ETV Bharat / sports

অৰ্হতা ৰাউণ্ডতে অভিযান সামৰিলে সৰবজোৎ-অৰ্জুনে - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 9:32 PM IST

Paris Olympics 2024: পদকৰ যুঁজত অৱতীৰ্ণ হ'ব নোৱাৰিলে এছিয়ান গেমছৰ স্বৰ্ণ জয়ী সৰবজোৎ সিং আৰু অৰ্জুন সিং চীমাই । অৰ্হতা প্ৰতিযোগিতাত অতি সাধাৰণ ব্যৱধানত পদকৰ খেলৰ পৰা বঞ্চিত হয় সৰবজোৎ সিং । অষ্টাদশ স্থানত ইভেণ্টটো সমাপ্ত কৰিলে অৰ্জুন সিং চীমাই ।

Paris Olympics 2024
অৰ্হতা ৰাউণ্ডতে অভিযান সামৰিলে সৰবজোৎ আৰু অৰ্জুনে (AP Photo)

স্পৰ্টছ ডেস্ক,২৭ জুলাই : পেৰিছ অলিম্পিকত শ্বুটিং শাখাত ভাৰতৰ প্ৰথমটো বিফলতা । শনিবাৰে অনুষ্ঠিত ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষৰ অৰ্হতা প্ৰতিযোগিতাত অতি সাধাৰণ ব্যৱধানত পদক খেলৰ পৰা বঞ্চিত হয় ভাৰতীয় শ্বুটাৰ ।

ভাৰতীয় শ্বুটাৰ সৰবজোৎ সিঙে অষ্টম স্থানত থকা জাৰ্মানীৰ শ্বুটাৰ ৰবিন ৱাল্টাৰক (১৭ বুলছআই) অতিক্ৰম কৰিব নোৱাৰিলে । দুয়োগৰাকী খেলুৱৈৰে পইণ্ট ৫৭৭ আছিল যদিও বুলছআইৰ ব্যৱধানত জাৰ্মান খেলুৱৈগৰাকী আগবাঢ়ি থাকে । সৰবজোৎ সিঙে ১৬ তকৈ অধিক ভিতৰুৱা (এক্স) শ্বট কৰাৰ পিচত ৱাল্টাৰ পদকৰ খেলখনৰ বাবে অন্তিম স্থান লাভ কৰে ।

শ্বুটিঙত ভাৰতৰ আন এক বিফলতা :

২২ বছৰীয়া সৰবজোৎ সিঙে তেওঁৰ ৬ টা শৃংখলাত ৯৪, ৯৭, ৯৬, ১০০, ৯৩ আৰু ৯৭ (মুঠ ৫৭৭) পইণ্ট সংগ্ৰহ কৰে । চতুৰ্থ শৃংখলাত তেওঁৰ নিখুঁত ১০০ পইণ্টে তেওঁক শীৰ্ষ তিনিটা স্থানলৈ লৈ যায় । কিন্তু পঞ্চম শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁক দশম স্থানলৈ অৱনমিত হয় । জাৰ্মান শ্বুটাৰক অতিক্ৰম কৰিবলৈ তেওঁক কমেও দুটা বুলছআইৰ প্ৰয়োজন আছিল, কিন্তু তেওঁ এটাও শ্বট কৰিব নোৱাৰিলে ।

ইফালে ভাৰতৰ অৰ্জুন সিং চীমাই মুঠ ৫৭৪ পইণ্টৰ সৈতে অষ্টাদশ স্থানত ইভেণ্টটো সমাপ্ত কৰে । অৰ্জুনে ১৭ টা বুলছআই অৰ্জন কৰে । এক সুন্দৰ আৰম্ভণি স্বত্বেও, চীমাই এটাও শৃংখলাত এক নিখুঁত ১০০ শ্বুট কৰাত ব্যৰ্থ হয় আৰু চতুৰ্থ আৰু পঞ্চম শৃংখলাত তেওঁৰ দুৰ্বল প্ৰদৰ্শনে শেষত তেওঁক আঘাত কৰে । তেওঁ চতুৰ্থ আৰু পঞ্চম শৃংখলাত ক্ৰমান্বয়ে ৯৪ আৰু ৯৩ পইণ্ট অৰ্জন কৰে ।

চীমা আৰু সৰবজোৎ সিং দুয়োগৰাকী ভাৰতীয় দলৰ অংশ আছিল যিয়ে যোৱা বছৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ পিষ্টল দলৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল ।

লগতে পঢ়ক :অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে বিহাৰৰ বিধায়িকাই ! - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.