ETV Bharat / sports

টি-20 বিশ্বকাপ ২০২৪ ৰ বাবে আফগানিস্তানৰ দল ঘোষণা; অধিনায়কৰ দায়িত্বত ৰছিদ খান - T20 WC 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:40 PM IST

AFGHANISTAN SQUAD
AFGHANISTAN SQUAD

AFGHANISTAN SQUAD : আফগানিস্তানে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে তেওঁলোকৰ ১৫ জনীয়া দলৰ নাম ঘোষণা কৰিছে । তাৰকা স্পিনাৰ ৰছিদ খানে চাৰি সপ্তাহ ধৰি চলি থকা প্ৰতিযোগিতাখনৰ বাবে দলটোক নেতৃত্ব দিব ।

স্প’ৰ্টছ ডেস্ক, ১ মে': আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কেৰিবিয়ানত অনুষ্ঠিত হ'বলগীয়া আগন্তুক আইচিচি টি-২০ বিশ্বকাপত তাৰকা স্পিনাৰ ৰছিদ খানে আফগানিস্তান দলৰ নেতৃত্ব দিব । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) ৱেবছাইট অনুসৰি, আফগানিস্তানে ২০২২ চনৰ সংস্কৰণৰ তুলনাত তেওঁলোকৰ দলত কেইটামান সংযোজন কৰিছে । কৰিম জানাত, মহম্মদ ইশ্বাক আৰু নুৰ আহমেদ দলটোত অন্তৰ্ভুক্ত হৈছে ।

অৱশ্যে যোৱা বছৰৰ আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ ত আফগানিস্তানক নেতৃত্ব দিয়া হাছমাতুল্লাহ শ্বাহিদী এইবাৰ দলটোত নাই । ২০২২ চনত তেওঁৰ অন্তিমখন টি-২০ খেলত অৱতীৰ্ণ হৈছিল ।

এই বছৰৰ মাৰ্চত আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা যুৱ খেলুৱৈ নাংগিয়াল খাৰোতিকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । ২০ বছৰীয়া যুৱকজনে সেই শৃংখলাটোত মাত্ৰ ৫.৯০ ৰ ৰেটিঙৰ সৈতে তিনিখন খেলত পাঁচটা উইকেট লাভ কৰি প্ৰতিভাৰ পৰিচয় দিছিল ।

দলত স্থান নিশ্চিত কৰা আন এজন যুৱ আফগান খেলুৱৈ হৈছে উইকেটকীপাৰ বেটাৰ মহম্মদ ইশ্বাক, যি ২০২০ আৰু ২০২২ চনৰ আইচিচি অনুৰ্ধ-১৯ পুৰুষ ক্ৰিকেট বিশ্বকাপত আফগানিস্তানৰ দলৰ অংশ আছিল ।

ৰছিদ খানে মুজিব উৰ ৰহমান, নুৰ আহমেদ, নাংগিয়াল খাৰোতি আৰু মহম্মদ নবীৰ সমৰ্থনত স্পিন বিভাগৰ নেতৃত্ব দিব । নবীন-উল-হক, ফৰিদ আহমেদ আৰু ফজলহাক ফাৰুকে তেওঁলোকৰ স্থান বজাই ৰাখিছে আৰু আফগানিস্তানৰ দ্ৰুত বলিং লাইন-আপ তৈয়াৰ কৰিছে ।

আফগানিস্তান দল: ৰহমানুল্লাহ গুৰবাজ (Wk), ইব্ৰাহীম জাদৰান, আজমতুল্লাহ ওমৰজাই, নাজিবুল্লাহ জাদৰান, মহম্মদ ইশ্বাক, মহম্মদ নবী, গুলবাদিন নাইব, কৰিম জানাত, ৰছিদ খান (C), নাংগিয়াল খাৰোতি, মুজিব উৰ ৰহমান, নুৰ আহমেদ, নবীন-উল-হক, ফজলহাকি ফাৰুকী, ফৰিদ আহমেদ মালিক ।

ৰিজাৰ্ভ খেলুৱৈ: ছাদিক আতাল, হজৰতুল্লাজাই, ছলিম ছাফ

লগতে পঢ়ক: মিচেল মাৰ্শ্বৰ নেতৃত্বত টি-২০ বিশ্বকাপৰ যুঁজত নামিব টীম অষ্ট্ৰেলিয়া; দলত নাই ষ্টিভ স্মিথ - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.