ETV Bharat / sports

গুলবাদিনে অস্কাৰ বিজয়ী অভিনয় কৰিছে; অনুৰাগীয়ে কিয় ক'লে এনেকৈ ? - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 3:22 PM IST

T20 World Cup 2024: আফগানিস্তান আৰু বাংলাদেশৰ মাজৰ অন্তিম ছুপাৰ-৮ৰ খেলখনত এক উদ্ভট ঘটনা দেখা গৈছিল । আফগানিস্তানৰ প্ৰশিক্ষকে খেলপথাৰৰ বাহিৰৰ পৰা তেওঁৰ দলক লেহেমীয়া গতিত খেলিবলৈ ইংগিত দিছিল । যাতে বৰষুণৰ বাবে ডি এল এছ প্ৰক্ৰিয়াৰে দলটো পৰাজিত নহয় । লগে লগে গুলবাদিন নাইবে ক্ৰেম্প হোৱাৰ বাবে মাটিত বাগৰি পৰিছিল । যাক সকলোৱে ট্ৰ'ল কৰা দেখা গৈছে ।

T20 World Cup 2024
গুলবাদিনে অস্কাৰ বিজয়ী অভিনয় কৰিছে (AP PHOTOS)

স্পৰ্টছ ডেস্ক,২৫ জুন : চলিত টি-২০ বিশ্বকাপত আফগানিস্তানে বাংলাদেশক ৮ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে । আফগানিস্তানে এই খেলখন জয়ী হোৱাই নহয় বিশ্ববাসীৰ বিভিন্ন প্ৰান্তত থকা দলটোৰ অনুৰাগীৰ মন জয় কৰিছে । তথাপিও দলটোৰ তাৰকা অলৰাউণ্ডাৰ গুলবাদিন নাইবক লৈ সামাজিক মাধ্যমত সমালোচনা হোৱা দেখা গৈছে । সামাজিক মাধ্যমত একাংশ অনুৰাগীয়ে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগো উত্থাপন কৰিছে ।

উল্লেখ্য যে বাংলাদেশৰ ইনিংছৰ সময়ত গুলবাদিনে স্লিপত ফিল্ডিং কৰি আছিল । কিন্তু হঠাতে তেওঁ মাটিত বাগৰি পৰে । কিয়নো তেওঁৰ মাংসপেশী টানি ধৰিছিল(ক্ৰেম্প) । এনে পৰিস্থিতিত সামাজিক মাধ্যমত তেওঁৰ ক্ৰেম্পক নাটক বুলি কৈছে একাংশ লোকে । ইয়াৰ লগতে তেওঁলোকে অভিযোগ কৰিছে যে নাইবে ইচ্ছাকৃতভাৱে খেলখন বন্ধ কৰিবলৈ এনে কৰিছিল, যাতে আফগানিস্তানৰ দলটোক ডাকৱৰ্থ-লুইছ নিয়মৰ (ডিএলএছ) অধীনত জয়লাভ কৰাত সহায় কৰিব পাৰে ।

কিয়নো সেই সময়ত আফগানিস্তানৰ প্ৰশিক্ষক জনাথন ট্ৰটক বাহিৰৰ পৰা দলটোলৈ আঙুলিয়াই দিয়া দেখা গৈছিল । তেওঁ হাতেৰে তেওঁৰ দলক কিবা বুজাবলৈ চেষ্টা কৰি আছিল, যিটো কোনেও দেখা নাছিল । কিন্তু গুলবাদিনে দেখিছিল । তাৰ ঠিক পিচতে গুলবাদিনৰ ক্ৰেম্প আহিছিল আৰু মাটিত বাগৰি পৰিছিল । তেওঁৰ ক্ৰেম্প অহাৰ সময়ত বাংলাদেশ ডাকৱৰ্থ-লুইছ নিয়মৰ অধীনত ৩ ৰাণ পিছ পৰি আছিল ।

এনে পৰিস্থিতিত যদি আফগানিস্তানে সেই সময়ত বলিং নকৰে আৰু বৰষুণ আহে তেন্তে বিষয়টো তেওঁলোকৰ পক্ষত কৰিব পাৰি । আনহাতে যদি আফগানিস্তানে বলিং কৰে আৰু বাংলাদেশে ৩ ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰে তেন্তে আফগানিস্তান মেচখনত পিছ পৰি থাকিলহেঁতেন আৰু তেওঁলোকে ডিএলএছ নিয়মৰ অধীনত পৰাজিত হ'লহেঁতেন । একাংশ লোকে আকৌ সামাজিক মাধ্যমত কৈছে যে নাইবে এয়া অক্সাৰ পাবলগীয়া অভিনয় কৰিছে ।

খেলখনৰ সময়ত অধিনায়ক ৰছিদ খান আফগানিস্তানৰ অলৰাউণ্ডাৰগৰাকীৰ এনে পদক্ষেপত অসন্তুষ্ট হোৱা দেখা গৈছিল । এই ঘটনাত বাংলাদেশৰ খেলুৱৈ লিটন দাসো অসন্তুষ্ট হোৱা দেখা গৈছিল । আনকি লিটন দাসে নাইবৰ খোজকঢ়াৰ নকলো কৰিছিল । আনহাতে ছাইমন ডলেও কমেণ্ট্ৰীৰ সময়ত এয়া গ্ৰহণযোগ্য নহয় বুলি কৈছিল । এয়া বৰষুণৰ কাৰণে হ'ব পাৰে বুলি তেওঁ সন্দেহ কৰিছে ।

লগতে পঢ়ক :শৃংখলাৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া, টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.