ETV Bharat / sports

অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত ৰে'লসেৱা ব্যাহত - French High speed Rail Network - FRENCH HIGH SPEED RAIL NETWORK

French high speed rail network: ফ্ৰান্সৰ হাই স্পীড ৰে'লপথত দুৰ্বৃত্তৰ অগ্নি সংযোগ । ফলস্বৰূপে পেৰিছলৈ ফ্ৰান্সৰ বাকী অংশ আৰু চুবুৰীয়া দেশৰ পৰা ৰে'লসেৱা ব্যাহত । শুকুৰবাৰৰ দিনটোত প্ৰায় ২,৫০,০০০ গৰাকী যাত্ৰী প্ৰভাৱিত হোৱাৰ খবৰ পোৱা গৈছে । অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে এই আক্ৰমণে নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে ।

French High speed Rail Network
অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত ৰে'লসেৱা ব্যাহত (AP)
author img

By AP (Associated Press)

Published : Jul 26, 2024, 4:49 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ জুলাই : ফ্ৰান্সৰ পেৰিছত আৰম্ভ হৈছে অলিম্পিক গেমছ । অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানক লৈ বিশ্ববাসী গভীৰ আগ্ৰহেৰে ৰৈ আছে । কিন্তু তাৰ প্ৰাকক্ষণত ফ্ৰান্সত হাই স্পীড ৰে'লত ভয়ংকৰ আক্ৰমণ । ৰে'লপথত অগ্নি সংযোগৰ তথ্য পোৱা গৈছে । এই আক্ৰমণৰ ফলত অলিম্পিকৰ বিশাল উদ্বোধনী অনুষ্ঠানৰ কেইঘণ্টামান পূৰ্বে ফ্ৰান্সৰ ৰে'ল সেৱা ব্যাহত হৈ পৰিছে ।

ফ্ৰান্স আৰু ইউৰোপৰ বাকী অংশৰ পৰা পেৰিছলৈ যাত্ৰা ব্যাহত হৈ পৰিছে । প্ৰশাসনে এই কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে ইয়াক অপৰাধমূলক কাৰ্য বুলি অভিহিত কৰিছে । আৰক্ষীয়ে অনুসন্ধান কৰি আছে যে এই আক্ৰমণ অলিম্পিক গেমছৰ সৈতে জড়িত আছিল নে নাই । অলিম্পিকৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক পেৰিছ ভ্ৰমণ কৰাৰ সময়তে এই ঘটনাৰ ফলত শুকুৰবাৰৰ দিনটোত এক নিযুত লোকৰ এক চতুৰ্থাংশ লোকক প্ৰভাৱিত কৰিছে বুলি জানিব পৰা গৈছে ।

পৰিবহণ মন্ত্ৰী পেট্ৰিচ ভেৰগ্ৰিটে আক্ৰমণ আৰু অগ্নিকাণ্ডৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ সংবাদ মাধ্যমক জনোৱা মতে এই আক্ৰমণে পেৰিছক ফ্ৰান্সৰ বাকী অংশ আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সংযোগ কৰা কেইবাটাও হাই স্পীড ৰে'লসেৱাক অচল কৰি তুলিছে । অলিম্পিক গেমছৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত বিশ্বব্যাপী উত্তেজনা আৰু অধিক নিৰাপত্তা ব্যৱস্থাৰ পটভূমিত এই আক্ৰমণ সংঘটিত হৈছিল । ইফালে বহু ভ্ৰমণকাৰীয়ে উদ্বোধনী অনুষ্ঠানৰ বাবে ৰাজধানীত একত্ৰিত হোৱাৰ পৰিকল্পনা কৰিছিল যদিও এই ঘটনাৰ ফলত তেওঁলোক বঞ্চিত হয় ।

পেৰিছ কৰ্তৃপক্ষই কঠোৰ নিৰাপত্তাৰ মাজত ছেইন নদীৰ ওচৰত এক দৰ্শনীয় কুচকাৱাজৰ বাবে সাজু হোৱাৰ সময়তে এটলাণ্টিক, নৰ্ড আৰু এষ্টৰ হাই স্পীড ৰে'লপথৰ সমীপত তিনিটা স্থানত অগ্নি সংযোগৰ খবৰ পোৱা গৈছে । এই ঘটনাৰ ফলত বিশেষকৈ পেৰিছৰ মুখ্য মণ্টপাৰ্নাছ ষ্টেচনক প্ৰভাৱিত কৰিছে ।

শুকুৰবাৰে পুৱা ইউৰোপৰ অন্যতম ব্যস্ত ৰে'ল ষ্টেচন গেৰে ডু নৰ্ডৰ বহু যাত্ৰীয়ে সমাধানৰ দাবী কৰি আছিল । উত্তৰ ফ্ৰান্স, বেলজিয়াম আৰু ব্ৰিটেইনলৈ বেছিভাগ সেৱা বিলম্ব হোৱা দেখা গৈছে ।

চৰকাৰী বিষয়াসকলেও এই ঘটনাক নিন্দা কৰিছে । অৱশ্যে তেওঁলোকে কৈছে যে অলিম্পিকৰ সৈতে পোনপটীয়া সম্পৰ্কৰ কোনো তাৎক্ষণিক লক্ষণ নাই । আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে ঘটনাটোৰ তদন্ত কৰি আছে । ক্ৰীড়া মন্ত্ৰী এমেলি অউডেয়া-কাষ্টাৰাই কয় যে কৰ্তৃপক্ষই অলিম্পিকৰ বাবে ভ্ৰমণকাৰী আৰু খেলুৱৈসকলৰ ওপৰত প্ৰভাৱ মূল্যাঙ্কন কৰিবলৈ আৰু প্ৰতিযোগিতাৰ স্থানলৈ সকলো প্ৰতিনিধি দলৰ পৰিবহণ নিশ্চিত কৰিবলৈ কাম কৰি আছে । এই কাৰ্য অলিম্পিক গেমছৰ বিৰুদ্ধে নহয় দেশৰ বিৰুদ্ধেহে । অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছিল এতিয়ালৈ চিনাক্ত কৰা হোৱা নাই ।

বৃহত্তৰ পেৰিছৰ আঞ্চলিক পৰিষদৰ সভাপতি ভেলেৰী পেক্ৰেছে কয় যে শুকুৰবাৰে সকলোবোৰ লাইনত ২,৫০,০০০ গৰাকী যাত্ৰী প্ৰভাৱিত হ'ব । অৱশ্যে মেৰামতিৰ কাম চলি আছে কিন্তু পেক্ৰেছে যাত্ৰীসকলক সদ্যহতে ষ্টেচনলৈ নাযাবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক :আজিৰে পৰা প্ৰেমৰ চহৰত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান: জানিবলগীয়া কিছু কথা - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.