ETV Bharat / sports

পেৰিছ অলিম্পিকত প্ৰেম : সোণৰ পদক বিজয়ী প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ দিলে বেডমিন্টন খেলুৱৈয়ে - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 4:36 PM IST

Paris Olympics 2024 Viral Video : শুকুৰবাৰে পেৰিছ অলিম্পিকত দেখা গ’ল এক অনন্য দৃশ্য ৷ মিক্সড ডাবলছ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ পিচত এজন বেডমিণ্টন খেলুৱৈয়ে প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিচতে এই ভিডিঅ’ ভাইৰেল পৰে ছ’চিয়েল মিডিয়াত ।

Paris Olympics 2024 Viral Video
সোণৰ পদক বিজয়ী প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ (AP Photo)

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : 2024 চনৰ পেৰিছ অলিম্পিকৰ সপ্তমটো দিনত দেখা গ’ল এক সুন্দৰ, প্ৰেমেৰে ভৰা দৃশ্য ৷ শুকুৰবাৰে চীনৰ বেডমিণ্টন খেলুৱৈ লিউ ইউচেনে সোণৰ পদক লাভ কৰাৰ পিচত তেওঁৰ শ্বাটলাৰ প্ৰেমিকা হুয়াং ইয়াকিয়ঙক আঁঠু লৈ বিবাহৰ প্ৰস্তাৱ দিয়ে ৷

অলিম্পিকত প্ৰকাশ পালে প্ৰেম :

মিক্সড ডাবলছৰ ফাইনেলত হুয়াং ইয়াকিয়ঙে ঝেং চিৱেইৰ সৈতে লগ লাগি তেওঁৰ দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি সোণৰ পদক জয় কৰাৰ ঠিক পিচতে এই প্ৰস্তাৱটো লাভ কৰে ৷ যাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে ৷

এটা আঁঠু কাঢ়ি প্ৰস্তাৱ :

শুকুৰবাৰে তেওঁৰ সংগী ঝেং চিৱেইৰ সৈতে বেডমিণ্টন মিক্সড ডাবলছত শীৰ্ষস্থান দখল কৰাৰ পিচত হুয়াং ইয়াকিয়ঙক প্ৰেমিক লিউ ইউচেনে প্ৰস্তাৱ দিছিল ৷ পদক প্ৰদানৰ পিচত লিউৱে ফুল লৈ হুয়াঙৰ বাবে অপেক্ষা কৰিলে, আহি পোৱাৰ লগে লগে লিউৱে মজিয়াত এটা আঁঠু লৈ বহে; বিয়াৰ প্ৰস্তাৱ দিবলৈ তেওঁ আঙুঠিটো উলিয়াই দিয়াৰ লগে লগে হুয়াং আচৰিত হয় ৷

সোণৰ পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে সঁহাৰি দিয়ে :

চীনৰ পুৰুষৰ ডাবলছ বেডমিণ্টন খেলুৱৈ লিউ ইউচেনে তেওঁৰ প্ৰেমিকা হুয়াং ইয়াকিয়ং নামৰ মিক্সড ডাবলছ খেলুৱৈগৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল ৷ দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি মিক্সড ডাবলছৰ ফাইনেলত ঝেং ছিৱেইৰ সৈতে স্বৰ্ণ পদক লাভ কৰাৰ ঠিক পিচতেই এই প্ৰস্তাৱ আহে ৷ এই প্ৰস্তাৱত হুয়াং ইয়াকিয়ঙে আপ্লুত হৈ লগে লগে সঁহাৰি অৰ্থাৎ হয় বুলি কয় ৷ ইয়াৰ পিচতে অনুৰাগীসকলে লাইক কৰি ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে ৷

লগতে পঢ়ক : জৈৱিক পুৰুষ ! অলিম্পিকৰ মহিলা বক্সাৰক লৈ তোলপাৰ ছ'চিয়েল মিডিয়া - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.