ETV Bharat / sports

বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ: এজাহাৰ দাখিল - SHAKIB AL HASAN ACCUSED OF MURDER - SHAKIB AL HASAN ACCUSED OF MURDER

Shakib Al Hasan: বাংলাদেশৰ প্ৰাক্তন অধিনায়ক শ্বাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ৷ ইতিমধ্যে খেলুৱৈগৰাকীৰ নামত দাখিল কৰা হৈছে এজাহাৰ ৷ পঢ়ক বিতং খবৰ...

SHAKIB AL HASAN ACCUSED OF MURDER
শ্বাকিব আল হাছান (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 23, 2024, 5:30 PM IST

স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ ৷ ৰুবেল ইছলামৰ হত্যাত জড়িত থকাৰ অভিযোগ তুলি ৰুবেলৰ পিতৃয়ে দাখিল কৰা এজাহাৰত সন্নিৱিষ্ট কৰা হৈছে ক্ৰিকেটাৰগৰাকীৰ নাম ৷ এই এজাহাৰত ইতিমধ্যে 150 ৰো অধিক লোক এই হত্যাত জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ ৷ ঢাকা ট্ৰিবিউনত প্ৰকাশ পাইছে এই তথ্য ৷

বিগত 5 আগষ্টত ৰিং ৰোডত এক প্ৰতিবাদী সমদলৰ সময়ত ৰুবেলৰ বুকু আৰু পেটত গুলী লগাৰ ফলত তেওঁৰ মৃত্যু ঘটিছিল । সমদলটোৰ সময়ত কোনোবাই ভিৰৰ মাজতে কৰিছিল এই গুলীচালনা, যিটো এটা ষড়যন্ত্ৰ হিচাপে গণ্য কৰা হৈছে ৷

শ্বাকিবক গোচৰটোৰ 28 নম্বৰ অভিযুক্ত হিচাপে তালিকাভুক্ত কৰা হৈছে ৷ আনহাতে, বাংলাদেশী অভিনেতা ফিৰদৌছ আহমেদ তালিকাৰ 55 নং স্থানত আছে ৷ দুয়োজন প্ৰাক্তন আৱামী লীগৰ সদস্য । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দৰে আন বিশিষ্ট নামসমূহো অভিযুক্তৰ তালিকাত ৰখা হৈছে ।

ঘটনাটোৰ সৈতে সম্পৰ্কিত প্ৰায় 400-500 অচিনাক্ত লোক এই গোচৰটোত জড়িত হৈ আছে ।

শ্বাকিবে বৰ্তমান এখন টেষ্ট শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰি আছে ৷ হাছিনাৰ নেতৃত্বত ভংগ হোৱা সংসদৰ সদস্যও আছিল শ্বাকিব, যি তেওঁৰ চৰকাৰৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ পিছত দেশৰ পৰা পলাই গৈছিল ।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চ আয়োগৰ মতে, 16 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত হোৱা ৰাজনৈতিক অস্থিৰতাত 400 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ আনহাতে, একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, মৃত্যুৰ সংখ্যা 650 ৰো অধিক আৰু বহুলোক আজিও সন্ধানহীন হৈ আছে ।

আৱামী লীগৰ পতনৰ পিছত এখন নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয় । লগতে, বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুক আহমেদে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ (বি চি বি) সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৷

দেশখনত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে অন্তৱৰ্তীকালীন চৰকাৰে শ্বাকিবক দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে । প্ৰবীণ ক্ৰিকেটাৰজনে এতিয়ালৈকে ঢাকাত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ৰাজনৈতিক সংকট বা হত্যাৰ গোচৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ।

লগতে পঢ়ক: দ্বি-শতক হেৰুৱাই বাবৰ আজমলৈ ল’লে চোঁচা ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ - PAK vs BAN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.