ETV Bharat / sports

টি 20 বিশ্বকাপ: দক্ষিণ আফ্ৰিকাৰ সন্মুখত 57 ৰাণৰ লক্ষ্য বান্ধি দিলে আফগানিস্তানে - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 7:25 AM IST

SA VS AFG : টি 20 বিশ্বকাপৰ প্ৰথমখন ছেমিত 56 ৰাণত ইনিংছ সামৰিলে আফগানিস্তানে ৷ টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় দলটোৱে ৷ দক্ষিণ আফ্ৰিকাৰ বিধ্বংসী বলিং বিক্ৰমত তিষ্ঠিব নোৱাৰি দলটোৱে 11.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱায় ৷ চাওক সবিশেষ ...

T20 WORLD CUP 2024
টি 20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 27 জুন: টি 20 বিশ্বকাপৰ ছেমি ফাইনেলৰ প্ৰথমখন মেচ অব্যাহত হৈছে ত্ৰিনিদাদত ৷ বিশ্বকাপ জয়ৰ লক্ষ্যৰে পোনপ্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত অৱতীৰ্ণ হৈছে আফগানিস্তান ৷ মেচখনত দৃষ্টি আৱদ্ধ হৈ আছে ক্ৰিকেটপ্ৰেমীৰ ৷ ভাৰতীয় সময় অনুসৰি পুৱা 6 বজাৰ পৰা আৰম্ভ হয় মেচখন ৷

আফগানিস্তানে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দলটোৰ হৈ গুৰবাজ আৰু ইব্ৰাহীমে ইনিংছ মুকলি কৰে যদিও বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে ৷ প্ৰথমটো অভাৰতে আফগানিস্তানে হেৰুৱায় গুৰবাজৰ উইকেট ৷ ক্ৰমাৎ ছন্দপতন ঘটিবলৈ ধৰে দলটোৰ ৷

লগতে পঢ়ক: ভাৰতৰ সৈতে গভীৰ সম্পৰ্ক নিহিত আছে গুয়েনাৰ ক্ৰিকেট ইতিহাসত - T20 WORLD CUP 2024

কোনো এজন আফগান বেটছমেনে ছেমি ফাইনেলত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে ৷ দলীয় স্ক’ৰ 4 হৈ থাকোতে আফগানে হেৰুৱায় প্ৰথমটো উইকেট ৷ দলটোৰ হৈ ৰামানুল্লাহ গুৰবাজ(0), ইব্ৰাহীম(2), গুলবাদিন(9), আজমাতুল্লাহ(10), মহম্মদ নবী(0), খৰোটে(2), জনত(8), অধিনায়ক ৰছিদ খান(8), নুৰ(0), নবীন উল হক(2) আৰু ফাৰুকীয়ে(2) ৰাণ সংগ্ৰহ কৰে ৷ দলটোৱে প্ৰথম 6 অভাৰতে 28 ৰাণৰ বিনিময়ত হেৰুৱায় 5 টাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷

আনহাতে, দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্ক’ জনছেনে 16 ৰাণৰ বিনিময়ত 3 টা, ৰাবাডাই 5 ৰাণৰ বিনিময়ত 2 টা, নৰ্টজে 7 ৰাণৰ বিনিময়ত 2 টা আৰু শ্বামছীয়ে 6 ৰাণৰ বিনিময়ত 3 টাকৈ লাভ কৰে উইকেট ৷

বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মেচখন অনুষ্ঠিত কৰিবলৈ এটা বেলেগ দিন ৰিজাৰ্ভ কৰি ৰখা হৈছিল ৷ পিছে বতৰে কোনো সমস্যা সৃষ্টি নকৰাত মেচখন পূৰ্বৰ সময়মতে অনুষ্ঠিত কৰা হয় ৷ আফগানিস্তানে 11.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱায় সংগ্ৰহ কৰিছে 56 ৰাণ ৷ দক্ষিণ আফ্ৰিকাৰ সন্মুখত দলটোৱে বান্ধি দিছে 57 ৰাণৰ লক্ষ্য ৷

লগতে পঢ়ক: বতৰে বিঘিনি মাতিব পাৰে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত : খেল বাতিল হ’লে কোন কোন যাব ফাইনেললৈ ? - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.