ETV Bharat / sports

পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ এই বিতৰ্কই লজ্জিত কৰিছিল দেশক - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 12, 2024, 6:43 PM IST

Paris Olympics controversy: পেৰিছ অলিম্পিক ২০২৪ ভাৰতৰ বাবে অলপ বিতৰ্কিত হৈ পৰিছে । এইবাৰ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সৈতে বহু বিতৰ্ক দেখা গ’ল । কিন্তু এটা বিতৰ্কই দেশক লজ্জিত কৰি তুলিলে । পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics Controversy
পেৰিছ অলিম্পিক 2024 (ANI)

স্প’ৰ্টছ ডেস্ক, 12 আগষ্ট: পূৰ্বৰ অলিম্পিকৰ তুলনাত এইবাৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন হতাশাজনক । এইবাৰৰ অলিম্পিকত খেলুৱৈসকলৰ পৰা ভাৰতে বহু আশা ৰাখিছিল যদিও পদকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে টকিঅ’ৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিব নোৱাৰিলে । এইবাৰ ভাৰতে এটাও স্বৰ্ণ পদক লাভ কৰিব পৰা নাই । একাংশ ভাৰতীয় খেলুৱৈ পদক লাভৰ পৰা অলপতে ব্যৰ্থ হৈ চতুৰ্থ স্থানত থাকে । ইয়াৰ লগতে ভাৰতীয় খেলুৱৈৰ সৈতে কিছু বিতৰ্কও জড়িত হৈ পৰিছে, যাৰ ফলত পদকৰ সংখ্যা নিশ্চিতভাৱে হ্ৰাস পাইছিল ।

অলিম্পিকত ভাৰতীয় খেলুৱৈৰ বিতৰ্ক

  • নিশান্ত দেৱৰ ফলাফলত হৈছিল বিসংগতি

পেৰিছ অলিম্পিকত ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ ফলাফল অহাৰ লগে লগে তেওঁ আচৰিত হৈছিল । কোৱাৰ্টাৰ ফাইনেল খেলখনত প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছিল নিশান্তই । ইয়াৰ পিচত দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত তেওঁ অতি আক্ৰমণাত্মক হৈ ভাল পাঞ্চ দিছিল । কিন্তু ৰিজাল্ট অহাৰ লগে লগে নিশান্তৰ লগতে সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিল, কাৰণ বিচাৰকসকলে নিশান্তৰ বিৰুদ্ধে ফলাফল ঘোষণা কৰিলে । এই সিদ্ধান্তৰ পিচত অভিনেতা ৰণদীপ হুদাকে ধৰি বহু ভাৰতীয় চেলিব্ৰিটিয়ে হতাশা প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক: এটা ৰূপ আৰু 5 টা ব্ৰঞ্জ: পেৰিছত সামৰণি পৰিল ভাৰতীয় খেলুৱৈৰ যাত্ৰা - PARIS OLYMPICS 2024

  • ফাইনেলত প্ৰৱেশ কৰাৰ পিচতো পদক লাভ কৰাত ব্যৰ্থ বিনেশ ফ’গাট

পেৰিছ অলিম্পিকত উজ্জ্বল প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰি সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিলে বিনেশ ফ’গাটে । বিনেশে ফাইনেলত প্ৰৱেশ কৰি ৰূপৰ পদক লাভৰ যোগ্যতা অৰ্জন কৰিছিল যদিও চূড়ান্ত খেলৰ পূৰ্বে বিনেশৰ ওজন ৫০ কেজিৰ পৰা ১০০ গ্ৰাম অতিৰিক্তভাৱে বৃদ্ধি পাইছিল আৰু বিনেশক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । যাৰবাবে সমগ্ৰ দেশ নিৰাশ হৈছিল আৰু তেওঁ ৰূপৰ পদক লাভ কৰাত ব্যৰ্থ হৈছিল ৷অৱশ্যে ৰূপৰ পদকৰ বাবে তেওঁৰ সিদ্ধান্ত CAS (Court of Arbitration for Sport) ৰ আদালতত সংৰক্ষিত হৈ আছে ।

  • অন্তিম পাংঘলে অজানিতে কৰিলে ডাঙৰ ভুল

পেৰিছ অলিম্পিকত ৫৩ কেজি শাখাত যোগ্যতা অৰ্জন কৰা অন্তিম পাংঘলে অজানিতে কৰিলে এটা ডাঙৰ ভুল । পাংঘলে অলিম্পিক ভিলেজত প্ৰৱেশৰ বাবে দিয়া কাৰ্ডখন অনুচিতভাৱে ভগ্নীক দিছিল আৰু তেওঁৰ ভগ্নীয়ে কাৰ্ড ব্যৱহাৰ কৰি ধৰা পৰিছিল । ইয়াৰ পিচত ভাৰতীয় অলিম্পিক সংঘই নিয়ম উলংঘা কৰাৰ বাবে পাংঘলক অলিম্পিকৰ পৰা নিলম্বন কৰে আৰু তেওঁ ঘূৰি আহিবলগীয়া হয় । অৱশ্যে ভাৰতীয় অলিম্পিক সন্থাই তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰি কেৱল সতৰ্ক কৰি এৰি দিয়ে ।

লগতে পঢ়ক: দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.