ETV Bharat / sports

পেৰিছ অলিম্পিক : কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ ভাৰতীয় পুৰুষৰ আৰ্চাৰী দলৰ অভিযান সমাপ্ত - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 8:42 PM IST

Paris Olympics 2024 Archery : পুৰুষৰ দলীয় ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষৰ আৰ্চাৰী দল। সোমবাৰে অনুষ্ঠিত হোৱা খেলখনত তুৰস্কৰ হাতত ২-৬ ব্যৱধানত পৰাস্ত হয় তৰুণদীপ ৰায়, ধীৰাজ বোম্মাদেৱৰা আৰু প্ৰবীণ যাদৱক লৈ গঠিত ভাৰতীয় দলটো।

Paris Olympics 2024 Archery
ভাৰতীয় পুৰুষৰ আৰ্চাৰী দলৰ অভিযান সমাপ্ত (AP Photo)

স্পৰ্টছ ডেস্ক, 29 জুলাই : পুৰুষৰ দলীয় ইভেণ্টৰ ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষৰ আৰ্চাৰী দল ৷ সোমবাৰে অনুষ্ঠিত হোৱা খেলখনত তুৰস্কৰ হাতত 2-6 ব্যৱধানত পৰাস্ত হয় তৰুণদীপ ৰায়, ধীৰাজ বোম্মাদেৱৰা আৰু প্ৰবীণ যাদৱক লৈ গঠিত ভাৰতীয় দলটো ৷

ভাৰতীয় পুৰুষৰ ধনুৰ্বিদ দলৰ হতাশাজনক প্ৰদৰ্শন :

কোৱাৰ্টাৰ ফাইনেল খেলখনত ভাৰতৰ তৰুণদীপ ৰায়, প্ৰবীণ যাদৱ আৰু বোম্মাদেৱৰা ধীৰাজৰ দলটোৱে প্ৰথম দুটা ছেটত 57-33 আৰু 55-52 ব্যৱধানত পিচপৰি ৰয় ৷ অৱশ্যে প্ৰথম দুটা ছেট হেৰুৱাই ভাৰতীয় দলটোৱে তুৰ্কীৰ বিৰুদ্ধে তৃতীয় ছেটত জয়লাভ কৰি সামান্য প্ৰত্যাৱৰ্তন কৰে ৷

কিন্তু, ভাৰতৰ এই জয়েই মেচখন জয় কৰিবলৈ যথেষ্ট নাছিল, কিয়নো চতুৰ্থ ছেটত তেওঁলোক বিফলতাৰ সন্মুখীন হয় ৷ ফলত চলি থকা পেৰিছ অলিম্পিক 2024ত সোমবাৰে ছেমি ফাইনেল পৰ্যায়লৈ আগবাঢ়িব নোৱাৰিলে ভাৰতীয় দলটো ৷

খেলখনৰ আৰম্ভণিৰে পৰাই তুৰ্কীৰ দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ৷ প্ৰথম দুটা ছেট জয় কৰাৰ পিচত তৃতীয় ছেটটোও তুৰস্কৰ পক্ষত গৈছিল ৷ কিন্তু, বৰকিম টুমাৰে নিজৰ শেষ শ্বটত 7 পইন্ট সংগ্ৰহ কৰে, যাৰ বাবে ভাৰতে ছেটটো জয় কৰে ৷

চূড়ান্ত ছেটত যাদৱে দুটা 10 শ্বট দিছিল যদিও দুবাৰৰ বিশ্বকাপৰ ব্ৰঞ্জৰ পদক বিজয়ী বোম্মাদেৱাই দলৰ চূড়ান্ত প্ৰচেষ্টাত মাত্ৰ 7 পইণ্টহে লাভ কৰিছিল ৷ একে সময়তে বৰ্তমানৰ অলিম্পিক ব্যক্তিগত চেম্পিয়ন তুৰ্কীৰ মেটে গাজোজে নিখুঁত 10 পইন্ট সংগ্ৰহ কৰি চতুৰ্থ ছেটত নিজৰ দলটোক 58-54 ব্যৱধানত জয়লাভ কৰাত সহায় কৰে ৷

ইফালে আজি অনুষ্ঠিত হোৱা মহিলা দলীয় আৰ্চাৰীতো ভাৰতীয় দলটো কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৷

লগতে পঢ়ক : বেডমিণ্টনত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত পৰাস্ত অশ্বিনী পোনপ্পা-তানিছা ক্ৰাষ্টো - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.