ETV Bharat / sports

কেতিয়া আৰু কোন দিনা অলিম্পিকত জেভলিন থ্ৰ’ কৰিব নীৰজ চোপ্ৰাই ? - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 4, 2024, 6:55 PM IST

Updated : Aug 4, 2024, 9:10 PM IST

Paris Olympics 2024 Schedule : পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰাৰ ১৪০ কোটি ভাৰতীয়ৰ শেষ আশা কেতিয়া আৰু কিমান সময়ত তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ট্ৰেকত নামিব? সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ।

NEERAJ CHOPRA LIVE MATCH TIMINGS
কোন দিনা অলিম্পিকত জেভলিন থ্ৰ’ কৰিব নীৰজ চোপ্ৰাই (IANS Photo)

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত বৰ্তমানলৈকে ভাৰতৰ অভিযান সন্তোষজনক নহয় ৷ মাত্ৰ 3 টা ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত বৰ্তমান পদক তালিকাত 54 নম্বৰ স্থানত আছে ৷ ভাৰতৰ 140 কোটি দেশবাসীৰ চকু এতিয়া তাৰকা জেভেলিন নিক্ষেপকাৰী তথা বৰ্তমানৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ ওপৰত ৷ টকিঅ’ অলিম্পিকত ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰাৰ পাচত নীৰজ হৈ পৰিছে জাতীয় গৌৰৱৰ প্ৰতীক ৷ অনুৰাগীসকলে কৌতুহলী হৈ পৰিছে যে নীৰজে ইতিহাসৰ পুনৰাবৃত্তি কৰিব পাৰিবনে ?

পেৰিছত কেতিয়া থ্ৰ’ কৰিব নীৰজ চোপ্ৰাই ?

6 আগষ্টত অনুষ্ঠিত হ’বলগীয়া জেভেলিন থ্ৰ’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ৷ গ্ৰুপ এ-ৰ (A) অৰ্হতা ৰাউণ্ড দিনৰ 1.50 বজাৰ পৰা আৰম্ভ হ’ব আৰু একেদিনাই বিয়লি 3.20 বজাৰ পৰা গ্ৰুপ বি (B) আৰম্ভ হ’ব ৷ যদিহে নীৰজে অৰ্হতা ৰাউণ্ডৰ পৰা আগবাঢ়ি যায় তেন্তে 8 আগষ্টৰ নিশা 11.55 বজাৰ পৰা আৰম্ভ হ’বলগীয়া ফাইনেলত অংশগ্ৰহণ কৰিব ৷

নীৰজ চোপ্ৰাৰ পেৰিছ অলিম্পিক 2024 ৰ খেলখন ক'ত চাব ?

পেৰিছ অলিম্পিক 2024ত ভাৰতৰ কেইবাটাও স্পৰ্টছ18 নেটৱৰ্ক টিভি চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছে ৷ পেৰিছ অলিম্পিক ইংৰাজীত স্পৰ্টছ18 1 আৰু স্পৰ্টছ18 1 এইচ ডিত সম্প্ৰচাৰ কৰা হৈছে, তামিল আৰু তেলুগু বিকল্পও উপলব্ধ ৷ স্পৰ্টছ18 আৰু স্পৰ্টছ18 2 এ খেলখন হিন্দীত উপস্থাপন কৰিব ৷ আপুনি নীৰজ চোপ্ৰাক এই সকলোবোৰ চেনেলত লাইভ চাবলৈ সক্ষম হ'ব ৷

লগতে পঢ়ক : পেৰিছত তীব্ৰ গৰমে দহিছে ভাৰতীয় খেলুৱৈক, ক্ৰীড়া মন্ত্ৰালয়ে ল’লে বিশেষ পদক্ষেপ - Paris Olympics 2024

ভাৰতত ক'ত কৰিব লাইভ ষ্ট্ৰীমিং ?

আপুনি JioCinema app আৰু ৱেবছাইটত পেৰিছ অলিম্পিক 2024 ৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব, যিটো একেবাৰে বিনামূলীয়া ৷ ইয়াত নীৰজ চোপ্ৰাৰ লাইভ মেচখনো চাব পাৰিব ৷

টকিঅ’ অলিম্পিকত সৃষ্টি হোৱা ইতিহাস :

নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক 2020ত এথলেটিকছত ভাৰতৰ হৈ প্ৰথমটো অলিম্পিক স্বৰ্ণ জয় কৰি ইতিহাসৰ সৃষ্টি কৰিছিল ৷ টকিঅ’ গেমছত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিচত 2022 চনত ডাইমণ্ড লীগ খিতাপ আৰু 2023 চনত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰি জিলিকি উঠে নীৰজ ৷ এতিয়া তেওঁ জেভেলিন থ্ৰ’ত বৰ্তমানৰ বিশ্ব চেম্পিয়ন হিচাপে পেৰিছ অলিম্পিকত প্ৰৱেশ কৰিছে ৷

সোণৰ পদকৰ আশাত 140 কোটি ভাৰতীয় :

ভাৰতে পুনৰবাৰ নীৰজ চোপ্ৰাৰ পৰা স্বৰ্ণ পদক আশা কৰিছে ৷ পেৰিছ অলিম্পিকত আন এক ঐতিহাসিক প্ৰদৰ্শন আগবঢ়োৱাৰ উদ্দেশ্যেৰে ভাৰতে নীৰজ চোপ্ৰাৰ ওপৰত চকু ৰাখিব ৷ দেশৰ আশাৰ বোজা নিজৰ কান্ধত লৈ নীৰজে আকৌ এবাৰ বিশ্বৰ সৈতে যুঁজিবলৈ সাজু হৈছে ৷

কিশোৰ জেনাইও অংশগ্ৰহণ কৰিব :

উল্লেখ্য যে নীৰজৰ লগতে কিশোৰ জেনাই পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব ৷ হাংঝৌ এছিয়ান গেমছ 2023 ত নীৰজৰ পিচতে স্থান দখল কৰি জেনাই ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল ৷

লগতে পঢ়ক : শক্তিশালী প্ৰদৰ্শনেও পদক দিব নোৱাৰিলে নিশান্তক - Paris Olympics 2024

Last Updated : Aug 4, 2024, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.