ETV Bharat / sports

2036 চনত অলিম্পিক অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে ভাৰতে: প্ৰধানমন্ত্ৰী মোদী - PM MODI ON 2036 OLYMPICS - PM MODI ON 2036 OLYMPICS

PM Modi visits US: নিউয়ৰ্কত অনুষ্ঠিত "মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ" শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ 2036 চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছ সন্দৰ্ভত বৃহৎ ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM MODI ON 2036 OLYMPICS
2036 চনৰ অলিম্পিক সন্দৰ্ভত প্ৰধানমন্ত্ৰী (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Sep 23, 2024, 2:50 PM IST

স্প’ৰ্টছ ডেস্ক, 23 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ নিউয়ৰ্কত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি এক বৃহৎ ঘোষণা কৰে ৷ নিউয়ৰ্কত অনুষ্ঠিত "মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ" শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 2036 চনৰ অলিম্পিক আয়োজনৰ বাবে দেশখনে যথাসাধ্যে প্ৰচেষ্টা অব্যাহত ৰখা বুলি সদৰী কৰে ৷

লং আইলেণ্ডৰ নাচাউ ক'লিজিয়ামত অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠান ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ ক্ষেত্ৰত ভাৰতত সম্প্ৰতি গণ আন্দোলন গঢ়ি উঠা বুলিও ব্যক্ত কৰে ৷

যথাসম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতে

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয় "ভাৰত আজি সুযোগৰ দেশ । ভাৰতে সুযোগৰ বাবে অপেক্ষা নকৰে... ই সুযোগ সৃষ্টি কৰে" ৷ তেওঁ লগতে কয় যে, "বিগত 10 বছৰত এটা প্ৰজন্মত 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে ৷ অলিম্পিক আয়োজনৰ আকাংক্ষা এই দূৰদৰ্শী নীতিৰ অংশ, য’ত দেশখনে ৰৈ নাথাকিব" ৷

প্ৰধানমন্ত্ৰী মোদীয়ে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পিছত প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি কয়, "মাত্ৰ কেইদিনমানৰ পূৰ্বে পেৰিছ অলিম্পিক সমাপ্ত হৈছিল । অতি সোনকালেই আপোনালোকে ভাৰততো অলিম্পিক উপভোগ কৰিবলৈ পাব । আমি 2036 চনৰ অলিম্পিক আয়োজনৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছো" ৷

পূৰ্বেও ব্যক্ত কৰিছিল অলিম্পিক আয়োজনৰ ইচ্ছা

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত অলিম্পিক আয়োজন কৰাৰ ইচ্ছা পূৰ্বেও প্ৰকাশ কৰিছিল । 78 সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি সম্বোধন কৰি তেওঁ কৈছিল, "2036 চনৰ অলিম্পিক আয়োজন কৰাটো ভাৰতৰ সপোন ৷ আমি ইয়াৰ বাবে প্ৰস্তুতি চলাই আছো" ৷

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণৰ সময়তে কয়, "ভাৰতে বৃহৎ পৰিমাণে #NAME সন্মিলন আয়োজন কৰাটোৱে প্ৰমাণ কৰে যে, ভাৰতত বৃহৎ পৰিমাণে অনুষ্ঠান আয়োজন কৰাৰ সম্ভাৱনা আছে" ৷

ভাৰতীয় খেলুৱৈসকলৰ পৰা বিচাৰিছিল পৰামৰ্শ

ইয়াৰ পূৰ্বে জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক ফ্ৰান্সৰ ৰাজধানী পেৰিছত ভাৰত চৰকাৰৰ এই উচ্চকাংক্ষা ব্যক্ত কৰি খেলুৱৈসকলক তেওঁলোকৰ মতামত ব্যক্ত কৰিবলৈ কৈছিল ।

"আমি 2036 চনত অলিম্পিক আয়োজন কৰাৰ আশা কৰিছো ৷ ই দেশত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব । ইয়াৰ বাবে আন্তঃগাঁথনিৰ কাম চলি আছে," বুলি প্ৰধানমন্ত্ৰীয়ে কৈছিল ৷

আই অ’ চি-ৰ সভাপতি থমাছ বাকৰ সমৰ্থন লাভ

2036 চনৰ অলিম্পিকৰ বাবে ভাৰতৰ এই প্ৰস্তাৱটোৱে লাভ কৰিছে আই অ’ চি-ৰ সভাপতি থমাছ বাকৰ সমৰ্থন ৷ ভাৰতৰ দ্বাৰা আয়োজিত অন্তিমটো মুখ্য আন্তঃৰাষ্ট্ৰীয় মাল্টি-স্প’ৰ্ট ইভেণ্ট আছিল 2010 চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ । বৰ্তমান আহমেদাবাদ অলিম্পিক গেমছৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে । পেৰিছ অলিম্পিকৰ সময়ত ভাৰতে পাঁচটা ব্ৰঞ্জ আৰু এটা ৰূপসহ ছয়টা পদক জয় কৰিছিল ।

লগতে পঢ়ক: কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়াম পৰিদৰ্শন বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাৰ - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.