ETV Bharat / sports

ৰিয়ান পৰাগৰ প্ৰাপ্তিত সুখী লখিমপুৰো : আতচবাজীৰে আনন্দ প্ৰকাশ - Riyan Parag - RIYAN PARAG

Lakhimpur Cricket Association : ৰিয়ান পৰাগৰ ভাল খবৰে আনন্দৰ বন্যা বোৱাইছে লখিমপুৰতো ৷ আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰিলে লখিমপুৰ ক্ৰিকেট সন্থাই ৷ এসময়ত ৰিয়ানৰ লগত খেলা এগৰাকী খেলুৱৈয়ে ৰিয়ানক জনালে অভিনন্দন ।

RIYAN PARAG IN INDIAN TEAM
লখিমপুৰ ক্ৰিকেট সন্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 9:41 PM IST

লখিমপুৰ, ২৫ জুন : অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভৰ খবৰ সোমবাৰে ওলোৱাৰ পিচতে ৰাজ্যজুৰি আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে ৷ উমা চেত্ৰীৰ পিচতে ভাৰতীয় মূল ক্ৰিকেট দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে ৷ অসমৰ বাবে এই ভাল খবৰ ওলোৱাৰ পিচতে ৰাজ্যবাসীয়ে অভিনন্দনেৰে উপচাই পেলাইছে ক্ৰিকেটাৰগৰাকীক ৷

লখিমপুৰ ক্ৰিকেট সন্থা (ETV Bharat Assam)

সমগ্ৰ ৰাজ্যবাসীৰ লগতে লখিমপুৰতো দেখা গৈছে আনন্দ উৎসৱ ৷ আতচবাজী কৰি আনন্দ-উল্লাস কৰিলে জিলা ক্ৰিকেট সন্থাই । মঙলবাৰে বিয়লি লখিমপুৰ জিলা ক্ৰিকেট সন্থাই জিলা কাৰ্যালয়ৰ সমীপত আনন্দ-উৎসৱ উদযাপন কৰে ৷ আতচবাজী কৰি তেওঁলোকে ৰিয়ান পৰাগ প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাত উল্লাস প্ৰকাশ কৰে ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ ৰিয়ান পৰাগৰ: পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ

জিলা ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে ৰিয়ানৰ লগতে তেওঁৰ পিতৃ-মাতৃকো অভিনন্দন জ্ঞাপন কৰে । এসময়ত ৰিয়ানৰ লগত একেলগে খেলা এজন খেলুৱৈয়েও ৰিয়ানক শুভেচ্ছা জ্ঞাপন কৰে । ৰিয়ানৰ এই সাফল্যই অসমৰ উঠি অহা খেলুৱৈসকলক উৎসাহিত কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে সোমবাৰে বি চি চি আয়ে ঘোষণা কৰে জুলাইত জিম্বাব’ৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় ক্ৰিকেট দল ৷ পুৰুষ ক্ৰিকেট দলটোৰ নিৰ্বাচক সমিতিয়ে ঘোষণা কৰে 15 জন খেলুৱৈৰ নাম ৷ উক্ত দলত অন্তৰ্ভুক্ত কৰা হয় অসম সন্তান ৰিয়ান পৰাগক ৷ ইয়াৰ পিচতে ৰিয়ান পৰাগ হৈ পৰিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা উত্তৰ-পূবৰ প্ৰথমগৰাকী খেলুৱৈ ৷

লগতে পঢ়ক: ভাৰতীয় দলত ৰিয়ান পৰাগে স্থান পোৱাত গৌৰৱ অনুভৱ কৰিছোঁ : অসম ক্ৰিকেট সন্থাৰ সভাপতি

ইয়াৰ পূৰ্বে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ক্ৰিকেটাৰে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা নাছিল ৷ অৱশ্যে আন এগৰাকী অসম সন্তান উমা ছেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত ইতিমধ্য়ে স্থান লাভ কৰিছে ৷ ২০২৩ চনত উমা ছেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ বাংলাদেশ ভ্ৰমণৰ জৰিয়তে আন্তৰ্জাতিক ক্ৰিকেটত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক: জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা : দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.