স্পৰ্টছ ডেস্ক, 25 জুলাই : ভাৰতে ধুমধামেৰে আৰম্ভ কৰিছে পেৰিছ অলিম্পিক ৷ ৰেংকিং ইভেণ্টৰ জৰিয়তে দীপিকা কুমাৰী, অংকিতা বাকত আৰু ভজন কৌৰে ভাৰতীয় মহিলা ধনুৰ্ধৰ দলটোৱে পেৰিছ অলিম্পিক 2024 ৰ আৰ্চাৰী দলীয় ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷
The Indian Women's #Archery team comprising Bhajan Kaur, Deepika Kumari and Ankita Bhakat finish 4th in the team ranking round at #paris2024olympics.
— SAI Media (@Media_SAI) July 25, 2024
Off to the quarterfinals tomorrow! 🏹
Many congratulations to them. Let's #Cheer4Bharat👏🏻🥳 pic.twitter.com/afSeWP55EG
ভাৰতীয় তাৰকা অংকিতা ভক্ত, ভজন কৌৰ আৰু দীপিকা কুমাৰীৰ তিনিওজনে সুন্দৰ প্ৰদৰ্শন কৰে আৰু ভাৰতক কোৱাৰ্টাৰ ফাইনেললৈ টিকট দিয়ে ৷ দলৰ ৰেংকিং অনুসৰি, ভাৰতে এই ৰাউণ্ডটো চতুৰ্থ স্থানত শেষ কৰে ৷ ভাৰতৰ 1983 পইণ্ট আছিল, আনহাতে কোৰিয়াই অভিলেখ 2046 পইণ্টৰ সৈতে শীৰ্ষস্থান দখল কৰে ৷ চীন আৰু মেক্সিকো ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৷
Archery: India will take on winner of France/ Netherlands match in QF of Women's Team event on 28th Jul. Medals will be decided on the same day.
— India_AllSports (@India_AllSports) July 25, 2024
Powerhouse South Korea would be waiting next in Semis, if India manage to cross QF hurdle. #Archery #Paris2024withIAS #Paris2024 https://t.co/d21pYKwF4W pic.twitter.com/pw8WQ1Ts3n
তিনিওজনে ক্ৰমে দক্ষিণ কোৰিয়া (2046), চীন (1996) আৰু মেক্সিকো (1986)ৰ পিচত ৰেংকিং ইভেণ্টত চতুৰ্থ স্থান লাভ কৰে ৷ ভাৰতে এই প্ৰতিযোগিতাত 1983 পইণ্ট অৰ্জন কৰিছিল ৷ দক্ষিণ কোৰিয়াৰ দলটোৰ 2046 পইণ্ট হৈছে শেহতীয়া অলিম্পিক অভিলেখ, যি জাপানত অনুষ্ঠিত যোৱা গ্ৰীষ্মকালীন গেমছত তেওঁলোকৰ দেশৰ পূৰ্বৰ 2032 পইণ্টৰ অভিলেখ ভংগ কৰে ৷
শেষৰ পূৰ্বে 8ম স্থান লাভ কৰা অংকিতাই ছিজনৰ সৰ্বোত্তম 11 নম্বৰ স্থান দখল কৰে ৷ ভজন আৰু দীপিকাই ক্ৰমে 22 আৰু 23 নম্বৰ স্থান লাভ কৰে ৷ টিম ইণ্ডিয়াই 21 টা বুলচআই আৰু 83 টা টেন (10 )ৰে 1983 পইণ্ট লাভ কৰে ৷ ব্যক্তিগত ইভেণ্টত অংকিতাই 666 পইণ্ট লাভ কৰাৰ বিপৰীতে ভজন আৰু দীপিকাই ক্ৰমে 659 আৰু 658 পইণ্ট লাভ কৰে ৷
লগতে পঢ়ক : পেৰিছ অলিম্পিক : পূৰ্বৰ অভিলেখ ভংগৰ লক্ষ্য ভাৰতৰ - Paris Olympics 2024
28 জুলাইত কোৱাৰ্টাৰ ফাইনেল :
28 জুলাইত মহিলা দলীয় ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স/নেদাৰলেণ্ডৰ খেলখনৰ বিজয়ী দলৰ বিৰুদ্ধে ভাৰতে মুখামুখি হ’ব | একেদিনাই কোনে পদক লাভ কৰিব সেয়া নিশ্চিত হ’ব ৷ যদি ভাৰতে কোৱাৰ্টাৰ ফাইনেলৰ বাধা অতিক্ৰম কৰাত সফল হয়, তেন্তে দক্ষিণ কোৰিয়াৰ শক্তিশালী দলটোৱে ছেমি ফাইনেলত ইয়াৰ বাবে অপেক্ষা কৰিব ৷
পুৰুষৰ ব্যক্তিগত আৰু দলৰ আৰ্চাৰী ৰেংকিং ৰাউণ্ডবোৰ দিনটোৰ পিচত ভাৰতীয় সময়মতে সন্ধিয়া 5:45 বজাত খেলা হ'ব ৷ ভাৰতৰ পুৰুষ আৰ্চাৰী দলটোত ধনুৰ্বিদ - ধিৰাজ বম্মাদেওৰা, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ আছে ৷
লগতে পঢ়ক : আৰ্চাৰীৰে ভাৰতৰ অলিম্পিকৰ যাত্ৰা আৰম্ভ - Paris Olympics 2024