ETV Bharat / sports

আজি ছুপাৰ-৮ ত ভাৰত বনাম বাংলাদেশ; মেচৰ এক পূৰ্বলোকন - T20 Cricket World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 22, 2024, 11:34 AM IST

India vs Bangladesh Match Preview : চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰ এখন মেচ শনিবাৰে ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব । মেচখনৰ পূৰ্বে পিটচ ৰিপোৰ্টৰ লগতে দুয়োটা দলৰ মাজত এই পৰ্যন্ত জয়-পৰাজয়ৰ পৰিসংখ্যা আৰু সম্ভাৱ্য মূল একাদশ সন্দৰ্ভত এক পূৰ্বলোকন ।

India vs Bangladesh Match Preview
আজি ছুপাৰ-৮ ত ভাৰত-বাংলাদেশৰ মেচ (ANI Photo)

স্পৰ্টছ ডেস্ক, ২২ জুন : শনিবাৰে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ দ্বিতীয়খন মেচত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । ভাৰতীয় সময় মতে সন্ধিয়া ৮ বজাৰ পৰা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ'ব । মেন ইন ব্লুৰ দৃষ্টি নিবদ্ধ থাকিব এই মেচখনত জয়লাভ কৰি ছেমি ফাইনেলত উপনীত হোৱাৰ দাবী শক্তিশালী কৰা ।

প্ৰতিযোগিতাখনত এতিয়ালৈকে অজেয় ভাৰতীয় দলটো নিশ্চিতভাৱে এই মেচখনৰ ফেভাৰিট দল । অৱশ্যে বাংলাদেশকো সহজভাৱে ল'ব নোৱাৰে । কাৰণ ভাৰতীয় দলে ইতিমধ্যে বাংলাদেশৰ হাতত বৃহৎ মূল্য ভৰি থৈছে । মেচখনৰ পূৰ্বে পিটচ ৰিপোৰ্ট, দুয়োটা দলৰ পৰস্পৰৰ বিৰুদ্ধে প্ৰদৰ্শন আৰু মেচখনৰ সম্ভাৱ্য মূল একাদশৰ বিষয়ে জানো আহক ।

ভাৰত আৰু বাংলাদেশৰ মাজত টি-২০ ৰেকৰ্ডৰ কথা ক'বলৈ গ'লে, এতিয়ালৈকে দুয়োটা দলৰ মাজত মুঠ ১৩ খন মেচ অনুষ্ঠিত হৈছে । অৱশ্যে এই মেচসমূহত ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰি আহিছে । ভাৰতে ১৩ খন মেচৰ ভিতৰত ১২ খনত জয়লাভ কৰিছে । ইয়াৰ বিপৰীতে বাংলাদেশে মাত্ৰ এখন মেচ নিজৰ পক্ষলৈ নিছে ।

অৱশ্যে এই মেচখনৰ পূৰ্বতেই ভাৰতীয় দলৰ বৰ্তমানৰ শক্তি পৰ্যালোচনা কৰি বাংলাদেশৰ বাবে শক্তিশালী ভাৰতীয় দলটোক পৰাস্ত কৰাটো কঠিন হ'ব বুলি অনুমান কৰিব পাৰি । কিন্তু ক্ৰিকেট হৈছে এক অনিশ্চয়তাৰ খেল, য'ত অসম্ভৱ বুলি একো নাই ।

এণ্টিগুৱা ষ্টেডিয়ামৰ পিটচৰ আচৰণ

এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামৰ পিটচখন লেহেমীয়া হিচাপে গণ্য কৰা হয় । এই পিটচখন স্পিনাৰৰ বাবে এক আশীৰ্বাদ । বেটছমেনসকলৰ বাবে ইয়াত ৰাণ সংগ্ৰহ কৰাটো একেবাৰে সহজ নহয় । ইয়াৰ উপৰি স্পিনাৰসকলে এই পিটচৰ পৰা যথেষ্ট সহায় লাভ কৰে । এনে পৰিস্থিতিত ভাৰত আৰু বাংলাদেশৰ মাজৰ শনিবাৰৰ মেচখনত দুয়োটা দলৰ স্পিন বলাৰসকল অতি উপযোগী হিচাপে প্ৰমাণিত হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা আছে ।

