ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ আহিব ভাৰত: পি চি বি ৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য - CHAMPIONS TROPHY 2025

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 4:32 PM IST

Team India travel to Pakistan: পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নকভিৰ বিস্ফোৰক মন্তব্য ৷ চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত অমিত শ্বাহৰ প্ৰতিক্ৰিয়াৰ পিছতে এই মন্তব্য নকভিৰ ৷ নকভিয়ে ভাৰতীয় ক্ৰিকেট দলটো পাকিস্তানলৈ চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ যাব বুলি মন্তব্য প্ৰকাশ কৰিছে ৷

CHAMPIONS TROPHY 2025
ভাৰত বনাম পাকিস্তান (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ(আই চি চি) শীৰ্ষ পদৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ(বি চি চি আই) সচিব জয় শ্বাহক সমৰ্থন নকৰা পাকিস্তান ক্ৰিকেট ব’ৰ্ডে শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভংগ কৰিছে মৌনতা ।

পি চি বিৰ অধ্যক্ষ মহছিন নকভিয়ে চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰাৰ লগতে ভাৰতীয় ক্ৰিকেট দলে ইয়াত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ আহিব বুলিও দাবী কৰে ।

জয় শ্বাহক লৈ চিন্তিত নহয় পাকিস্তান

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ(পি চি বি) অধ্যক্ষ মহছিন নকভিয়ে আশ্বাস দিছে যে, শ্বাহ সন্দৰ্ভত চিন্তিত নহয় পাকিস্তান । "আমি জয় শ্বাহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো, তেওঁ আই চি চিৰ অধ্যক্ষ হোৱাৰ বিষয়টোত কোনো চিন্তাৰ কাৰণ নহয় । এ চি চিৰ বৈঠক 8 আৰু 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব" ৷

চেম্পিয়নছ ট্ৰফীৰ সন্দৰ্ভত বৃহৎ আপডেট

চলিচ বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা আই চি চিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব জয় শ্বাহে ৷ একে সময়তে পাকিস্তানে গুৰুত্ব আৰোপ কৰিছে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজনৰ ওপৰত । নকভিয়ে নিশ্চিত কৰিছে যে পি চি বি বি চি চি আইৰ সৈতে যোগাযোগত আছে ।

"চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হ'ব । আমি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহৰ ব’ৰ্ডৰ সৈতে যোগাযোগ কৰি আছো । টীম ইণ্ডিয়াই পাকিস্তানলৈ চেম্পিয়নছ ট্ৰফী খেলিবলৈ আহিব" বুলি নকভিয়ে সদৰী কৰে ।

বি চি চি আইয়ে দিয়া নাই কোনো প্ৰতিক্ৰিয়া

বি চি চি আইয়ে অৱশ্যে বিষয়টোত এতিয়াও আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ পূৰ্বে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে দলটোক পাকিস্তানত খেলিবলৈ অনুমতি দিলেহে ভাৰতীয় দলটো পাকিস্তানলৈ যাব ।

শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে, "যেতিয়ালৈকে সন্ত্ৰাসবাদ পাকিস্তানৰ মদদপুষ্ট হৈ থাকিব, তেতিয়ালৈকে টীম ইণ্ডিয়াই কোনো পৰিস্থিতিতে পাকিস্তানত খেলিব নোৱাৰে । 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব নে নাই, সেয়া চাবলৈ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক: টি 20 ৰ শেষৰ পাঁচ অভাৰত সৰ্বাধিক ছয়ৰ অভিলেখ: শীৰ্ষত কেইবাজনো ভাৰতীয় - MOST SIXES FOR INDIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.