ETV Bharat / sports

মনু ভাকৰৰ বাবে আন এক সুযোগ : কেইবাগৰাকী ভাৰতীয় অৱতীৰ্ণ হ'ব পদকৰ যুঁজত - Paris Olympics 2024

author img

By ANI

Published : Aug 3, 2024, 10:51 AM IST

Paris Olympics 2024: পেৰিছ অলিম্পিকত শনিবাৰৰ দিনটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ । মনু ভাকৰে তৃতীয়টো পদকৰ বাবে ফাইনেলত যুঁজ দিব । শ্বুটিং,আৰ্চাৰী, চেইলিং আদি কেইবাটাও ইভেণ্টত ভাৰতীয় খেলুৱৈয়ে অংশ ল'ব ।

মনু ভাকৰৰ বাবে আন এক সুযোগ
Paris Olympics 2024 (ANI)

স্পৰ্টছ ডেস্ক, ৩ আগষ্ট : ভাৰতৰ তাৰকা মনু ভাকৰৰ সন্মুখত পদক লাভৰ আন এক সুযোগ । ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাকৰে । শনিবাৰে তাৰকা শ্বুটাৰগৰাকীয়ে ফাইনেল খেলিব আৰু ভাৰতৰ বাবে আন এক পদক লাভৰ আশা বজাই ৰাখিব ।

খেলখনত শক্তিশালী ফৰ্মৰ নিদৰ্শন দাঙি ধৰি ভাকৰে ৫৯০-২৪x স্ক'ৰৰ সৈতে সামগ্ৰিকভাৱে দ্বিতীয় স্থান লাভ কৰে । ইফালে ভাৰতীয় শ্বুটাৰ ঈষা সিঙে ৫৮১ পইণ্টৰ সৈতে ১৮ সংখ্যক স্থান লাভ কৰে ।

তৃতীয় পদকৰ বাবে মনুৰ যুঁজ :

সঠিক পৰ্যায়ৰ ফলাফলে ভাকৰৰ ধাৰাবাহিক শ্বুটিং দক্ষতাক প্ৰতিফলিত কৰে । প্ৰতিযোগিতাখনত মনু ভাকৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে । এতিয়ালৈকে আকৰ্ষণীয় প্ৰদৰ্শনৰ দ্বাৰা ভাকৰে কেৱল ভাৰতীয় শ্বুটাৰসকলক নেতৃত্ব দিয়াই নহয় পদক সুৰক্ষিত কৰিবলৈও সক্ষম হৈছে ।

লক্ষণীয়ভাৱে ভাকৰে ইতিমধ্যে পেৰিছত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে আৰু তেওঁ এতিয়া তৃতীয় পদক অৰ্জনৰ লক্ষ্য আগত ৰাখিছে । ভাকাৰে ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব । ভাৰতীয় সময়মতে দুপৰীয়া ১ বজাত খেল আৰম্ভ হ'ব ।

কোন কোন অৱতীৰ্ণ হ'ব পদকৰ যুঁজত ?

ইফালে ভাৰতীয় শ্বুটাৰ অনন্ত জিৎ সিং নাৰুকা আৰু মহেশ্বৰী চৌহান, ৰাইজা ধীলনক তেওঁলোকৰ নিজ নিজ ইভেণ্টত দেখা যাব । স্কীট পুৰুষ আৰু মহিলাৰ অৰ্হতা ইভেণ্ট ভাৰতীয় সময়মতে দুপৰীয়া ১২:৩০ বজাৰ পৰা আৰম্ভ হ'ব । যদি স্কীট পুৰুষ ইভেণ্টত অনন্ত জিৎ সিং নাৰুকাই ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে তেন্তে তেওঁৰ ফাইনেল খেলখন ভাৰতীয় সময়মতে সন্ধিয়া ৭ বজাত হ'ব ।

মহিলা আৰ্চাৰী খেলুৱৈ দীপিকা কুমাৰী আৰু ভজন কৌৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১:৫২ আৰু ২:০৫ বজাত আৰ্চাৰী মহিলা ব্যক্তিগত ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব । যদি যোগ্যতা অৰ্জন কৰে তেন্তে তেওঁলোকে ভাৰতীয় সময় অনুসৰি আবেলি ৪:৩০ বজাত তেওঁলোকৰ কোৱাৰ্টাৰ ফাইনেল খেলত অংশগ্ৰহণ কৰিব ।

ভাৰতৰ হৈ শুভংকৰ শৰ্মা আৰু গগনজিৎ ভুল্লাৰে গ'ল্ফত পুৰুষৰ ব্যক্তিগত ষ্টক প্লে’ ৰাউণ্ড-৩ত অংশগ্ৰহণ কৰিব । পুৰুষৰ চেইলিং ইভেণ্টত দেখা যাব খেলুৱৈ বিষ্ণু চাৰভাননক ৷ মহিলাৰ চেইলিং ৰেছ ৫ আৰু ৰেছ ৬ত নেত্ৰ কুমাননে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

লগতে পঢ়ক :অলিম্পিকৰ অষ্টম দিনটোৰ ভাৰতৰ সূচী জানি লওক : কোন কোন অৱতীৰ্ণ হ’ব পদক দখলৰ যুঁজত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.