ETV Bharat / sports

টি 20 বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীত পৰিগণিত ডেভিদ ৱাৰ্ণাৰ - T20 World Cup 2024 - T20 WORLD CUP 2024

David Warner : টি-২০ বিশ্বকাপ ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰী হিচাপে নাম লিপিবদ্ধ কৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট তাৰকা ডেভিদ ৱাৰ্ণাৰে ৷ 111 টা অৰ্ধশতকৰে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ক্ৰিকেটাৰগৰাকীয়ে ৷ বুধবাৰে বাৰ্বাডোছত অনুষ্ঠিত অষ্ট্ৰেলিয়া-ওমানৰ মাজত চলি থকা মেচৰ সময়তে ৱাৰ্ণাৰে এই মাইলৰ খুঁটিত উপনীত হয় ৷

T20 WORLD CUP 2024
অষ্ট্ৰেলিয়াৱ ক্ৰিকেট তাৰকা ডেভিদ ৱাৰ্ণাৰ (AP Photos)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 5:52 PM IST

স্প‘ৰ্টছ ডেস্ক, 6 জুন: অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ অপেনাৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্ৰিকেটাৰ ক্ৰিছ গেইলক অতিক্ৰম কৰি টি 20 ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে অভিলেখ অৰ্জন কৰিছে ৷ বুধবাৰে অষ্ট্ৰেলিয়া-ওমানৰ মেচৰ সময়তে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াৰ ক্ৰিকেট তাৰকাগৰাকীয়ে ৷

ৱাৰ্ণাৰে 46 টা বলত তেওঁৰ 111 তম অৰ্ধশতকটো সম্পূৰ্ণ কৰে ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2024 ৰ সময়ত অত্যন্ত হতাশাজনক প্ৰদৰ্শন দাঙি ধৰা বাওঁহতীয়া বেটছমেনগৰাকীয়ে টি 20 কেৰিয়াৰৰ 377 সংখ্যক মেচত এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ অষ্ট্ৰেলিয়াৰ; ওমানৰ বিৰুদ্ধে মাৰ্কছ ষ্টইনিছৰ সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন - T20 World Cup 2024

একেখন খেলতে ৱাৰ্ণাৰে প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চক অতিক্ৰম কৰি টি 20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপেও কৃতিত্ব অৰ্জন কৰে ৷ খেলুৱৈগৰাকীয়ে 104 খন মেচত 3,155 ৰাণ সংগ্ৰহ কৰিছে ৷ যাৰ গড় হৈছে 33.92 আৰু ষ্ট্ৰাইক ৰেট 141.92 ।

উল্লেখ্য যে, 37 বছৰীয়া খেলুৱৈগৰাকীয়ে বৰ্তমান টি 20 ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দখল কৰিছে ষষ্ঠ স্থান ৷ তালিকাৰ প্ৰথম স্থানত আছে কেৰিবিয়ান কিংবদন্তি ক্ৰিকেটাৰ ক্ৰিছ গেইল(14,562 ৰাণ) ৷ ইয়াৰ পিছত দ্বিতীয় স্থানত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছোৱেইব মালিক(13,360), তৃতীয় স্থানত আছে আন এগৰাকী কেৰিবিয়ান খেলুৱৈ কাইৰন প'লাৰ্ড(12,900) ৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী(12,735) আৰু ইংলেণ্ডৰ অপেনাৰ এলেক্স হেলছ(12,357) আছে তালিকাৰ ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত ।

লগতে পঢ়ক: হাৰ্দিকৰ ধুমুহা, আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় ভাৰতৰ - T20 World Cup 2024

বাওঁহতীয়া বেটছমেনগৰাকীয়ে 1,232 টা বাউণ্ডেৰীৰ সৈতে টি 20 ফৰ্মেটত দ্বিতীয় সৰ্বাধিক চাৰি সংগ্ৰহৰ অভিলেখো অৰ্জন কৰিছে ৷ এই তালিকাৰ প্ৰথম স্থানত আছে ইংলেণ্ডৰ প্ৰাক্তন অপেনাৰ বেটছমেন এলেক্স হেলছ ৷ যিয়ে তেওঁৰ কেৰিয়াৰত সৰ্বাধিক 1,368 টা চাৰি কোবোৱাৰ অভিলেখ কৰিছে ৷ আনহাতে, তেওঁ 444 টা ছয়ৰ সৈতে সৰ্বাধিক ছয় সংগ্ৰহৰ তালিকাত দখল কৰিছে 14 তম স্থান ৷

চলিত বৰ্ষৰ 9 ফেব্ৰুৱাৰীত হোবাৰ্টৰ বেলেৰিভ অভেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হোৱাৰ সময়তে তিনিওটা ফৰ্মেটত 100 খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈত পৰিণত হয় ৱাৰ্ণাৰ ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপত নেদাৰলেণ্ডৰ হাতত ৬ উইকেটত পৰাস্ত নেপাল - T20 World Cup 2024

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ ক্ৰিকেটাৰসকলৰ সামগ্ৰিক তালিকাত ৱাৰ্ণাৰ হৈছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু নিউজিলেণ্ডৰ ৰছ টেইলৰৰ পিছতে থকা তৃতীয়গৰাকী খেলুৱৈ, যিয়ে টেষ্ট, এদিনীয়া আৰু টি 20 সকলো ফৰ্মেটতে 100 খনতকৈ অধিক মেচ খেলিছে ৷

ৱাৰ্ণাৰ আৰু অলৰাউণ্ডাৰ মাৰ্কাছ ষ্টইনিছৰ অৰ্ধশতকে 2021 চনৰ টি 20 বিশ্বকাপ খিতাপ বিজয়ী দল অষ্ট্ৰেলিয়াক 165 ৰাণ সংগ্ৰহত সহায় কৰে ৷ মেচখনত ষ্টইনিছে তিনিটা উইকেট দখল কৰি ওমানক 126/9 ৰাণত সীমাৱদ্ধ কৰি ৰাখে ৷ 39 ৰাণৰ ব্যৱধানত ওমানক পৰাস্ত কৰি জয়েৰে টি 20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰে টীম অষ্ট্ৰেলিয়াই ৷

লগতে পঢ়ক: অৱসৰৰ পিচত প্ৰত্যাৱৰ্তন: তথাপিও টি 20 বিশ্বকাপৰ পৰা আঁতৰত ইমাদ ৱাছিম - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.