ETV Bharat / sports

ভাৰত-ইংলেণ্ডৰ মাজৰ টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত বৰষুণৰ বিধি-পথালি - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:28 PM IST

IND vs ENG semi-final 2: ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টি-২০ বিশ্বকাপ ২০২৪ৰ দ্বিতীয়খন ছেমি ফাইনেলত বৰষুণৰ বিধি-পথালি ৷ বৰষুণৰ বাবে পলমকৈ আৰম্ভ হৈছে মেচ ৷ ইংলেণ্ডে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷

20 WORLD CUP 2024
IND vs ENG semi-final 2 (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ২৭ জুন: আজি গুয়েনাৰ প্ৰভিডেন্স ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ বিশ্বকাপ ২০২৪ৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ অনুষ্ঠিত হৈছে । বৰষুণৰ বাবে মেচখন পলমকৈ আৰম্ভ হৈছে । কিন্তু ভাল কথাটো হ’ল অভাৰ হ্ৰাস কৰা হোৱা নাই । অনুৰাগীয়ে সমগ্ৰ ২০-২০ অভাৰ মেচখন চাবলৈ পাব । টি-২০ বিশ্বকাপ ২০২২ৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে আজি খেলপথাৰলৈ আহিছে টীম ইণ্ডিয়া ।

দুয়োটা দলৰ পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে ভাৰত আৰু ইংলেণ্ডে টি-২০ বিশ্বকাপত ৪ বাৰ মুখামুখি হৈছে । এই সময়ছোৱাত দুয়োটা দলে ২-২ বাৰ জয়লাভ কৰিছে । ইফালে দুয়োটা দলে ২৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত মুখামুখি হৈছে । এই সময়ছোৱাত ভাৰতে ১২ বাৰ জয়লাভ কৰিছে আৰু ইংলেণ্ডে ১১ বাৰ জয় লাভ কৰিছে ।

দুয়োটা দলৰ এই ৰোমাঞ্চকৰ পৰিসংখ্যাই দেখুৱাইছে যে দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল । আজিও দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ খেলৰ আশা কৰা হৈছে ।

লগতে পঢ়ক: সকলোৱে নিজৰ ভূমিকা পালন কৰিব বিচাৰে; ইংলেণ্ডৰ বিৰুদ্ধে মেচৰ পূৰ্বে ৰোহিত শৰ্মা - T20 World Cup 2024

ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । ভাৰতৰ পৰা অ’পেনিং যুটি ৰোহিত শৰ্মা আৰু বিৰাট কোহলী খেলপথাৰত অ’পেনিং কৰিবলৈ আহে । ইংলেণ্ডৰ হৈ প্ৰথমটো অভাৰত বাওঁহাতৰ বেগী বলাৰ ৰিচ টপলিয়ে বল কৰে । ১ অভাৰৰ পিচত ভাৰতৰ স্ক'ৰ হয় ৬ ৰাণ ৷

ইংলেণ্ডৰ বাওঁহাতৰ বেগী বলাৰ ৰিচ টপলিয়ে তৃতীয় অভাৰৰ চতুৰ্থ বলত বিৰাট কোহলীক আউট কৰে । ব্যক্তিগত ৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় কোহলী ৷ ৩ অভাৰৰ অন্তত ভাৰতৰ স্ক'ৰ হয় ২১ ৰাণ ৷ ইংলেণ্ডৰ বাওঁহাতৰ বেগী বলাৰ ছেম কাৰানে ষষ্ঠ অভাৰৰ দ্বিতীয় বলত ঋষভ পণ্টক আউট কৰে ৷ জনী বেয়াৰষ্টোৰ হাতত কেচ দি ব্যক্তিগতভাৱে ৪ ৰান কৰি উভতিব লগীয়া হয় পন্ট ৷

লগতে পঢ়ক: আফগানিস্তানৰ স্বপ্নভংগ, টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

কিন্তু গুয়েনাত পুনৰ ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে । যাৰ বাবে মেচখন বন্ধ কৰি দিয়া হৈছে । ভাৰতে ৮ অভাৰত ২ টা উইকেট হেৰুৱাই ৬৫ ৰান সংগ্ৰহ কৰিছে । ৩৭ ৰানত অপৰাজিত হৈ আছে অধিনায়ক ৰোহিত শৰ্মা আৰু ১৩ ৰানত অপৰাজিত হৈ আছে সূৰ্যকুমাৰ যাদৱ ।

ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, আৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ ।

ইংলেণ্ড দল: ফিল ছল্ট, জোছ বাটলাৰ (অধিনায়ক/উইকেটকীপাৰ), জনী বেয়াৰষ্ট’, হেৰী ব্ৰুক, ম’ইন আলী, লিয়াম লিভিংষ্টন, ছেম কাৰাণ, ক্ৰীছ জৰ্ডান, জোফ্ৰা আৰ্চাৰ, আদিল ৰছিদ, ৰিচ টপলি ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ ভাৰতৰ পথ পৰিক্ৰমা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.