ETV Bharat / sports

চাহ বিক্ৰেতা কপিলে পেৰিছত জুডোত ৰচিলে ইতিহাস - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 12:58 PM IST

Kapil Parmar: ভাৰতে বৰ্তমানলৈকে পেৰিছ অলিম্পিক 2024 ত লাভ কৰিছে 25 টাকৈ পদক ৷ বৃহস্পতিবাৰৰ দিনটোত কপিল পৰমাৰে জুডোত ব্ৰঞ্জৰ পদক জিকি ৰচিছে অভিলেখ ।

PARIS PARALYMPICS 2024
ভাৰতৰ জুডো খেলুৱৈ কপিল পৰমাৰ (AFP)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: পেৰালিম্পিক গেমছত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় জুডো খেলুৱৈত পৰিণত হৈছে কপিল পৰমাৰ ৷ বৃহস্পতিবাৰৰ দিনটোত ভাৰতে পেৰা-জুডোত অৰ্জন কৰে প্ৰথমটো পদক ৷

কপিলে পুৰুষৰ পেৰা-জুডো 60 কিল’গ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী এলিলটন অলিভিয়েৰাক 10-0 পইণ্টত পৰাস্ত কৰি জয় কৰে ব্ৰঞ্জৰ পদক ৷

কপিল পৰমাৰৰ ব্ৰঞ্জ জয়

মধ্য প্ৰদেশৰ চেহোৰৰ 24 বছৰীয়া জুডো খেলুৱৈগৰাকীয়ে চেম্প-ডি-মাৰ্চ এৰেনাত অনুষ্ঠিত খেলখনত ব্ৰাজিলৰ বিপক্ষৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ পূৰ্বে ভাৰতে এই ইভেণ্টত লাভ কৰা নাছিল কোনো পদক ৷

2022 চনৰ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় জুডো খেলুৱৈ পৰমাৰে কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত ভেনিজুৱেলাৰ মাৰ্কো ডেনিছ ব্লাংকোক 10-0 পইণ্টত পৰাস্ত কৰিছিল যদিও ছেমি ফাইনেলত ইৰাণৰ বনিতাবা খোৰৰাম আবাদিৰ হাতত 0-10 পইণ্টৰ ব্যৱধানত পৰাজিত হৈছিল ।

ভাৰতৰ 25 টা পদক অৰ্জন

কপিল পৰমাৰে জুডোত পদক অৰ্জন কৰাৰ লগে লগে ভাৰতে পেৰিছ পেৰালিম্পিকত লাভ কৰা পদকৰ সংখ্যা 25 টালৈ বৃদ্ধি পায় ৷ য’ত আছে 5 টা সোণ, 9 টা ৰূপ আৰু 11 টা ব্ৰঞ্জৰ পদক ৷ ভাৰত সম্প্ৰতি পদক তালিকাৰ 13 নং স্থানত উপনীত হৈছে ৷

চলাইছিল চাহৰ দোকান

4 জন ভাতৃ আৰু এগৰাকী ভগ্নীৰে গঠিত পৰিয়ালটোৰ ভিতৰত কপিল হৈছে আটাইতকৈ কনিষ্ঠ সদস্য ৷ তেওঁৰ পিতৃ পেছাত এজন টেক্সিচালক আৰু ভগ্নীয়ে কাম কৰে এখন প্ৰাথমিক বিদ্যালয়ত । শৈশৱত কপিলে পথাৰত খেলি থাকোতে দুৰ্ঘটনাক্ৰমে পানীৰ পাম্প এটা স্পৰ্শ কৰিছিল আৰু তীব্ৰ বৈদ্যুতিক শ্বকৰ বাবে ক’মালৈও গৈছিল ।

এই অৱস্থাৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত চিকিৎসকে কপিলক ওজন বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল । এই সময়তে তেওঁ অন্ধ জুডোৰ বিষয়ে জানিব পাৰি পৰৱৰ্তী সময়ত এই খেলত অংশগ্ৰহণ কৰিবলৈ ধৰে । কপিল আৰু ভাতৃয়ে তেওঁলোকৰ পৰিয়ালৰ ব্যয় বহন কৰিবলৈ চলাইছিল এখন চাহৰ দোকান ।

প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

কপিল পৰমাৰৰ ঐতিহাসিক পদক জয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অভিনন্দন জনাইছে । প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স একাউণ্টত খেলুৱৈগৰাকীক অভিনন্দন জনাই লিখিছিল এনেদৰে "এক অতি স্মৰণীয় প্ৰদৰ্শন আৰু এটা বিশেষ পদক ! কপিল পৰমাৰক অভিনন্দন জনাইছো ৷ কিয়নো তেওঁ পেৰালিম্পিকত জুডোত পদক জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে । পেৰালিম্পিক 2024 ত পুৰুষৰ 60 কিল’গ্ৰাম জে 1 ইভেণ্টত ব্ৰঞ্জ জয় কৰাৰ বাবে তেওঁক অভিনন্দন ! ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবেও তেওঁক শুভেচ্ছা জনাইছো" ৷

লগতে পঢ়ক: সংগীয়ে কিয় জ্বলাই হত্যা কৰিলে এইগৰাকী দৌৰবিদক ? - Athlete Rebecca Cheptegei

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.