ETV Bharat / sports

আৰ্চাৰীৰে ভাৰতৰ অলিম্পিকৰ যাত্ৰা আৰম্ভ - Paris Olympics 2024

Paris Olympics 2024 : ভাৰতে বৃহস্পতিবাৰে পেৰিছ অলিম্পিক ২০২৪ত অভিযান আৰম্ভ কৰিছে । ভাৰতৰ ৬ গৰাকী খেলুৱৈয়ে অৰ্হতা ৰাউণ্ডত অংশগ্ৰহণ কৰিব ।

Paris Olympics 2024
আৰ্চাৰীৰে ভাৰতৰ অলিম্পিকৰ যাত্ৰা আৰম্ভ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 2:55 PM IST

স্পৰ্টছ ডেস্ক,২৫ জুলাই : পেৰিছ অলিম্পিক ২০২৪ৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা ভাৰতীয় আৰ্চাৰী দলে অভিযান আৰম্ভ কৰিব । এই অৰ্হতা ৰাউণ্ডত ভাৰতৰ আটাইকেইগৰাকী অৰ্থাৎ ৬ গৰাকী আৰ্চাৰী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

মহিলাৰ ব্যক্তিগত আৰু দলীয় প্ৰতিযোগিতাত দুপৰীয়া ১ বজাত প্ৰথম অলিম্পিক আৰ্চাৰী পদকৰ বাবে ভাৰতৰ অভিযান আৰম্ভ কৰে । ইয়াৰ পিচত পুৰুষৰ ব্যক্তিগত, দলীয়া আৰু মিশ্ৰিত দলে সন্ধিয়া ৫:৪৫ বজাত প্ৰতিদ্বন্দ্বিতা কৰিব ।

লণ্ডন অলিম্পিক ২০১২ৰ পিচত পেৰিছ অলিম্পিক ২০২৪ হৈছে এনেধৰণৰ প্ৰথম প্ৰতিযোগিতা য'ত ভাৰতে সম্পূৰ্ণ শক্তিৰে অলিম্পিক আৰ্চাৰী ইভেণ্টত অৱতীৰ্ণ হ'ব । আৰ্চাৰী খেলুৱৈসকলে আশা কৰিব যাতে তেওঁলোকে এক উন্নত ৰেংকিং লাভ কৰিব পাৰে ।

এই অৰ্হতা ৰাউণ্ডটো ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব । ভাৰতীয় দলটো প্ৰায়ে নিম্ন স্থানত থকা দেখা যায়, যাৰ বাবে নকআউট পৰ্যায়ত দক্ষিণ কোৰিয়াৰ দৰে শক্তিশালী দলৰ মুখামুখি হ'ব লগা হয় ।

ভাৰতীয় আৰ্চাৰী দল :

পুৰুষ দল : তৰুণদীপ ৰায়, ধীৰাজ বোম্মাদেবৰা আৰু প্ৰবীণ যাদৱ

মহিলা দল : দীপিকা কুমাৰী, ভজন কৌৰ আৰু অংকিতা ভক্ত

পেৰিছৰ এস্প্লেনেড ডেচ ইনভেলিডেছত বৃহস্পতিবাৰে অলিম্পিকৰ আৰ্চাৰী ইভেণ্টসমূহ অনুষ্ঠিত হ'ব ।

ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১ বজাৰ পৰা মহিলাৰ ব্যক্তিগত ইভেণ্ট অনুষ্ঠিত হ'ব । একে সময়তে মহিলাৰ দলীয় ইভেণ্টো অনুষ্ঠিত হ'ব । সন্ধিয়া ৫.৪৫ৰ পৰা পুৰুষৰ ব্যক্তিগত আৰু দলীয় ইভেণ্ট অনুষ্ঠিত হ'ব । একে সময়তে মহিলা আৰু পুৰুষৰ মিশ্ৰিত ইভেণ্টো অনুষ্ঠিত হ'ব । খেলবোৰ স্পৰ্টছ১৮ত সম্প্ৰচাৰ হ'ব । লগতে জিঅ' চিনেমা এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।

লগতে পঢ়ক :পেৰিছ ২০২৪ অলিম্পিক: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত নীতা আম্বানী - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.