ETV Bharat / sports

ইংলেণ্ডৰ হাতত ৪১ ৰাণত পৰাস্ত হয় নামিবিয়া; হেৰী ব্ৰুকলৈ প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ - T20 World Cup 2024 - T20 WORLD CUP 2024

England Won By DLS Method : টি-২০ বিশ্বকাপৰ ৩৪ সংখ্যক মেচত ইংলেণ্ডে নামিবিয়াক ৪১ ৰাণত পৰাস্ত কৰিছে । এই মেচখনৰ পিছত হেৰী ব্ৰুকক তেওঁৰ প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয় ।

England Won By DLS Method
ইংলেণ্ডৰ হাতত ৪১ ৰাণত পৰাস্ত হয় নামিবিয়া (Etv Bharat)
author img

By ETV Bharat Sports Team

Published : Jun 16, 2024, 7:41 AM IST

স্পৰ্টছ ডেস্ক, ১৬ জুন : শনিবাৰে ইংলেণ্ড আৰু নামিবিয়াৰ মাজত অনুষ্ঠিত হয় টি-২০ বিশ্বকাপ ২০২৪ ৰ ৩৪ সংখ্যক মেচ । এই খেলখনত ইংলেণ্ডে ৪১ ৰাণত পৰাস্ত কৰে নামিবিয়াক । টছত পৰাস্ত হোৱাৰ পাচত ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি ১০ অভাৰত ৫ উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰে ৷ ইফালে নামিবিয়াই ১০ অভাৰত ৩ উইকেট হেৰুৱাই মাত্ৰ ৮৪ ৰাণহে কৰিবলৈ সক্ষম হয় ।

ইংলেণ্ডৰ এই জয়ৰ পিছত এতিয়া দৃষ্টি নিক্ষেপ কেৱল অষ্ট্ৰেলিয়া বনাম স্কটলেণ্ডৰ মেচত আছে ৷ য’ত অষ্ট্ৰেলিয়াই জয়লাভ কৰিলেহে স্কটলেণ্ডে ছুপাৰ-৮ ৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব ।

ইফালে বৰষুণৰ বাবে ইংলেণ্ড আৰু নামিবিয়াৰ মাজৰ খেলখন পলমকৈ আৰম্ভ হৈছিল । টছত জয়ী হোৱাৰ পাচত নামিবিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই পৰিস্থিতিৰ সুযোগ লৈ ইংলেণ্ডে আগ্ৰাসী শৈলী গ্ৰহণ কৰি ১০ অভাৰত ১২৫ ৰাণ সংগ্ৰহ কৰে ।

হেৰী ব্ৰুকে ২০ টা বলত ৪৭ ৰাণৰ ইনিংছ খেলিছিল, য’ত ২ টা ছয় আৰু ৪ টা চাৰিটা আছিল । তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ উপৰিও ময়েন আলীয়ে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ৬ বলত ১৬ ৰাণ সংগ্ৰহ কৰে ।

লিয়াম লিভিংষ্টনে ৪ বলত ১৩ ৰাণ আৰু জনী বেয়াৰষ্টোৱে ১৮ বলত ৩১ ৰাণ আগবঢ়ায় । কিন্তু অ’পেনাৰ ফিল ছল্টে ৮টা বলত মাত্ৰ ১১ ৰাণহে কৰিবলৈ সক্ষম হৈছিল ।

১২৫ ৰাণৰ লক্ষ্যত নামিবিয়াই মাত্ৰ ৩ টা উইকেট হেৰুৱাইছিল যদিও এই লক্ষ্যত উপনীত হোৱাত সফল নহ’ল আৰু মাত্ৰ ১০ অভাৰতে ৮৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । নামিবিয়াৰ হৈ মাইকেল ভ’গানে ২৯ টা বলত সৰ্বাধিক ৩৩ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ উপৰিও ১৬টা বলত ১৮ ৰাণ সংগ্ৰহ কৰি নিকোলাছ ডেভলিনে খেলৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয় ৷ ডেভিদ ভেছেই ১২ টা বলত ২৭ ৰাণৰ দ্ৰুত ইনিংছ খেলিছিল । অধিনায়ক গেৰহাৰ্ড আৰু জে জে স্মিটে ১ আৰু ০ স্ক’ৰত অপৰাজিত হৈ থাকে ।

বৰ্তমান গ্ৰুপ B ৰ অষ্ট্ৰেলিয়াইহে ছুপাৰ-৮ ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই মেচত জয়লাভ কৰাৰ পিছত ইংলেণ্ডে ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে ৷ আনহাতে স্কটলেণ্ডেও দুখন মেচত জয়লাভ কৰিছে ৷ যদি অষ্ট্ৰেলিয়াই শেষৰখন মেচত স্কটলেণ্ডক পৰাস্ত কৰে, তেন্তে ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ সৈতে ছুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

লগতে পঢ়ক : আশাহত অনুৰাগী: বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত-কানাডাৰ মেচ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.