ETV Bharat / sports

সফল পাকিস্তানী ক্ৰিকেটাৰৰ তালিকাত স্থান লাভৰ পৰা বঞ্চিত বাবৰ আজম - SALMAN BUTT ON BABAR AZAM

author img

By ETV Bharat Sports Team

Published : Aug 18, 2024, 3:11 PM IST

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অপেনাৰ ছলমান বাটৰ বিস্ফোৰক মন্তব্য ৷ বাটে বাছনি কৰিছে তিনিগৰাকী উপযুক্ত পাকিস্তানী ক্ৰিকেটাৰৰ নাম ৷ যি তালিকাৰ পৰা বাদ পৰিছে বাবৰ আজমৰ নাম ৷ ইয়াৰ আঁৰৰ কাৰণ কি? পঢ়ক এই প্ৰতিবেদনত ৷

SALMAN BUTT ON BABAR AZAM
বাবৰ আজমৰ ফিটনেছ সন্দৰ্ভত প্ৰশ্ন (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অপেনাৰ ছলমান বাটে দলটোৰ এক ডাঙৰ দুৰ্বলতা ৰাজহুৱা কৰিছে । বাটে প্ৰকাশ কৰা অনুসৰি, পাকিস্তানৰ হোৱাইট বলৰ অধিনায়ক বাবৰ আজম একেবাৰে উপযুক্ত নহয় ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে প্ৰকাশ কৰিছে এই বিস্ফোৰক তথ্য ৷

SALMAN BUTT ON BABAR AZAM
পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজম (IANS PHOTO)

বাৰ্তালাপৰ সময়ত ছলমানে পাকিস্তানৰ খেলুৱৈসকলৰ ফিটনেছৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰ লগতে তেওঁ পাকিস্তানৰ কেইজনমান ফিট খেলুৱৈকো বাছনি কৰিছিল, য’ত স্থান লাভ কৰা নাছিল বাবৰ আজমে ।

ছলমান বাটে পাকিস্তান দলৰ ফিটনেছৰ বিষয়ে সদৰী কৰে

নিজৰ ইউটিউব চেনেলত পতা কথাৰ সময়ত ছলমান বাটে কয়, "সমগ্ৰ দেশতে দলটোৰ ফিটনেছৰ বিষয়ে আলোচনা হৈছে । আনকি কনিষ্ঠ পৰ্যায়ৰ খেলুৱৈসকলকো দৌৰিবলৈ কোৱা হৈছে । আনকি টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰা দলটোৰ খেলুৱৈসকলক খেলপথাৰত ফিট দেখা পোৱা হোৱা নাছিল । এই সময়চোৱাত কোনো ফিজিঅ' বা প্ৰশিক্ষকক প্ৰশ্ন কৰা হোৱা নাছিল, কিন্তু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকলক তেওঁলোকৰ ফিটনেছ উন্নত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ আনহাতে, যি সকলৰ এইক্ষেত্ৰত দোষ আছিল, তেওঁলোক এতিয়াও দলত অন্তৰ্ভূক্ত হৈ আছে ৷

ছলমানৰ উপযুক্ত খেলুৱৈৰ তালিকাৰ পৰা বাদ পৰিল বাবৰ আজম

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছলমান বাটে ফিটনেছৰ কথা কওঁতে দলটোৰ আটাইতকৈ উপযুক্ত খেলুৱৈ হিচাপে বাছনি কৰিছে তিনিগৰাকী খেলুৱৈৰ নাম । বাটে শান মাছুদ, ফখৰ জামান আৰু মহম্মদ ৰিজৱানক দলৰ আটাইতকৈ উপযুক্ত খেলুৱৈ হিচাপে বাছনি কৰে ৷ এই তিনিগৰাকী খেলুৱৈক উপযুক্ত খেলুৱৈ হিচাপে বাছনি কৰাৰ লগে লগে ছলমানে পাকিস্তানৰ অধিনায়ক বাবৰ আজমক দলৰ উপযুক্ত খেলুৱৈৰ তালিকাৰ পৰা বাদ দিয়ে ৷

SALMAN BUTT ON BABAR AZAM
মেচৰ সময়ত সতীৰ্থৰ সৈতে বাবৰ আজম (IANS PHOTO)

"আপুনি ক'ব নোৱাৰে যে, সকলো খেলুৱৈ ফিট নহয় । যদি আপুনি কিছুমান খেলুৱৈলৈ লক্ষ্য কৰে, তেওঁলোক ফিটনেছৰ ক্ষেত্ৰত বিশ্ব ক্ৰিকেটৰ শীৰ্ষ 10 ত থকা দেখা পাব । আপুনি শান মাছুদ, ফখৰ জামান আৰু মহম্মদ ৰিজৱানক লক্ষ্য কৰিলে তেওঁলোকৰ ফিটনেছ চকুত পৰিব ৷ তেওঁলোক আটাইয়ে অনুশীলনত ভাল আৰু খেলপথাৰত ভালদৰে দৌৰে ।

পাকিস্তান ক্ৰিকেট দলৰ সদস্যসকলে টি-20 বিশ্বকাপ 2024 ৰ পূৰ্বে তেওঁলোকৰ ফিল্ডিং উন্নত কৰিবলৈ সেনা শিবিৰত প্ৰশিক্ষণ লৈছিল যদিও ইয়ে খেলুৱৈসকলৰ ফিটনেছক প্ৰভাৱিত কৰা নাই । ইতিমধ্যে পাকিস্তান ৰ ক্ৰিকেট দলটো সাজু হৈছে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তেওঁলোকৰ ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে ৷

লগতে পঢ়ক: কেইবাটাও অভিলেখৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ বিৰাট কোহলীৰ - VIRAT KOHLI 16 YEARS OF CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.