স্পৰ্টছ ডেস্ক, ১৭ জুন : প্ৰাক্তন চেম্পিয়ন পাকিস্তানে দেওবাৰে টি-২০ বিশ্বকাপৰ অন্তিম গ্ৰুপ পৰ্যায়ৰ খেলখনত আয়াৰলেণ্ডক ৩ উইকেটত পৰাস্ত কৰে । অৱশ্যে এই বিজয়ৰ লগে লগে পাকিস্তানে প্ৰতিযোগিতাখনৰ পৰা বিদায় লয় । পাকিস্তান আৰু আয়াৰলেণ্ড ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । আনহাতে ভাৰত আৰু আমেৰিকা গ্ৰুপ Aৰ পৰা চুপাৰ-৮ ত প্ৰৱেশ কৰিছে ।
খেলখনত বাওঁহাতৰ পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদী আৰু মহম্মদ আমিৰে নতুন বলেৰে আক্ৰমণ কৰে । যাৰ ফলত পাকিস্তানে আয়াৰলেণ্ডক ৯ উইকেটত ১০৬ ৰাণতে বান্ধি ৰাখে । অন্তিম খেলখনত শ্বাহিনে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু ২২ ৰাণ দি ৩ টা উইকেট দখল কৰে । আনহাতে আমিৰেও ১১ ৰাণত দুটা উইকেট দখল কৰে ।
একেদৰে ইমাদ ৱাছিমে (৩/৮) সুন্দৰ বলিং কৰে আৰু হাৰিছ ৰৌফেও ১৭ ৰাণ দি ১ টা উইকেট দখল কৰে । আনহাতে আয়াৰলেণ্ডৰ বেটছমেন গেৰেথ ডেলানিয়ে ১৯ টা বলত ৩১ ৰাণ আৰু মাৰ্ক এডায়েৰে ১৯ টা বলত ১৫ ৰাণেৰে সপ্তম উইকেটৰ বাবে ৩২ ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰে আয়াৰলেণ্ডক মেচখনত আগুৱাই লৈ যায় ।
পাকিস্তানে টাৰ্গেটৰ পিছে পিছে গৈ ৯.৩ অভাৰত ৫৭ ৰাণত ৫ টা উইকেট হেৰুৱায় । তাৰ পিচত অধিনায়ক বাবৰ আজম (৩২ নট আউট) আৰু আফ্ৰিদী (১৭ ৰাণ) খেলখনলৈ উভতি আহে । মহম্মদ ৰিজৱানৰ সৈতে চাইম আয়ুবে ইনিংছ আৰম্ভ কৰিবলৈ আহে যদিও দুয়োজনে ১৭-১৭ ৰাণৰ অৱদান আগবঢ়ায় আউট হয় । আয়াৰলেণ্ডৰ বলাৰসকলৰ ভিতৰত বেৰী মেককাৰ্থিয়ে ১৫ ৰাণ দি ৩ টা উইকেট দখল কৰে ।
উল্লেখ্য যে পূৰ্বৰ চেম্পিয়ন পাকিস্তানৰ চলিত টি-২০ বিশ্বকাপত প্ৰদৰ্শন অতি নিৰাশাজনক আছিল । ৪ খন মেচৰ ২ খনতে পৰাজতি হৈছে দলটো । ২ খন খেলত জয়ী হৈ ৪ পইণ্টৰ সৈতে পাকিস্তানে বিশ্বকাপৰ অভিযান সামৰে । একেদৰে আয়াৰলেণ্ডে ৪ খন মেচৰ ৩ খনত পৰাজিত হয় আৰু এখন মেচ বৰষুণৰ বাবে বাতিল হয় ।