ETV Bharat / sports

মুখ লুকুৱাবলৈও নহ’ব জেগা, ইমান বেয়াকৈ ইংলেণ্ডৰ হাতত পৰাজিত পাকিস্তান

Eng vs pak test: পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টত লজ্জাজনক পৰাজয় আয়োজক দলটোৰ ৷

author img

By ETV Bharat Sports Team

Published : Oct 11, 2024, 3:00 PM IST

ENG VS PAK TEST SERIES
ইংলেণ্ড বনাম পাকিস্তান (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: মূলতানত ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত বৰ বেয়াকৈ প্ৰতিপক্ষৰ হাতত ধৰাশায়ী হৈছে পাকিস্তান ৷ বিপৰীতে এই জয়েৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ইংলেণ্ড ।

অৱশ্যে মেচখনত পৰাজিত হ’লেও পাকিস্তানৰ নামতো স্থাপন হৈছে অভিলেখ ৷ পাকিস্তান এনে এটা দলত পৰিণত হৈছে, যিয়ে প্ৰথম ইনিংছত 500 ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰিও এটা ইনিংছত পৰাস্ত হৈছে ।

প্ৰথম ইনিংছত 500 তকৈও অধিক ৰাণ সংগ্ৰহ কৰি টেষ্ট মেচত পৰাস্ত হোৱা প্ৰথমটো ক্ৰিকেট দলত পৰিগণিত হৈছে পাকিস্তান । সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটত অব্যাহত আছে পাকিস্তানৰ ভয়ানক পৰ্যায় । এয়া একেৰাহে ষষ্ঠবাৰৰ বাবে পাকিস্তানৰ পৰাজয় । কেৱল এয়াই নহয়, যোৱা 9 খন টেষ্ট মেচত ঘৰুৱা শৃংখলাত পাকিস্তানৰ এয়া সপ্তমটো পৰাজয় ।

ইংলেণ্ডে মেচখনত এক ইনিংছ আৰু 47 ৰাণত জয়লাভ কৰে ৷ দলটোৰ হৈ শীৰ্ষ স্পিনাৰ জেক লিচে একেৰাহে তিনিটাকৈ উইকেট দখল কৰি আয়োজক দলটোক 200 ৰাণত সীমাবদ্ধ কৰি ৰাখে ৷ বৃহস্পতিবাৰে জ্বৰত ভোগাৰ বাবে চিকিৎসাধীন হৈ থকা স্পিনাৰ আব্ৰাৰ আহমেদে দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ অহা নাছিল ।

পাকিস্তানৰ প্ৰথম ইনিংছ

প্ৰথম ইনিংছত পাকিস্তানে উন্নত প্ৰদৰ্শন দাঙি ধৰে ৷ শ্বান মাছুদ, আব্দুল্লা ছফিক আৰু ছলমান আঘাৰ শতকৰ বাবেই দলটোৱে 556 ৰাণৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে ৷ এই তিনিটা শতকৰ বাহিৰেও পাকিস্তানৰ হৈ চাউদ চাকিলে 82 ৰাণৰ ইনিংছ খেলে ৷

ইংলেণ্ডৰ প্ৰথম ইনিংছ

প্ৰথম ইনিংছত বেটিং কৰা ইংলেণ্ডে পাকিস্তানী বেটছমেনক বহুত বেয়াকৈ পৰাস্ত কৰিছিল । ইংলেণ্ডৰ হৈ জ’ ৰুটে দ্বি-শতক(262) আৰু হেৰী ব্ৰুকে ত্ৰি-শতক (317) অৰ্জন কৰে । এই দুজন বেটছমেনৰ বাহিৰেও বেন ডাকেটে 87 ৰাণৰ ইনিংছ আৰু জেক ক্ৰ’লিয়ে 72 ৰাণৰ ইনিংছ খেলে । কিন্তু পাকিস্তানৰ বলাৰসকল ইংলেণ্ডৰ বেটছমেনৰ সন্মুখত দিশহাৰা হৈ পৰে ৷ ইংলেণ্ডে 267 ৰাণৰ অগ্ৰগতিৰে ইনিংছ ঘোষণা কৰে ।

পাকিস্তানৰ দ্বিতীয় ইনিংছ

পাকিস্তানে ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ ক্ৰিজত নামে যদিও দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বলাৰসকলৰ বিৰুদ্ধে বিশেষ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে । প্ৰথম ইনিংছত উন্নত প্ৰদৰ্শন আগবঢ়োৱা বেটছমেনসকল দ্বিতীয় ইনিংছত দিশহাৰা হৈ পৰিছিল ৷ দ্বিতীয় ইনিংছত আমিৰ জামালে 55 ৰাণ আৰু ছলমান আঘাই 63 ৰাণ সংগ্ৰহ কৰাৰ পিছত 247 ৰাণত আটাইকেইটা উইকেট হেৰুৱাইছিল পাকিস্তানে ৷

উল্লেখ্য যে, এছিয়াত ইংলেণ্ডৰ ইনিংছৰ এইটোৱেই আছিল একমাত্ৰ দ্বিতীয়টো জয় ।

লগতে পঢ়ক: 823/7... মুলতানত পাকিস্তানৰ বিৰুদ্ধে ৰাণৰ পাহাৰ ইংলেণ্ডৰ; 147 বছৰীয়া ইতিহাসত এয়া ঘটিল চতুৰ্থবাৰৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.