ETV Bharat / sports

ভাৰতৰ বাবে পৰৱৰ্তী ডাঙৰ আশা- অধিক সোণ, অধিক ৰূপ আৰু অধিক ব্ৰঞ্জ: অলিম্পিক খেলুৱৈলৈ কোহলীৰ শুভেচ্ছা - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 15, 2024, 2:28 PM IST

Virat Kohli : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা হৃদয়স্পৰ্শী ভিডিঅ’ শ্বেয়াৰ কৰি ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া ১১৮ জন খেলুৱৈৰ দলটোক সমৰ্থন কৰিবলৈ দেশক আহ্বান জনায় ।

Virat Kohli
Kohli Gives Best Wishes To India's Paris Olympics-bound Athletes (AP)

স্প’ৰ্টছ ডেস্ক, ১৫ জুলাই : ভাৰতৰ তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাইন্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি আগন্তুক পেৰিছ অলিম্পিক ২০২৪ ত দেশক প্ৰতিনিধিত্ব কৰিবলগীয়া সকলো অলিম্পিক অভিমুখী খেলুৱৈক সমৰ্থন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে ।

ভিডিঅ’টোত তেওঁ অনুৰাগীসকলক তেওঁৰ সৈতে যোগ দি খেলুৱৈসকলক সমৰ্থন কৰিবলৈ কয়, কাৰণ তেওঁলোকে ২৬ জুলাইৰ পৰা পেৰিছত আৰম্ভ হ’বলগীয়া ক্ৰীড়া মহাৰণ অলিম্পিকত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে দৃঢ়তাৰ আগবঢ়িছে ।

২৯ জুনত বাৰ্বাডোছত মেন ইন ব্লুৱে টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পাচত লণ্ডনত অৱসৰৰ সময় কটোৱা বিৰাট কোহলীয়ে জেভেলিন থ্ৰ’ৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা, আৰু বক্সিং চেন্সেশন নিশান্ত দেৱকে ধৰি অন্যান্য ক্ৰীড়া খেলুৱৈৰ ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ভাৰতে বিচৰা ডাঙৰ বস্তুটো হ’ল অধিক সোণ, অধিক ৰূপ আৰু অধিক ব্ৰঞ্জৰ পদক ।

"ভাৰত, হিন্দুস্তান, ইণ্ডিয়া । এনে এটা সময় আছিল যেতিয়া বিশ্বই ভাৰতক কেৱল সাপৰ বেজ আৰু হাতীৰ দেশ বুলি ভাবিব পাৰিছিল । সময়ৰ লগে লগে সেই কথা সলনি হৈছে । আজি আমি বিশ্বৰ মাজত সৰ্ববৃহৎ গণতন্ত্ৰ, গ্ল'বেল টেক হিচাপে পৰিচিত । আমি ক্ৰিকেট আৰু বলীউডৰ বাবে পৰিচিত, বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে পৰিচিত । গতিকে, এই মহান দেশখনৰ বাবে পৰৱৰ্তী ডাঙৰ কথা কি বাৰু ? সেইটো হ’ব অধিক সোণ, অধিক ৰূপ আৰু অধিক ব্ৰঞ্জ ।’’ কোহলিয়ে কয় ।

ইয়াৰ পিচতে তেওঁ ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলক সম্বোধন কৰি ১১৮ জনীয়া খেলুৱৈৰ দলটোক সমৰ্থন কৰিবলৈ কয়, যিয়ে পূৰ্বৰ টকিঅ’ত অনুষ্ঠিত হোৱা গেমছত লাভ কৰা ৭ টা পদক লাভ কৰি দেশৰ বাবে সৰ্বোত্তম প্ৰদৰ্শন কৰিছিল ।

"আমাৰ ভাই-ভনীসকল পদকৰ বাবে পেৰিছলৈ ৰাওনা হৈছে । আমাৰ খেলুৱৈসকলে ট্ৰেক, ফিল্ড, ক'ৰ্ট আৰু ৰিঙত ভৰি দিয়াৰ সময়ত আমাৰ মাজৰ কোটি কোটি অনুৰাগীয়ে তেওঁলোকক উৎকণ্ঠিত হৈ চাই থাকিব । ভাৰতৰ প্ৰতিটো চুবুৰী, প্ৰতিটো কোণে শুনিব ইণ্ডিয়া ইণ্ডিয়া ধ্বনি ৷ মোৰ সৈতে যোগদান কৰক যেতিয়া তেওঁলোকে দৃঢ়তাৰে তিৰংগা উৰুৱাই মঞ্চৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকৰ মুখখন মনত পেলাওক ।’’ কোহলীয়ে কয় ৷

ভাৰতৰ অধিকাংশ প্ৰতিযোগীয়ে বৰ্তমান বিদেশত প্ৰশিক্ষণ লৈ আছে আৰু নিজ নিজ ঘাটিৰ পৰা ফ্ৰান্সৰ ৰাজধানীলৈ ৰাওনা হ’ব । টকিঅ’ত জেভেলিন থ্ৰ’ গোল্ডৰ সৈতে ইতিহাসৰ চিত্ৰনাট্য লিখা নীৰজ চোপ্ৰাৰ পৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণজয়ৰ আশাৰ বাহিৰেও ভাৰতে শ্বুটিং, বেডমিণ্টন, মল্লযুঁজ আৰু বক্সিঙৰ পৰা পদক লাভৰ আশা কৰিব ।

উল্লেখযোগ্য যে, ভাৰতে পেৰিছ অলিম্পিকৰ বাবে তেওঁলোকৰ এতিয়ালৈকে সৰ্ববৃহৎ দলটো প্ৰেৰণ কৰিব আৰু ই দক্ষিণ এছিয়াৰো সৰ্ববৃহৎ দল হিচাপে চিহ্নিত কৰা হ’ব ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকলৈ ভাৰতীয় মল্লযুঁজাৰুৰ দল : ট্ৰেক ৰেকৰ্ড আৰু ক্ৰীড়াৰ ইতিহাস - PARIS OLYMPIC

পেৰিছ অলিম্পিকলৈ ভাৰতৰ শ্বুটিং দল: ইতিহাস-অভিলেখ আৰু খেলুৱৈৰ প্ৰ'ফাইল - Paris Olympic 2024

অলিম্পিকত পুনৰ দেশক কৰিব প্ৰতিনিধিত্ব : এতিয়ালৈকে লাভলীনাৰ যাত্ৰা - Lovlina Borgohain Life Journey

ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ কেৰিয়াৰ সাফল্য আৰু পুৰস্কাৰ - Paris Olympic 2024

মীৰাবাঈ চানুৱে ভাৰোত্তোলনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’বনে ? - Weight Lifter Mirabai chanu

পেৰিছ অলিম্পিকৰ ২৮ জনীয়া ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব নীৰজ চোপ্ৰাক - Paris Olympic 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.