ETV Bharat / sports

টি-২০ বিশ্বকাপ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা ৫ বেটছমেন; তালিকাত থকা ভাৰতীয় কোন ? - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 1:53 PM IST

Most Sixes in T20 World Cup : বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ ফৰ্মেট টি-২০ বিশ্বকাপ, ২০২৪ ৰ বাবে মাজত মাথোঁ কেইটামান দিন বাকী । কিন্তু টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈসকলৰ বিষয়ে জানেনে ? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ।

Most Sixes in T20 World Cup
প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং (IANS Photo)

স্পৰ্টছ ডেস্ক, ২৯ মে' : টি-২০ বিশ্বকাপ, ২০২৪ ৰ আৰম্ভণিলৈ মাজত মাত্ৰ ৪ দিন বাকী আছে । বিশ্ব ক্ৰিকেটত টি-২০ ফৰ্মেট হৈছে সৰ্বাধিক ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী ফৰ্মেট । যিহেতু টি-২০ বিশ্বকাপ সমাগত, সেয়েহে ক্ৰিকেট অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ বেটৰ যাদু চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে । ইয়াৰ পূৰ্বে অনুৰাগীসকল এই কথা জানিবলৈও অতি আগ্ৰহী যে এতিয়ালৈকে টি-২০ বিশ্বকাপৰ ইতিহাসত কোনজন বেটছমেনে আটাইতকৈ বেছি ছয় কোবাইছে । সেয়ে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টি-২০ বিশ্বকাপৰ পূৰ্বে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা বেটছমেনসকলৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ।

  1. ক্ৰিছ গেইল : ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল হৈছে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা প্ৰথমগৰাকী বেটছমেন । তেওঁ ৩৩ খন বিশ্বকাপ মেচৰ ৩১ টা ইনিংছত ৬৩ টা ছয় কোবাইছে । এতিয়ালৈকে কোনো বেটছমেনে তেওঁৰ এই সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই ।
  2. ৰোহিত শৰ্মা : ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ তথা অধিনায়ক ৰোহিত শৰ্মা টি-২০ বিশ্বকাপত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে । ৰোহিতে ৩৯ খন মেচৰ ৩৬ টা ইনিংছত ৩৫ টা ছয় কোবাইছে । ৰোহিত শৰ্মাই এতিয়া টি-২০ বিশ্বকাপত তেওঁৰ পূৰ্বৰ পৰিসংখ্যা অধিক উন্নত কৰাৰ সুযোগ পাব ।
  3. জছ বাটলাৰ : ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক তথা বেটছমেন জছ বাটলাৰ টি-২০ বিশ্বকাপত সৰ্বাধিক ছয় কোবোৱা তৃতীয়গৰাকী বেটছমেন । বাটলাৰে এতিয়ালৈকে বিশ্বকাপৰ ইতিহাসত ২৭ খন মেচৰ ২৭ টা ইনিংছত মুঠ ৩৩ টা ছয় কোবাইছে । বাটলাৰেও এই বিশ্বকাপত তেওঁৰ পৰিসংখ্যা উন্নত কৰাৰ সুযোগ পাব ।
  4. যুৱৰাজ সিং : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাঁওহতীয়া বেটছমেন যুৱৰাজ সিঙে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাত চাৰি নম্বৰত আছে । যুৱৰাজে ৩১ খন মেচৰ ২৮ টা ইনিংছত ৩৩ টা ছয় কোবাইছে । আনহাতে, টি-২০ বিশ্বকাপত ৬ টা বলত ৬ টা ছয় কোবোৱা তেওঁ হৈছে একমাত্ৰ বেটছমেন ।
  5. শ্বেন ৱাটছন : অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্বেন ৱাটছন টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈৰ তালিকাত পাঁচ নম্বৰত আছে । তেওঁ ২৪ খন মেচৰ ২২ টা ইনিংছত ৩১ টা ছয় মাৰিছে ।

উল্লেখ্য যে ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলী টি-২০ বিশ্বকাপত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাত অষ্টম স্থানত আছে । তেওঁ ২৭ খন মেচৰ ২৫ টা ইনিংছত মুঠ ২৮ টা ছয় কোবাইছে । বৰ্তমান টি-২০ বিশ্বকাপত বিৰাটে তেওঁৰ পৰিসংখ্যা উন্নত কৰাৰ লগতে সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাৰ শীৰ্ষ ৫-ত স্থান লাভ কৰাৰ সুযোগ পাব । এইবাৰ বিৰাট কোহলী ফৰ্মৰ তুংগত আছে । শেহতীয়াকৈ তেওঁ আইপিএলতো নিজৰ বেটেৰে টুৰ্ণামেণ্টখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ ইতিহাসৰ পাঁচ শীৰ্ষ বলাৰ : তালিকাত নাম নাই এজনো ভাৰতীয়ৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.