ETV Bharat / sports

শ্বুটিঙত ভাৰতৰ দুৰ্বল আৰম্ভণি : অৰ্হতা ৰাউণ্ডৰ বাহিৰত ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দল - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:16 PM IST

Updated : Jul 27, 2024, 10:25 PM IST

Paris Olympics 2024 Shooting : পেৰিছ অলিম্পিক ২০২৪ ৰ প্ৰথম দিনা শ্বুটিংত ভাৰতে দুৰ্বল আৰম্ভণি কৰে। ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলটো অৰ্হতাৰ বাহিৰত থাকে ৷ কিয়নো ৰমিতা-অৰ্জুন আৰু ইলাভেনিল-সন্দীপ ১০ মিটাৰ শ্ৰেণীৰ বাহিৰত আছে। তেওঁলোকে ষষ্ঠ আৰু দ্বাদশ স্থান লাভ কৰে।

Paris Olympics 2024 Shooting
শ্বুটিঙত ভাৰতৰ দুৰ্বল আৰম্ভণি (AP Photo)

স্পৰ্টছ ডেস্ক, 27 জুলাই : পেৰিছ অলিম্পিক 2024 ৰ প্ৰথম দিনা ভাৰতৰ পদক জয়ৰ আশা ভংগ হয় ৷ কাৰণ শ্বুটিংত ভাৰতে দুৰ্বল আৰম্ভণি কৰে ৷ অৰ্জুন বাবুটা আৰু ৰমিতা জিন্দালে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম ইভেণ্টৰ পদক মেচত স্থান হেৰুৱাই অৰ্হতা ৰাউণ্ডত ষষ্ঠ স্থান লাভ কৰে ৷

ৰমিতা আৰু অৰ্জুনে 3 টা ৰাউণ্ডৰ অৰ্হতাত মুঠ 628.7 পইণ্ট লাভ কৰে ৷ 3 টা শ্বট বাকী থকা অৱস্থাত 5 ম স্থানত থকা ৰমিতা আৰু অৰ্জুনে পদক ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনৰ অতি ওচৰ চাপিছিল যদিও ভাৰতীয় যুটিটো 1.0 পইণ্ট পিছ পৰি ৰয় ৷

একেটা ইভেণ্টতে, সন্দীপ সিং আৰু ইলাভেনিল ভালাৰিভানৰ আনটো ভাৰতীয় যুটিয়ে মুঠ 626.3 স্ক’ৰৰ সৈতে দ্বাদশ স্থান লাভ কৰে ৷

পদক প্ৰতিযোগিতাৰ বাবে অৰ্হতা ৰাউণ্ডত শীৰ্ষ-4 টা দলে সোণৰ পদকৰ মেচখনত খেলিব, আনহাতে তৃতীয় আৰু চতুৰ্থ স্থানত থকা দলবোৰে ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ চীন, কোৰিয়া, জাৰ্মানী আৰু কাজাখাস্তানে 10 মিটাৰ এয়াৰ ৰাইফল মিশ্ৰিত দলৰ পদক মেচত প্ৰতিদ্বন্দ্বিতা কৰিব ৷

লগতে পঢ়ক : বিশ্ব ক্ৰীড়া মহাৰণৰ আড়ম্বৰপূৰ্ণ আৰম্ভণি অনুষ্ঠানত উজলিল ভাৰতীয় দল - PARIS OLYMPICS 2024

ইফালে আজি অলিম্পিকৰ প্ৰথম দিনটোত আন চাৰিগৰাকী ভাৰতীয় শ্বুটাৰ - মনু ভাকেৰ, ৰিদম চাংৱান, সৰবজোৎ সিং আৰু অৰ্জুন চিমাই 10 মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত ইভেণ্টত অংশগ্ৰহণ কৰিব ৷ মনু ভাকেৰৰ পৰা শ্বুটিঙত অলিম্পিক পদক লাভৰ আশা সৰ্বাধিক ৷

উল্লেখ্য যে, পেৰিছ অলিম্পিকৰ প্ৰথমদিনাই শ্বুটিং ৰেঞ্জৰ পৰা ভাৰতৰ বাবে ভাল খবৰ আহিব বুলি আশাবাদী আছিল দেশবাসী ৷ কিন্তু আশাহত কৰি 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় ইভেণ্টত পদকৰ দৌৰৰ পৰা বাহিৰ হয় ভাৰতীয় দল দুটা ৷ ভাৰতৰ দুয়োটা দল কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হৈছিল ৷ ইফালে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় ইভেণ্টত বিশ্ব অভিলেখ ভাৰতৰ দখলত আছে ৷ 2023 চনৰ ফেব্ৰুৱাৰীত ইজিপ্তৰ কায়ৰোত অনুষ্ঠিত বিশ্বকাপত ভাৰতীয় দলে অৰ্জন কৰা এই প্ৰতিযোগিতাত বিশ্ব অভিলেখ হৈছে 635.8 পইন্ট ৷

লগতে পঢ়ক : মিক্সড ফায়াৰ ৰাইফলত ভাৰতে পদক জয় কৰিব : প্ৰাক্তন শ্বুটিং প্ৰশিক্ষক ছানি থমাছ - Paris Olympics 2024

Last Updated : Jul 27, 2024, 10:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.