ETV Bharat / sports

পেৰিছ অলিম্পিকৰ সামৰণিত ভাৰতীয় এথলীটসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 12:54 PM IST

PM Narendra Modi: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতৰ সকলো খেলুৱৈৰ প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

Paris Olympics 2024
পদক বিজয়ীৰ লগতে অলিম্পিকত অংশ লোৱা ভাৰতীয় দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ (IANS Photos)

স্প’ৰ্টছ ডেস্ক, ১২ আগষ্ট: দেওবাৰে সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪ ৰ । এই উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰে ।

মোদীয়ে লিখিছে, "পেৰিছ অলিম্পিকৰ সমাপ্তিত মই সমগ্ৰ ভাৰতীয় দলৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছো । সকলো খেলুৱৈয়ে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে আৰু প্ৰতিজন ভাৰতীয়ই তেওঁলোকক লৈ গৌৰৱান্বিত । আমাৰ ক্ৰীড়া নায়কসকলক তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো ।"

খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিক গেমছৰ সময়ত খেলুৱৈসকলৰ সৈতে ফোনত কথা পাতিছিল । দেশৰ হৈ পদক অৰ্জন কৰা ভাৰতৰ খেলুৱৈসকলক প্ৰধানমন্ত্ৰীয়ে নিজেই আমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছিল । লগতে দেশৰ বাবে পদক জয় কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছিল । পদক জয়ী খেলুৱৈসকলৰ ভিতৰত আছে- ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ, সৰৱজোৎ সিং, স্বপ্নীল কুছালে, নীৰজ চোপ্ৰা, অমন চেহৰাৱত আৰু ভাৰতীয় হকী দল ।

পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰিলে মাত্ৰ ৬ টা পদক

পেৰিছ অলিম্পিক ২০২৪ ৰ বাবে ভাৰতে ১১৭ গৰাকী খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰিছিল । যিসকলে বিভিন্ন ক্ৰীড়াত অংশগ্ৰহণ কৰিছিল । কিন্তু প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন আশানুৰূপ নাছিল । ভাৰতৰ হৈ মাত্ৰ ৪ গৰাকী খেলুৱৈয়ে ব্যক্তিগত ইভেণ্টত পদক লাভ কৰিছে । য’ত মনু ভাকৰৰ দুটা পদক অন্তৰ্ভুক্ত আছে । আনহাতে, ভাৰতীয় হকী দলে এটা পদক লাভ কৰিছে ।

ভাৰতৰ হৈ পেৰিছ অলিম্পিক ২০২৪ ৰ উদ্বোধনী অনুষ্ঠানত পি ভি সিন্ধু আৰু শৰৎ কমল ধ্বজাবাহক আছিল । আনহাতে সামৰণি অনুষ্ঠানত মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশ ধ্বজাবাহক আছিল । আমেৰিকান অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা টম ক্ৰুজে এই সামৰণি অনুষ্ঠানত ষ্টাণ্ট প্ৰদৰ্শন কৰে । ইয়াৰ উপৰিও বিশ্বৰ বহু তাৰকা শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অভিনৱ বিন্দ্ৰালৈ সন্মান : আই অ’ চি অধিৱেশনত সন্মানীয় 'অলিম্পিক অৰ্ডাৰ' প্ৰদান - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.