ETV Bharat / sports

পেৰিছ অলিম্পিক : কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাভলীনা বৰগোহাঁই-নিখাত জাৰীন - Paris Olympics 2024

Lovlina Borgohain : পেৰিছ অলিম্পিক ২০২৪ ৰ বক্সিং ড্ৰ’ বৃহস্পতিবাৰে মুকলি কৰা হৈছে । ভাৰতৰ তাৰকা বক্সাৰ নিখাত জাৰিন আৰু লাভলীনা বৰগোহাঁয়ে খিতাপ জয়ৰ দৌৰত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সম্পূৰ্ণ বাতৰি পঢ়ক...

author img

By ETV Bharat Sports Team

Published : Jul 26, 2024, 4:17 PM IST

Lovlina Borgohain
কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাভলীনা-নিখাত (ANI Photo)

স্পৰ্টছ ডেস্ক, 26 জুলাই : পেৰিছ অলিম্পিক 2024 ৰ বক্সিঙৰ বাবে ড্ৰ’ বৃহস্পতিবাৰে মুকলি কৰা হয় ৷ ইয়াৰ লগে লগে ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰিন আৰু লাভলীনা বৰগোহাঁই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছে ৷ মহিলাৰ 50 কিলোগ্ৰাম ইভেণ্টত 32 ৰাউণ্ডত নিখাতে জাৰ্মানীৰ মেক্সি ক্লয়েৎজাৰৰ মুখামুখি হ'ব ৷ ড্ৰ’ ব্ৰেকেট অনুসৰি, দুবাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে ৰাউণ্ড অফ 16 ত চীনৰ এছিয়ান গেমছ চেম্পিয়ন উ য়ুৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ৷

ইফালে লাভলীনাৰ বাবেও পদকৰ পথ সহজ নহয় ৷ অসমৰ বক্সাৰগৰাকীয়ে মহিলাৰ 75 কিলোগ্ৰাম শাখাত নৰৱেৰ চুন্নিৱা হফষ্টাডৰ বিৰুদ্ধে খেলিব ৷ ইয়াৰ পিচত, তেওঁ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ মুখামুখি হ'ব পাৰে ৷ উল্লেখ্য যে, আজিৰে পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব লগা বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিকত 31 তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা ৷ এইবাৰৰ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লোৱা লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকত 69 কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত 75 কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক : পেৰিছত বিশ্বৰ ক্ৰীড়া মহাৰণ: ৩১ তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা - Paris Olympics 2024

নিখাতৰ সম্ভাব্য প্ৰতিদ্বন্দ্বী উ য়ু তেওঁৰ শাখাৰ শীৰ্ষ স্থানপ্ৰাপ্ত বক্সাৰ আৰু লগতে 52 কিলোগ্ৰামত বিশ্ব চেম্পিয়ন ৷ যদি নিখাতে এই প্ৰত্যাহ্বান অতিক্ৰম কৰে, তেন্তে তেওঁ কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ চুথামাত ৰাকচাট বা উজবেকিস্তানৰ চাবিনা বোবোকুলোভাৰ মুখামুখি হ'ব ৷ নিখাতে এই বছৰৰ আৰম্ভণিতে খেলা ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল ফাইনেলত বোবোকুলোভাৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিছিল ৷ লগতে, যোৱা বছৰ এছিয়ান গেমছৰ ছেমি ফাইনেলত নিখাটক পৰাস্ত কৰিছিল ৰাকছাটে ৷

লগতে পঢ়ক : ঐতিহাসিক দ্বিতীয় অলিম্পিক পদকত দৃষ্টি মীৰাবাঈ চানুৰ - Paris Olympics 2024

জেচমিন লাম্বোৰাই মহিলাৰ 57 কিলোগ্ৰাম শাখাত টকিঅ' 2020-ৰ ৰূপৰ পদক বিজয়ী ফিলিপাইনছৰ নেষ্টি পিটচিঅ'ৰ বিৰুদ্ধে এক ফিক্সাৰৰ সৈতে তেওঁৰ অলিম্পিক অভিযান আৰম্ভ কৰিব ৷ বিজয় পঞ্জীয়ন কৰিলে পৰৱৰ্তী ৰাউণ্ডত ফ্ৰান্সৰ তৃতীয় স্থান প্ৰাপ্ত আমিনা জিদানীৰ সৈতে জেচমিনৰ সংঘৰ্ষ হ'ব ৷

মুকলি কৰা ড্ৰ'ত এছিয়ান গেমছৰ ব্ৰঞ্জ পদক বিজয়ী প্ৰীতি পাৱাৰে ভিয়েটনামৰ ভো থি কিম আনৰ বিৰুদ্ধে ৰাউণ্ড অফ 32 ত ড্ৰ হৈছিল ৷ অমিত পাংঘাল আৰু নিশান্ত দেৱে তেওঁলোকৰ আৰম্ভণিৰ বাউটত বাই লাভ কৰিছে ৷ অৱশ্যে, অমিতে তেওঁৰ আৰম্ভণি বাউটত জাম্বিয়াৰ পেট্ৰিক চিনিয়েম্বাৰৰ বিৰুদ্ধে ৰিঙত নামিব আনহাতে নিশান্ত দেৱই ইকুৱেডৰৰ জোছ ৰড্ৰিগেজ টেনোৰিঅ'ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ বক্সিং ইভেণ্টবোৰ 27 জুলাইত এৰিনা পেৰিছ নৰ্ডত প্ৰাথমিক ৰাউণ্ডৰ সৈতে আৰম্ভ হ'ব ৷

লগতে পঢ়ক : আজিৰে পৰা প্ৰেমৰ চহৰত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান: জানিবলগীয়া কিছু কথা - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.