ETV Bharat / sports

অলিম্পিকত আজিৰ দিনটোত ভাৰতীয় খেলুৱৈসকলে কি কি ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 7, 2024, 12:10 AM IST

7 August India Olympics Schedule : চলিত পেৰিছ অলিম্পিকৰ একাদশ দিনটো ভাৰতৰ বাবে এটা ভাল দিন আছিল । মঙলবাৰে নীৰজ চোপ্ৰাই জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । আনহাতে, ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটেও সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় ৷ দ্বাদশ দিনটোত ভাৰতৰ বিভিন্ন ইভেণ্টৰ সময়সূচী কেনেধৰণৰ জানিবলৈ চাওক এই প্ৰতিবেদন ৷

7 August India Olympics Schedule
দ্বাদশ দিনত ভাৰতৰ অলিম্পিক সূচী (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট : পেৰিছ অলিম্পিক, ২০২৪ৰ একাদশ দিনটোত ভাৰতে উজ্জীৱিত প্ৰদৰ্শন কৰে । মঙলবাৰে ভাৰতৰ 'স্বৰ্ণ পুত্ৰ' নীৰজ চোপ্ৰাই জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰে । অৱশ্যে কিশোৰ কুমাৰ জৈনা জেভলিন থ্ৰ' ইভেণ্টৰ ফাইনেলৰ পৰা বাহিৰ ওলাবলগা হয় । আনহাতে, বিনেশ ফোগাটে মহিলাৰ 50 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া দ্বাদশদিনা ভাৰতৰ সকলোৰে দৃষ্টি ভাৰোত্তোলক মীৰাবাঈ চানু আৰু মহিলা টেবুল টেনিছ দলৰ ওপৰত থাকিব । ভাৰতৰ দ্বাদশ দিনৰ সমগ্ৰ সময়সূচীৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ।

৭ আগষ্টত ভাৰতীয় খেলুৱৈসকলৰ কি কি খেল অনুষ্ঠিত হ'ব

গল্ফ : ভাৰতে পেৰিছ অলিম্পিকত গ'ল্ফৰ জৰিয়তে দ্বাদশ দিনটো আৰম্ভ কৰিব । গ'ল্ফত অদিতি অশোক আৰু দীক্ষা ডাগৰে মহিলাৰ ব্যক্তিগত ষ্ট্ৰোক প্লে ৰাউণ্ড-1 ইভেণ্টত অংশগ্ৰহণ কৰিব । ভাৰতে এই দুগৰাকী মহিলা গ'ল্ফাৰৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিব ।

মহিলা একক গ'ল্ফৰ ৰাউণ্ড-1 (অদিতি অশোক আৰু দীক্ষা ডাগৰ) - ভাৰতীয় সময়মতে দুপৰীয়া 12.30 বজাত

টেবুল টেনিছ : মহিলা টেবুল টেনিছৰ দলীয় প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব । ভাৰতীয় দলত অৰ্চনা কামাথ, মণিকা বাত্ৰা আৰু শ্ৰীজা আকুলাই তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বুলি আশা কৰিব পাৰি । ৰাউণ্ড অব ১৬-ত ভাৰত দলে ৰোমানিয়াক পৰাস্ত কৰিছিল ।

মহিলা টেনিছৰ দলীয় কোৱাৰ্টাৰ ফাইনেল (অৰ্চনা কামাথ, মণিকা বাত্ৰা আৰু শ্ৰীজা আকুলা) - ভাৰতীয় সময় মতে দুপৰীয়া 1.30 বজাত

এথলেটিকছ : সূৰয পাৱাৰ আৰু প্ৰিয়ংকা গোস্বামীয়ে অলিম্পিকৰ দ্বাদশদিনা মাৰাথন দৌৰ ৱাক ৰিলে মিক্সড ইভেণ্টত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি ভাৰতৰ জ্যোতি য়াৰাজীক মহিলাৰ 100 মিটাৰ হৰ্ডলছ ৰাউণ্ড 1-ত অংশগ্ৰহণ কৰা দেখা যাব । তেওঁ হিট 4-ত অংশগ্ৰহণ কৰিব । প্ৰবীণ চিথাভেল আৰু আব্দুল্লাহ নাৰাঙ্গোলিণ্টাভিদাই পুৰুষৰ ট্ৰিপল জাম্প অৰ্হতা অৰ্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইয়াৰ বাহিৰেও সৰ্বেশ অনিল কুশৰেক প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰা দেখা যাব । তেওঁক পুৰুষৰ হাই জাম্প অৰ্হতা অৰ্জন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । অবিনাশ মুকুন্দ চাবলেয়ে পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ইভেণ্টৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ভাৰতে তেওঁলোকৰ পৰা এটা পদক আশা কৰিব ।

মাৰাথন দৌৰ ৱাক ৰিলে মিক্সড ইভেণ্ট (সূৰয পাৱাৰ আৰু প্ৰিয়ংকা গোস্বামী) - ভাৰতীয় সময় মতে পুৱা 11 বজাত

মহিলাৰ 100 মিটাৰ হৰ্ডলছ ৰাউণ্ড 1 (জ্যোতি য়াৰাজী) - ভাৰতীয় সময়মতে দুপৰীয়া 1.45 বজাত

পুৰুষৰ ট্ৰিপল জাম্প অৰ্হতা (প্ৰবীণ চিথাভেল আৰু আব্দুল্লাহ নাৰাঙ্গোলিণ্টাভিদা) - ভাৰতীয় সময়মতে নিশা 10.45 বজাত

পুৰুষৰ হাই জাম্প অৰ্হতা (সৰ্বেশ অনিল কুশৰে) - ভাৰতীয় সময়মতে দুপৰীয়া 1.35 বজাত

পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজ ফাইনেল - ভাৰতীয় সময় মতে নিশা 1.10 বজা

কুস্তি : ভাৰতৰ হৈ মল্লযুঁজত মহিলাৰ ৫৩ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অন্তিম পাংঘালে তুৰ্কীৰ জেনেপ ইয়েটগিলৰ বিৰুদ্ধে খেলিব । এই মেচবোৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা ছেমি ফাইনেললৈ চলিব ।

মহিলাৰ ফ্ৰীষ্টাইল 53 কিলোগ্ৰাম প্ৰি-কোৱাৰ্টাৰ ফাইনেল (অন্তিম পাংঘাল) - ভাৰতীয় সময়মতে দুপৰীয়া 2.30 বজাত

ভাৰোত্তোলন : টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে ভাৰতৰ হৈ দ্বাদশদিনা ভাৰোত্তোলনত অংশগ্ৰহণ কৰিব । ভাৰতে চানুৰ পৰা পুনৰ দেশৰ হৈ এটা পদক আশা কৰিব । মীৰাবাঈ চানুৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিব । এই মেচখন এখন পদকৰ মেচ হ'বলৈ গৈ আছে । তেওঁৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট দৰ্শনীয় আছিল ।

মহিলাৰ 49 কিলোগ্ৰাম ভাৰোত্তলন (মীৰাবাঈ চানু) - ভাৰতীয় সময় মতে নিশা 11 বজাত

লগতে পঢ়ক :মহিলা কুস্তিৰ ছেমি ফাইনেলত বিনেশ ফোগাট - Paris Olympics 2024
লগতে পঢ়ক :পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নীৰজ চোপ্ৰাৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.