ETV Bharat / sports

আই পি এলত মেচৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত জয় শ্বাহৰ বিবৃতি; কি সিদ্ধান্ত বি চি চি আইৰ - IPL 2025

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IPL 2025 Number Of Matches: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2025 ৰ সন্দৰ্ভত এক বৃহৎ আপডেট ৷ পৰৱৰ্তী আই পি এল ছিজনত বৃদ্ধি কৰা হ'বনে মেচৰ সংখ্যা? কি ক’লে বি চি চি আইয়ে ?

IPL 2025
আই পি এল 2025 (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 সন্দৰ্ভত বি চি চি আইয়ে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত ৷ আই পি এলৰ পৰৱৰ্তী সংস্কৰণত খেলৰ সংখ্যা বৃদ্ধি কৰা হ’ব নে নহয়, সেই সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰে ব’ৰ্ডখনে ।

এক প্ৰতিবেদন অনুসৰি, সমগ্ৰ ছিজনটোত অনুষ্ঠিত হ’ব 74 খন মেচ । এই সংখ্যা 2022 চনত অনুষ্ঠিত হোৱা মেচৰ সংখ্যাতকৈ মাত্ৰ 10 খনহে কম ৷ 2023-27 চনলৈকে সংবাদ মাধ্যমৰ প্ৰচাৰ স্বত্ব বিক্ৰীৰ সময়তে ৰাজহুৱা কৰা হয় এই সিদ্ধান্ত ৷

নতুন অধিকাৰ চক্ৰৰ নিবিদা নথিত আই পি এলে প্ৰতিটো ছিজনৰ বাবে মেচৰ সংখ্যা তালিকাভুক্ত কৰিছিল । ইয়াত 2023 আৰু 2024 চনত 74-74 খন মেচৰ কথা উল্লেখ কৰা হৈছে ৷ আনহাতে, 2025 আৰু 2026 চনত 84-84 খন মেচৰ কথা উল্লেখ কৰা হৈছে । আই পি এল 2027 ৰ বাবে নিবিদাত উল্লেখ কৰা হৈছে 94 খন খেলৰ কথা ।

কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, আই পি এল 2025 ৰ বাবে 84 খন মেচ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ আই পি এলৰ আয়োজকৰ ৷ ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলে নিজৰ কামৰ বোজা চম্ভালিব পাৰিব । তাৰোপৰি ভাৰত বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ত শীৰ্ষত আছে ৷ গতিকে ফাইনেলত প্ৰৱেশৰ ক্ষেত্ৰত তেওঁলোকেই ফেভাৰিট । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিচাৰিছে যে, ভাৰতীয় খেলুৱৈসকলে গুৰুত্বপূৰ্ণ মেচৰ প্ৰস্তুতিৰ বাবে লাভ কৰক পৰ্যাপ্ত জিৰণি ৷

উল্লেখ্য যে, বি চি চি আইৰ সম্পাদক জয় শ্বাহে যোৱা মাহত আই পি এলত খেলিবলগীয়া মেচৰ সংখ্যা সন্দৰ্ভত প্ৰকাশ কৰিছিল এক বিবৃতি ৷

শেহতীয়াকৈ বি চি চি আইৰ বিদায়ী সম্পাদক জয় শ্বাহে ইক’ন’মিক টাইমছক জনাইছে যে, "আমি আই পি এল 2025 ত 84 খন মেচ আয়োজন কৰাৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ কাৰণ মেচৰ সংখ্যা বৃদ্ধিৰ বাবে খেলুৱৈসকলৰ ওপৰত পৰা অতিৰিক্ত বোজা আমি মনত ৰাখিব লাগিব" ৷

ইক’ন’মিক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, "যদিও 84 খন মেচ চুক্তিৰ এক স্থায়ী অংশ, তথাপিও 74 বা 84 খন মেচ আয়োজন কৰিব বিচাৰিলে, তেন্তে সেয়া নিৰ্ভৰ কৰিব বি চি চি আইৰ ওপৰত" ৷

লগতে পঢ়ক: ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ কিছুসময়ৰ পিছতে এইগৰাকী ক্ৰিকেটাৰক নতুন দায়িত্ব - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.