্ৰহ কৰে ।

এই জয়ে পাকিস্তানৰ দলটোৰ বাবে চুপাৰ ৮ ত প্ৰৱেশৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে ৷ অৱশ্যে ইয়াৰ বাবে পাকিস্তানে পৰৱৰ্তী মেচখনত জয়ী হোৱাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ দুয়োখন মেচতে বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰিব লাগিব ৷

লগতে পঢ়ক: সামাজিক মাধ্যমত ভাইৰেল শচীন আৰু যশস্বীৰ অন্তৰংগ মুহূৰ্ত - ICC T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.