ভাৰতীয় দলৰ এইসকল খেলুৱৈৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব

বাংলাদেশৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ মেচখনত ৰাণ সংগ্ৰহৰ দায়িত্ব থাকিব সুন্দৰ ফৰ্মত থকা সূৰ্যকুমাৰ যাদৱ আৰু ঋষভ পণ্টৰ ওপৰত । এই পৰ্যন্ত ভাৰতৰ শীৰ্ষ বেটিং ক্ৰম বিফল হ'লেও এই দুগৰাকী খেলুৱৈয়ে টীম ইণ্ডিয়াক বহুবাৰ সমস্যাৰ পৰা বাহিৰ উলিয়াই আনিছে । একে সময়তে বলিঙত যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙে আৰম্ভণিতে উইকেট দখলৰ বাবে চেষ্টা কৰিব লাগিব ।

আনহাতে, স্পিন সহায়ক পিটচৰ কথা মনত ৰাখি কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলৰ পৰা মধ্যৱৰ্তী অভাৰত সুন্দৰ বলিঙৰ আশা কৰা হ'ব । ভাৰতে এই মেচখনত আফগানিস্তানৰ বিৰুদ্ধে খেলা দলটোকে অপৰিৱৰ্তিত ৰাখি খেলপথাৰত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :আমি যিকোনো পৰিস্থিতিৰ পৰা ওলাই যাব পাৰো: অক্সৰ পেটেল - T20 World Cup 2024

টীম ইণ্ডিয়াৰ সবলতা আৰু দুৰ্বলতা

উল্লেখ্য যে প্ৰতিযোগিতাখনত ভাৰতীয় ক্ৰিকেট দলটোৱে খেলৰ প্ৰতিটো বিভাগতে সুন্দৰ প্ৰদৰ্শন কৰিছে । এই মুহূৰ্তত টীম ইণ্ডিয়াক যথেষ্ট সন্তুলিত দেখা গৈছে । টীম ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে শক্তিশালী বেটিং লাইন-আপ । আনকি প্ৰাৰম্ভিক উইকেট হেৰুওৱাৰ পাচতো টীম ইণ্ডিয়াই এক বৃহৎ স্ক'ৰ কৰিবলৈ সক্ষম হৈছে ।

বুমৰাহে বলিঙত নিজৰ ষ্টাইলত উজলি উঠিছে । আনহাতে, ভাৰতীয় দলৰ বাবে দুৰ্বলতা হৈছে এই পৰ্যন্ত অপেনিং যুটিত হতাশজনক আৰম্ভণি । অপেনাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই দলটোক এটা সুন্দৰ আৰম্ভণি দিয়াত ব্যৰ্থ হৈছে । আনহাতে, বাঁওহতীয়া বেটছমেন শিৱম দুবেয়েও তেওঁৰ দুৰ্বল প্ৰদৰ্শনেৰে হতাশ কৰিছে ।

বাংলাদেশৰ শক্তিশালী পক্ষ হৈছে বলিং বিভাগ

ভাৰতে বাংলাদেশক সহজভাৱে লোৱাটোৱে বিপদ মাতিব পাৰে । বাংলাদেশৰ বেগী বলাৰ তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান আৰু তানজিম চাকিবৰ যিকোনো বেটিং লাইন-আপ ধ্বংস কৰাৰ সম্ভাৱনা আছে । একে সময়তে, অলৰাউণ্ডাৰ চাকিব আল হাছানৰ বল আৰু বেট দুয়োটাৰে যিকোনো সময়তে খেলৰ গতিপথ সলনি কৰাৰ ক্ষমতা আছে ।

অৱশ্যে বাংলাদেশৰ দুৰ্বলতা হৈছে ইয়াৰ বেটিং । চলিত টি-২০ বিশ্বকাপত বাংলাদেশৰ বেটছমেনসকলে বিশেষ প্ৰভাৱ পেলাব পৰা নাই ।

দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশ

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পণ্ট (উইকেটৰক্ষক), সূৰ্যকুমাৰ যাদৱ, শিৱম দুবে, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

বাংলাদেশ : তানজিদ হাছান তামিম, লিটন দাস (উইকেটৰক্ষক), চাকিব আল হাছান, তৌহিদ হৃদয়, মাহমুদুল্লাহ, জাকেৰ আলী, ৰিশাদ হুছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, তানজিম চাকিব ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ : ইংলেণ্ডৰ বিৰুদ্ধে ৭ ৰাণত জয়লাভ দক্ষিণ আফ্ৰিকাৰ - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.