ETV Bharat / sports

কোন কোন দলৰ স্থান নিশ্চিত আই পি এল ২০২৪ ৰ প্লে' অফত ? - IPL 2024 - IPL 2024

IPL 2024 playoff: আইপিএল ২০২৪ৰ প্লে' অফত স্থান লাভৰ বাবে ৪টা দলৰ মাজত কঠিন প্ৰতিযোগিতা চলি আছে । ৰাজস্থান আৰু কেকেআৰৰ দলে প্লে' অফত নিজৰ স্থান প্ৰায় নিশ্চিত কৰিছে । সম্পূৰ্ণ খবৰ পঢ়ক...

IPL 2024
IPL 2024 playoff (IANS)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:16 PM IST

নিউজ ডেস্ক, ৬ মে': ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজন এতিয়া অন্ত পৰাৰ দিশে আগবাঢ়িছে । এনে পৰিস্থিতিত বহু দল এতিয়াও প্লে' অফৰ দৌৰত আছে, আনহাতে বহু দল প্লে' অফৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈছে । আজি আমি আপোনালোকক জনাম আই পি এল ২০২৪ৰ সেই দলবোৰৰ বিষয়ে, যিবোৰৰ এতিয়াও আই পি এল ২০২৪ৰ প্লে' অফলৈ যোৱাৰ সুযোগ আছে ।

ৰাজস্থান আৰু কলকাতাৰ প্লে অফৰ টিকট নিশ্চিত

এই পৰ্যন্ত ৰাজস্থান ৰয়েলছে ১০ খন খেল খেলিছে । ৮টা জয়ৰ সৈতে তেওঁলোকে ১৬ পইণ্ট অৰ্জন কৰিছে । এতিয়া ৰাজস্থানৰ ৪ খন মেচ বাকী আছে, যদি ৰাজস্থানে সকলো মেচতে জয়ী হয় তেন্তে তেওঁলোকৰ পইন্ট হ'ব ২৪ । যদি আৰ আৰ ইয়াৰ পৰা ২ খন মেচতো জয়ী হয় তেন্তে প্লে' অফত প্ৰৱেশ কৰাটো নিশ্চিত । কলকাতা নাইট ৰাইডাৰ্ছে ১১ খন খেলত ৮ টা জয় পঞ্জীয়ন কৰি ১৬ পইণ্ট লাভ কৰিছে । এতিয়া কেকেআৰৰ ৩ খন মেচ বাকী আছে আৰু বাকী থকা ১ বা ২খন মেচত জয়ী হ’লেও ১৮ বা ২০ পইণ্টেৰে প্লে' অফত প্ৰৱেশ কৰিব ।

প্লে' অফৰ বাকী ২টা স্থানৰ বাবে ৪টা দলৰ মাজত তীব্ৰ যুদ্ধ

বাকী স্থানৰ বাবে ৪টা দলৰ মাজত কঠোৰ প্ৰতিযোগিতা চলি আছে আই পি এল ২০২৪ৰ প্লে' অফত প্ৰৱেশ কৰিবলৈ । এই দলসমূহৰ ভিতৰত আছে চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু দিল্লী কেপিটেলছ দল । তেতিয়াহে এই দলসমূহে প্লে' অফত প্ৰৱেশ কৰিব পাৰিব, যেতিয়া তেওঁলোকে নিজৰ বাকী থকা সকলো মেচত জয়ী হ'ব ।

চেন্নাই ছুপাৰ কিংছ- ১১খন মেচত ৬ খন জয়লাভ কৰি ১২ পইণ্টেৰে তৃতীয় স্থানত আছে চি এছ কে । এতিয়া তেওঁলোকে বাকী তিনিখন মেচ ক্ৰমে গুজৰাট টাইটানছ, ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব । ইয়াৰ ভিতৰত চি এছ কেই এই ছিজনৰ দুৰ্বল দল গুজৰাট আৰু আৰচিবিক পৰাস্ত কৰাৰ ভাল সুযোগ পাব । যদি এই তিনিখন মেচৰ ভিতৰত ২ খনত চি এছ কে জয়ী হয় তেন্তে ১৬ পইণ্ট থাকিব আৰু প্লে' অফত প্ৰৱেশ কৰিব পাৰিব ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ- এছ আৰ এইচে ১০ খন মেচত ৬টা জয়ৰ সৈতে ১২ পইণ্ট লাভ কৰিছে । এতিয়া হায়দৰাবাদে আৰু ৪ খন মেচ খেলিব লাগিব, য’ত ক্ৰমে মুম্বাই ইণ্ডিয়ানছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, গুজৰাট টাইটানছ, পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব । এনে পৰিস্থিতিত এছ আৰ এইচ দলে মুম্বাই, গুজৰাট আৰু পঞ্জাৱক সহজেই পৰাস্ত কৰিব পাৰে । ইয়াৰে যদি হায়দৰাবাদে ২ বা ৩ খন মেচতো জয়ী হয়, তেন্তে ১৬ বা ১৮ পইণ্টেৰে প্লে' অফত নিজৰ স্থান অতি সহজে নিশ্চিত কৰিব পাৰিব ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ - ১১খন মেচত ৬ খন জয়ৰে ১২ পইণ্টেৰে পঞ্চম স্থানত আছে এল এছ জি দল । এতিয়াও ৩ খন মেচ বাকী আছে, য’ত ছানৰাইজাৰ্ছ হায়দৰাবাদ, দিল্লী কেপিটেলছ, মুম্বাই ইণ্ডিয়ানছৰ সৈতে খেলিব । এনে পৰিস্থিতিত যদি লক্ষ্ণৌৱে দুখন বা তিনিওখন মেচতে জয়লাভ কৰে, তেনেহ’লে ইয়াৰো ১৬ বা ১৮ পইণ্ট হ'ব । তেতিয়া প্লে' অফলৈ যোৱাৰ সুযোগো আছে ।

