স্পৰ্টছ ডেস্ক, 2 জুন : ভাৰতীয় যুৱ দবা খেলুৱৈ আৰ প্ৰজ্ঞানন্দই নৰৱে’ দবা চেম্পিয়নশ্বিপত নিজৰ আধিপত্য অব্যাহত ৰাখি শনিবাৰে নিশা পঞ্চম ৰাউণ্ডত বিশ্বৰ দ্বিতীয় স্থানৰ ফাবিয়ানো কাৰুয়ানাক পৰাস্ত কৰে ৷ এই জয়েৰে তেওঁ ক্লাছিক দবাত প্ৰথমবাৰৰ বাবে বিশ্বৰ এক নম্বৰ নৰৱে’ৰ মেগনাছ কাৰ্লচন আৰু বিশ্বৰ দ্বিতীয় নম্বৰৰ কাৰুয়ানাক পৰাস্ত কৰে ৷
নিজৰ উজ্জ্বল প্ৰদৰ্শনেৰে প্ৰজ্ঞানন্দই আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন (FIDE)ৰ বিশ্ব ৰেংকিঙতো শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে ৷ নৰৱে’ দবাৰ অফিচিয়েল হেণ্ডেলে এক্সত পোষ্ট কৰি লিখিছে, ‘প্ৰাগ ঘূৰি আহিছে ৷ 5 নং ৰাউণ্ডত বিশ্বৰ 2 নং ফেবিয়ানো কাৰুয়ানাক পৰাস্ত কৰি পুনৰ দবা জগতখনক স্তম্ভিত কৰি তুলিছে যুৱ প্ৰতিভাৱান খেলুৱৈ প্ৰজ্ঞানন্দই ৷ তৃতীয় ৰাউণ্ডত বিশ্বৰ 1 নং মেগনাছ কাৰ্লচনক পৰাস্ত কৰাৰ পিচত এতিয়া তেওঁ প্ৰথমবাৰৰ বাবে দবাত শীৰ্ষ দুজন খেলুৱৈক পৰাস্ত কৰিছে আৰু শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে ৷'
যোৱা বছৰৰ এফ আই ডি ই দবা বিশ্বকাপৰ ৰানাৰ্ছ আপ তথা 18 বছৰীয়া খেলুৱৈগৰাকীয়ে তৃতীয় ৰাউণ্ডত কাৰ্লচেনক পৰাস্ত কৰাৰ পূৰ্বে, কাৰ্লচেনৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ কিছু কৌশলী পদক্ষেপেৰে খেল আগবঢ়াই নিয়ে ৷ উদীয়মান কেৰিয়াৰত প্ৰজ্ঞানন্দই ৰেপিড আৰু ব্লিটজ দবা খেলত কাৰ্লচেনৰ বিৰুদ্ধে কেইটামান জয়ৰ ৰেকৰ্ড গঢ়িছিল ৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচনৰ বিৰুদ্ধে প্ৰথমটো ক্লাছিক জয় পঞ্জীয়ন কৰাৰ মাত্ৰ এদিন পিচতে বৃহস্পতিবাৰে স্পেয়াৰবেংক 1 এছ আৰ-বেংকত অনুষ্ঠিত হোৱা নৰৱে’ চেছ 2024ৰ চতুৰ্থ ৰাউণ্ডত ভাৰতৰ তাৰকা খেলুৱৈ প্ৰজ্ঞানন্দ আমেৰিকাৰ হিকাৰু নাকামুৰাৰ হাতত পৰাস্ত হয় ৷
নাকামুৰাই প্ৰজ্ঞানন্দৰ বিৰুদ্ধে উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছিল, যিয়ে খেলখন বচাবলৈ এটা নাইটৰ বলিদান দিছিল ৷ এই ত্যাগৰ আশা কৰি নাকামুৰাই উজ্জ্বল খেল প্ৰদৰ্শন কৰি এক দৰ্শনীয় জয়লাভ কৰি ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰে ৷ আনহাতে, প্ৰজ্ঞানন্দৰ ভগ্নী বৈশালীয়ে প্ৰবীণ পিয়া ক্ৰামলিঙক পৰাস্ত কৰি তেওঁৰ প্ৰদৰ্শন অব্যাহত ৰাখি মুঠ 8.5 পইণ্টৰ অগ্ৰগতি লাভ কৰে ৷
এইবাৰ এই প্ৰতিযোগিতা কেৱল বিখ্যাত নৰৱে’ দবা টুৰ্নামেন্ট নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈক প্ৰদৰ্শন কৰা সৰ্বমহিলা প্ৰতিযোগিতা নৰৱে’ চেছ উইমেনকো অন্তৰ্ভুক্ত কৰা হৈছে ৷ নৰৱে’ চেছৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দুয়োখন প্ৰতিযোগিতাতে সমান পুৰস্কাৰৰ ধনৰ সৈতে 6 জনীয়া ডাবল ৰাউণ্ড ৰবিন ফৰ্মেট অনুসৰণ কৰা হয়, যিয়ে দবাত লিংগ সমতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
লগতে পঢ়ক : বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈক পৰাস্ত কৰি সমাদৰ বুটলিছে প্ৰজ্ঞানন্দাই - Praggnanandhaa Beat Magnus Carlsen