ETV Bharat / sports

এখন মেচে সলনি কৰিলে ভাগ্য, এতিয়া এই দুজন ভাৰতীয় খেলুৱৈৰ ওপৰত টকাৰ বৰষুণ

IPL 2025 auction: কেপ্ড প্লেয়াৰৰ ক্ষেত্ৰত আই পি এলত নিলামৰ বাবদ নূন্যতম ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে 75 লাখ টকা ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IPL 2025
আই পি এল 2025 (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: নৱেম্বৰৰ শেষত অথবা ডিচেম্বৰৰ আৰম্ভণিতে আই পি এল 2025 ৰ বাবে মেগা নিলাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে ফ্ৰেঞ্চাইজিসমূহেও আৰম্ভ কৰিছে প্ৰস্তুতি । কিন্তু বৰ্তমান সময়ত সকলো ফ্ৰেঞ্চাইজিয়ে কেৱল খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিছে ৷ কিয়নো এই প্ৰক্ৰিয়া বাহাল থাকিব 31 অক্টোবৰলৈকেহে ।

ময়ংক যাদৱৰ ওপৰত হ’ব ধনৰ বৰষুণ

বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ টি-20 ত দৰ্শনীয় অভিষেক ঘটোৱা 22 বছৰীয়া ময়ংক যাদৱৰ ওপৰত মেগা নিলামত ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ মেগা নিলামৰ পূৰ্বেই ক্ৰিকেটাৰগৰাকীক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে(এল এছ জি) দলত অন্তৰ্ভুক্ত কৰোৱাৰ সম্ভাৱনা আছে ।

আই পি এল ৰিটেনচনৰ নিয়ম অনুসৰি, ময়ংক যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ বাবেই তেওঁক ‘আনকেপ্ড প্লেয়াৰ’ ৰ পৰা ‘কেপ্ড প্লেয়াৰ’ লৈ উন্নীত কৰিছে ৷ যাৰ বাবে খেলুৱৈগৰাকীয়ে মেগা নিলামত বিশাল ধনৰাশি লাভ কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে, এই নিলামৰ পূৰ্বে যদি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে খেলুৱৈগৰাকীক দলত অন্তৰ্ভুক্ত কৰে, তেন্তে তেওঁ কমেও 11 কোটি টকা লাভ কৰিব ৷

কেপ কৰা খেলুৱৈৰ ৰিটেনচন মূল্য

আই পি এলৰ নতুন নিয়ম অনুসৰি, কেপড খেলুৱৈৰ ৰিটেনচন মূল্যক পাঁচটা শাখাত ভাগ কৰা হৈছে । সেই অনুসৰি, প্ৰথম ৰিটেনচন খেলুৱৈক 18 কোটি, দ্বিতীয় ৰিটেনচন খেলুৱৈক 14 কোটি আৰু তৃতীয় ৰিটেনচন খেলুৱৈক 11 কোটি টকা দিয়া হ’ব ।

আনহাতে, চাৰি আৰু পাঁচ নম্বৰৰ খেলুৱৈৰ মূল্য পুনৰ সালসলনি হ’ব । অৰ্থাৎ চাৰি নম্বৰৰ খেলুৱৈয়ে পুনৰ 18 কোটি টকা পোৱাৰ বিপৰীতে পাঁচ নম্বৰৰ খেলুৱৈয়ে পাব 14 কোটি টকা ৷

ৰিটেইন কৰা খেলুৱৈসকলৰ বিষয়ে ভৱিষ্যদ্বাণী কৰাটো বৰ্তমান সময়ত কঠিন যদিও ময়ংকে তৃতীয় ৰিটেনচনত নিজৰ স্থান দখল কৰিবলৈ সাজু হৈছে ।

নীতিশ ৰেড্ডীৰ ওপৰতো হ’ব ধনৰ বৰষুণ

ময়ংক যাদৱৰ পিছতে চৰ্চা লাভ কৰিছে আন এগৰাকী খেলুৱৈয়ে ৷ তেওঁ হৈছে নীতিশ ৰেড্ডী ৷ অৱশ্যে হায়দৰাবাদে ৰেড্ডীক দলত অন্তৰ্ভুক্ত কৰাৰ বিষয়ত কোনো কথা বৰ্তমানলৈকে চিন্তা কৰা নাই ৷ কিয়নো তেওঁলোকে পেট কামিন্স, ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাক প্ৰথম তিনিটা ৰিটেনচন হিচাপে ৰখাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: নৱেম্বৰত আই পি এল 2025 ৰ মেগা নিলাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.