দিল্লী কেপিটেলছ - দিল্লী কেপিটেলছৰ প্লে' অফলৈ যোৱাৰ সুযোগো কম । দিল্লীয়ে ১১খন মেচত ৫টা জয়েৰে ১০ পইণ্ট লাভ কৰিছে । যদি দিল্লীয়ে বাকী তিনিখন মেচত জয়ী হয়, তেন্তে প্লে' অফলৈ যোৱাৰ সামান্য সম্ভাৱনা থাকিব । দিল্লীয়ে ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সৈতে খেল খেলিব লাগিব । দিল্লীয়ে ৰাজস্থান আৰু লক্ষ্ণৌৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে দুখন মেচ খেলিব লাগিব । এনে পৰিস্থিতিত প্লে' অফৰ যাত্ৰা তেওঁলোকৰ বাবে কঠিন হ’ব পাৰে ।

এই ৪টা দল প্লে' অফৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈ গৈছে

আই পি এল ২০২৪ৰ প্লে' অফৰ দৌৰৰ পৰা বাহিৰ হৈছে মুম্বাই ইণ্ডিয়ানছ । দলটোৱে ১১খন মেচত ৩ খন জয়ৰে ৬ পইণ্ট লাভ কৰিছে, ইয়াৰ পৰা বাকী ৪ খন মেচত মুম্বাই জয়ী হ’লেও প্লে' অফত স্থান লাভ কৰিব নোৱাৰিব । গুজৰাট টাইটানছৰ কথা ক’বলৈ গ’লে দলটোৱে ১১খন খেলত ৪ খনত জয়ৰে ৮ পইণ্ট লাভ কৰিছে । বাকী ৩ খন মেচত জয়লাভ কৰিলেও তেওঁলোকৰ বাবে প্লে' অফত প্ৰৱেশ কৰাটো সহজ নহ’ব । পঞ্জাৱ কিংছ দলো প্লে' অফৰ দৌৰৰ পৰা প্ৰায় আঁতৰি গৈছে । পঞ্জাবে ১১খন মেচত ৪ খনত জয়ৰে ৮ পইণ্ট লাভ কৰিছে । এতিয়া বাকী ৩ খন মেচত জয়লাভ কৰাৰ পিছতো ই মাত্ৰ ১৪ পইণ্টহে লাভ কৰিব পাৰিব, যিটো প্লে' অফত প্ৰৱেশ কৰিবলৈ যথেষ্ট নহ’ব ।

আৰ চি বিও প্লে' অফৰ দৌৰৰ পৰা প্ৰায় আঁতৰি গৈছে - আই পি এল ২০২৪ৰ প্লে অফ ৰেছৰ পৰা বাহিৰ হোৱা চতুৰ্থটো দল হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । ১১খন মেচত ৪ খনত জয়লাভ কৰি আৰ চি বিয়ে ৮ পইণ্টেৰে ৭ নম্বৰ স্থানত আছে । বাকী ৩ খন মেচত জয়ী হোৱাৰ পিছতো আৰ চি বিৰ বাবে প্লে' অফত প্ৰৱেশ কৰাটো কঠিন হ’ব । বাকী ৩ খন মেচ আৰ চি বিয়ে পঞ্জাব কিংছ, দিল্লী কেপিটেলছ, চেন্নাই ছুপাৰ কিংছৰ সৈতে খেলিব লাগিব । শেহতীয়াকৈ আৰ চি বিৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি ইমান শক্তিশালী দল এটাক পৰাস্ত কৰাটো অতি কঠিন হ’ব । এনে পৰিস্থিতিত আৰ চি বি প্লে' অফৰ পৰা প্ৰায় বাহিৰ হৈ গৈছে ।

লগতে পঢ়ক: লক্ষ্ণৌক ৯৮ ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত কলকাতা - IPL 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.