ETV Bharat / sports

আফগানিস্তানৰ স্বপ্নভংগ, টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:09 AM IST

South Africa In Final : মেচখন আছিল দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ ৷ পিছে বিশ্বকাপ জয়ৰ আশা আধাতে সামৰিবলগীয়া হৈছে আফগানিস্তানে ৷ মেচখনত বৰ এটা উৎকৃষ্ট পৰিদৰ্শন কৰিব নোৱাৰিলে দলটোৱে ৷ যাৰ বাবে 9 উইকেটৰ বিনিময়ত পৰাজয়বৰণ কৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৷ চাওক বিতং খবৰ...

T20 WORLD CUP 2024
টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 27 জুন: টি 20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ৷ এই মেচত মুখামুখি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ৷ ভাৰতীয় সময় অনুসৰি, পুৱা 6 বজাত আৰম্ভ হোৱা মেচখনত 9 উইকেটৰ বিনিময়ত জয় লাভ কৰে দক্ষিণ আফ্ৰিকাই ৷

ইয়াৰ লগে লগে টি 20 বিশ্বকাপৰ ফাইনেলত উপনীত হয় দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটো ৷ পূৰ্বে টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল এই দলটো ৷ যাৰ বাবে ফাইনেল মেচখন দক্ষিণ আফ্ৰিকাৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

লগতে পঢ়ক: টি 20 বিশ্বকাপ: দক্ষিণ আফ্ৰিকাৰ সন্মুখত 57 ৰাণৰ লক্ষ্য বান্ধি দিলে আফগানিস্তানে - T20 World Cup 2024

টছত জিকি বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা আফগানিস্তানৰ কোনো এগৰাকী বেটছমেনে দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে ৷ দলটোৰ হৈ কোনো এগৰাকী বেটছমেনে মেচখনত উন্নত প্ৰদৰ্শন আগবঢ়োৱা দেখা নগ’ল ৷ আফগানিস্তানৰ এজনৰ বাহিৰে কোনো এগৰাকী বেটছমেনে স্পৰ্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ ৷

11.5 অভাৰতে ইনিংছ সামৰা আফগানিস্তানে দক্ষিণ আফ্ৰিকাৰ সন্মুখত বান্ধি দিছিল 57 ৰাণৰ লক্ষ্য ৷ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ হৈ ৰিজা হেণ্ডৰিক্সে অপৰাজিত 29 ৰাণ, এলদেন মাৰ্কৰামে অপৰাজিত 23 ৰাণ আৰু কুইণ্টন ডি ক’কে 5 ৰাণ সংগ্ৰহ কৰি দলটোক সহজ বিজয় প্ৰদান কৰে ৷ অৱশ্যে 8 টা বলত 5 ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ক’কে ৷

মেচখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে দক্ষিণ আফ্ৰিকাৰ মাৰ্ক’ জনছেনে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷

আনহাতে, এই ফলাফল ঘোষণাৰ পিছতে বিশ্বকাপ জয়ৰ আশাত চেঁচাপানী পৰিছে ক্ৰিকেট ক্ষেত্ৰৰ বাবে তেনেই অনভিজ্ঞ দল আফগানিস্তানৰ ৷ দলটোৱে চলিত বিশ্বকাপত উন্নত প্ৰদৰ্শন দাঙি ধৰি প্ৰৱেশ কৰিছিল ছেমি ফাইনেলত ৷ পিছে দুৰ্বল প্ৰদৰ্শনৰ বাবে ছেমিতে স্তব্ধ হৈ ৰ’ল তেওঁলোকৰ বিশ্বকাপৰ ট্ৰফী জয়ৰ আশা ৷

লগতে পঢ়ক: বতৰে বিঘিনি মাতিব পাৰে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত : খেল বাতিল হ’লে কোন কোন যাব ফাইনেললৈ ? - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.