স্পৰ্টছ ডেস্ক, ১৩ আগষ্ট : পেৰিছ অলিম্পিক ২০২৪ ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলৰ বাবে দুৰ্যোগ হিচাপে প্ৰমাণিত হয়, কাৰণ তেওঁলোকে কোনো পদক অবিহনে দেশলৈ উভতিবলগীয়া হয় । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মিছন অলিম্পিক চেলৰ জৰিয়তে ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছিল । ১১৮ গৰাকী খেলুৱৈকে ধৰি ভাৰতীয় দলটোৰ বাবে ৪৭০ কোটি টকাৰ বিপুল পৰিমাণৰ ধন আবণ্টন দিয়া হৈছিল ।
🇮🇳😭 𝗦𝘁𝗶𝗹𝗹 𝗰𝗮𝗻'𝘁 𝗯𝗲𝗹𝗶𝗲𝘃𝗲 𝘁𝗵𝗲𝘆 𝗹𝗼𝘀𝘁! One of India's biggest medal prospects, Satwik & Chirag faced a quarter-final exit at #Paris2024 following a defeat against the duo of Aaron & Wooi Yik Soh.
— India at Paris 2024 Olympics (@sportwalkmedia) August 1, 2024
🥺 Hopefully, the rest of our badminton contingent fares a bit… pic.twitter.com/9gv0c5tcN4
বেডমিণ্টনত ৭২.০৩ কোটি টকা বিনিয়োগ কৰা হৈছিল, যিটো কোনো বিশেষ খেলৰ বাবে দ্বিতীয় সৰ্বাধিক পুঁজি আছিল । ইয়াৰ উপৰিও ১৩টা ৰাষ্ট্ৰীয় শিবিৰ আৰু ৮১টা বহিঃৰাষ্ট্ৰৰ প্ৰদৰ্শন ভ্ৰমণকে ধৰি এই খেলে বিপুল সমৰ্থন লাভ কৰে ।
লগতে পঢ়ক: পেৰিছ অলিম্পিক 2024 ত ভাৰতীয় খেলুৱৈসকলে ভংগ কৰা অভিলেখসমূহ - PARIS OLYMPICS 2024
- সাতৱিক আৰু চিৰাগ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত:
সাতৱিক আৰু চিৰাগৰ ভাৰতীয় যুটিটো প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে পদকৰ প্রতিদ্বন্দ্বী আছিল ৷ কিন্তু, গ্ৰুপ পৰ্যায়ৰ পৰা ডাঙৰ ফৰ্মত অহাৰ পিছত তেওঁলোকৰ প্ৰথম অলিম্পিক পদক জয়ৰ সপোন কোৱাৰ্টাৰ ফাইনেলত ছিন্নভিন্ন হৈ পৰিল । সোণৰ পদকৰ বাবে অন্যতম ফেভাৰিট সাতৱিক আৰু চিৰাগে প্ৰথম ছেটৰ অগ্ৰগতি লাভ কৰাত ব্যৰ্থ হৈ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ যুটি ছ’ ৱুই য়িক আৰু চিয়া এৰনৰ বিৰুদ্ধে ২১-১৩, ১৪-২১, ১৬-২১ ছেটত পৰাস্ত হয় । পদক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা এই যুটিটোৱে অন্তিম ৮ পৰ্যায়ৰ পৰাই বাহিৰ হোৱাটো ভাৰতৰ বাবে আছিল এক মোক্ষম আঘাত ।
PV SINDHU OUT OF ROUND 16...!!!
— Johns. (@CricCrazyJohns) August 1, 2024
- A heartbreaking day for India in Paris Olympics after the medal in shooting. 💔 pic.twitter.com/0jJ2i1H942
লগতে পঢ়ক: সাতৱিক-চিৰাগে সামৰিলে অলিম্পিক অভিযান - Paris Olympics 2024
- কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত পি ভি সিন্ধু:
যোৱা দুটা সংস্কৰণত পদক লাভ কৰা পি ভি সিন্ধুৱে এইবাৰ পদক লাভ কৰাত ব্যৰ্থ হয় । পেৰিছ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হে বিংজিয়াওৰ হাতত ১৯-২১, ১৪-২১ ছেটত পৰাস্ত হয় সিন্ধু । একেৰাহে তৃতীয়বাৰৰ বাবে অলিম্পিক পদক লাভৰ সুযোগ হেৰুৱাই পেলোৱাত সিন্ধুৰ পৰাজয় ভাৰতৰ বাবে আছিল এক ডাঙৰ আঘাত ।
Hi everyone!
— Lakshya Sen (@lakshya_sen) August 6, 2024
My journey at the Paris 2024 Olympics has been both an honor and a heartbreak. I gave my all, fought with every ounce of strength, but fell just short of the podium.
I am very grateful to all the supporters for their unwavering support. pic.twitter.com/9Zm8QzhY9Y
- চতুৰ্থ স্থান দখল লক্ষ্য সেনৰ
ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে পেৰিছ অলিম্পিকত চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ লক্ষ্যৰ প্ৰতিযোগিতাৰ আৰম্ভণিতে সুন্দৰ প্ৰদৰ্শন কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷ বিশ্ব বেটমিন্টনৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ইণ্ডোনেছিয়াৰ জনাথন ক্ৰীষ্টিক পৰাস্ত কৰি তেওঁ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । কিন্তু, ইয়াৰ পিছত তেওঁ ছেমি ফাইনেলত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ বিৰুদ্ধে পৰাস্ত হয় ৷ ইয়াৰ পাছত ব্ৰঞ্জৰ পদকৰ মেচত তেওঁ মালয়েছিয়াৰ লি জিই জিয়াৰ বিৰুদ্ধে প্ৰথম ছেটত সুন্দৰ প্ৰদৰ্শন কৰি অগ্ৰগতি লাভ কৰে যদিও মূল মেচখনত তেওঁ পৰাস্ত হয় ।
লগতে পঢ়ক: পদক অৰ্জনত ব্যৰ্থ : ব্ৰঞ্জ পদকৰ মেচত পৰাস্ত আঘাতজৰ্জৰ লক্ষ্য সেন - Paris Olympics 2024