ETV Bharat / sports

টেষ্টৰ প্ৰথম দিনটোতে শক্তিশালী স্থিতিত পাকিস্তান; মাছুদ-ছাফিকৰ শতক অৰ্জন

Eng vs Pak: পাকিস্তান আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্টত আয়োজক পাকিস্তানে প্ৰথম দিনটোত 4 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 328 ৰাণ ।

author img

By ETV Bharat Sports Team

Published : 4 hours ago

ENG VS PAK 1ST TEST
ইংলেণ্ড বনাম পাকিস্তান (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: সোমবাৰৰ পৰা আৰম্ভ হৈছে পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ তিনিখন মেচৰ টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচত সুন্দৰ আৰম্ভণি কৰিছে পাকিস্তানী বেটছমেনসকলে ৷ প্ৰথম দিনটোৰ অন্তত 4 উইকেট হেৰুৱাই দলটোৱে 328 ৰাণ সংগ্ৰহ কৰি এক শক্তিশালী স্থিতিত উপনীত হৈছে ৷

পাকিস্তানৰ হৈ অধিনায়ক শ্বান মাছুদ আৰু আব্দুল্লা ছফিকে খেলিছিল শতকীয় ইনিংছ । শ্বান মাছুদে দ্ৰুত ইনিংছ খেলি 177 টা বলত দুটা ছয় আৰু 13 টা চাৰিৰে সংগ্ৰহ কৰে 151 ৰাণ । আনহাতে, আব্দুল্লা ছফিকে 10 টা চাৰি আৰু দুটা ছয়ৰ সহায়ত 184 টা বলত 102 ৰাণৰ ইনিংছ খেলে ।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ এবাৰ ব্যৰ্থ হোৱা দেখা যায় দলটোৰ প্ৰাক্তন অধিনায়ক বাবৰ আজমক । ইংলেণ্ডৰ বিৰুদ্ধে 71 টা বলত 30 ৰাণ সংগ্ৰহ কৰাৰ পিছতে ক্ৰিছ ৱ’কেছৰ বলত ধৰাশায়ী হয় আজম ৷ ইয়াৰ বাহিৰেও দিনটোৰ শেষলৈকে চাউদ চাকিল 35 ৰাণত ক্ৰিজত বৰ্তি থাকে ৷

শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাত পাকিস্তানে পৰাজয়ৰ সন্মুখীন হৈছিল । এই শৃংখলাত পৰাজয়ৰ পিছত পাকিস্তানে নিজৰ দেশত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়াও হৈছিল । কেৱল এয়াই নহয়, শ্বান মাছুদৰ অধিনায়কত্বক লৈও উত্থাপন হৈছিল প্ৰশ্ন । অৱশ্যে মূলতান টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি ক্ৰিকেটাৰগৰাকীয়ে সমালোচকসকলক উচিত প্ৰত্যুত্তৰ দিয়ে ৷

মঙলবাৰে ইতিমধ্যে আৰম্ভ হৈছে দ্বিতীয় দিনৰ খেল ৷ বৰ্তমানলৈকে পাকিস্তানে 6 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 397 ৰাণ ৷

লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু পাকিস্তান; দল ঘোষণা - ENG VS PAK 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.