ETV Bharat / sports

ভাৰতলৈ আহি আছে তুৰ্কীৰ ভাইৰেল শ্বুটাৰ ইউছুফ ডিকেক: অংশগ্ৰহণ কৰিব শ্বুটিং বিশ্বকাপত - YUSUF DIKEC TO COME INDIA

author img

By ETV Bharat Sports Team

Published : Sep 12, 2024, 6:52 PM IST

Viral turkish shooter yusuf dikec: 2024 চনৰ পেৰিছ অলিম্পিকৰ ভাইৰেল শ্বুটাৰ তুৰ্কীৰ ইউছুফ ডিকেক অক্টোবৰত আহিব ভাৰত ভ্ৰমণলৈ ৷ শ্বুটাৰগৰাকীয়ে অংশগ্ৰহণ কৰিব আই এছ এছ এফ কাপত ৷ পঢ়ক সবিশেষ খবৰ...

YUSUF DIKEC TO COME INDIA
ইউছুফ ডিকেক (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: পকেটত হাত থৈ, স্থিৰ লক্ষ্য নিৰ্ধাৰণ কৰি এক সুকীয়া শৈলীৰে পেৰিছ অলিম্পিকত পদক জয় কৰিছিল তুৰ্কীৰ ইউছুফ ডিকেকে ৷ প্ৰায় এমাহ পূৰ্বে পেৰিছত পদক জিকি আলোড়ন সৃষ্টি কৰিছিল শ্বুটাৰগৰাকীয়ে । সকলো ঠিকে থাকিলে এই শ্বুটাৰগৰাকীক অক্টোবৰ মাহত দেখা যাব ভাৰতভূমিত ৷

তথ্য় অনুসৰি, শ্বুটিং বিশ্বকাপৰ ফাইনেল অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব ৷ সেইসূত্ৰে আন্তৰ্জাতিক শ্বুটিং ফেডাৰেশ্যনে (আই এছ এছ এফ) নিশ্চিত কৰিছে যে এই শ্বুটিং ছেনছেশ্যনগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

ভাৰতলৈ আহিব ইউছুফ ডিকেক

এই ছিজনৰ অন্তিমখন প্ৰতিযোগিতা বিশ্বকাপ ফাইনেল 13-18 অক্টোবৰৰ ভিতৰত ৰাজধানী চহৰ নতুন দিল্লীৰ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হ'ব । ভাৰতৰ শীৰ্ষ শ্বুটাৰ আৰু অলিম্পিক পদক বিজয়ীসকলক ইয়াত প্ৰতিদ্বন্দ্বিতা কৰা দেখা যাব ।

শ্বুটিং বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণৰ সম্ভাৱনা

অৱশ্যে সূত্ৰ অনুসৰি, অক্টোবৰত ভাৰতৰ মাটিত ডিকেকৰ উপস্থিতি সন্দৰ্ভত অব্যাহত থাকিব কৌতুহল ৷ indianshooting.com এ প্ৰকাশ কৰা এক বিবৃতিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং ফেডাৰেশ্যনে উল্লেখ কৰে যে, "নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ ফাইনেলত ইউছুফ ডিকেকৰ অংশগ্ৰহণক লৈ আমি গৌৰৱান্বিত । শ্বুটিঙত নিষ্ঠা আৰু উৎকৰ্ষতাই আজি সমগ্ৰ বিশ্বতে তেওঁক এক আদৰ্শ কৰি তুলিছে" ৷

পেৰিছ অলিম্পিকত চমক

51 বছৰীয়া ইউছুফে দীৰ্ঘদিন ধৰি তুৰ্কীৰ ডিজক শ্বুটিং ৰেঞ্জত আছিল, কিন্তু 2024 চনৰ পেৰিছ অলিম্পিকে তেওঁক এক সুকীয়া পৰিচয় প্ৰদান কৰে । শ্বুটাৰগৰাকীয়ে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ৰূপৰ পদক জিকি প্ৰথমটো অলিম্পিক পদক জয় কৰাৰ অভিলেখ গঢ়ে ৷

প্ৰদৰ্শনৰ উপৰিও শ্বুটিং ষ্টাইলৰ বাবে চৰ্চালৈ আহিছিল ডিকেক । কোনো শ্বুটিং সঁজুলি ব্যৱহাৰ কৰাৰ সলনি মাথো চকুত স্বাভাৱিক চশমা পৰিধান কৰিয়েই শ্বুটাৰগৰাকীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক জয়ী কৰে ৷ তেতিয়াৰে পৰা সংবাদ শিৰোনাম দখল কৰিছে ডিকেকে ৷

ডিকেকৰ কৃতিত্ব সন্দৰ্ভত মন্তব্য কৰি আই এছ এছ এফে indianshooting.com ত কয়, "অলিম্পিকত ইউছুফৰ ভাইৰেল মুহূৰ্তটোৱে শ্বুটিঙৰ মানদণ্ড বৃদ্ধি কৰিছে । সমগ্ৰ বিশ্বতে এক সংবেদন সৃষ্টি কৰি অনুৰাগী আৰু যুৱ খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাইছে" ৷

উল্লেখ্য যে, মনু ভাকৰ-সৰৱজিৎ সিঙে ইউছুফৰ উপস্থিতিত ভাৰতৰ হৈ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল ৷

লগতে পঢ়ক: অপ্ৰতিৰোধ্য ভাৰত: দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 3-1 গ’লত জয় - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.