ETV Bharat / sports

আচৰণ বিধি ভংগৰ অভিযোগত হাৰ্দিক পাণ্ডিয়াক ২৫ লাখ টকাৰ জৰিমনা - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 6:14 PM IST

IPL 2024
Hardik Fined Rs 24 Lakh

Hardik Fined Rs 24 Lakh: আই পি এলে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক পাণ্ডিয়া জৰিমনাৰ সন্মুখীন হৈছে । লেহেমীয়া অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত আচৰণ বিধি অনুসৰি এই জৰিমনা বিহা হৈছে । মুম্বাই ইণ্ডিয়ানছৰ বাবে এই ছিজনত এইটো দ্বিতীয় ঘটনা ।

স্প’ৰ্টছ ডেস্ক, ১ মে': মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ২৫ লাখ টকা আৰু ফ্ৰেঞ্চাইজিৰ খেলুৱৈসকলক তেওঁলোকৰ নিজ নিজ মেচ মাচুলৰ বাবদ ৬ লাখ বা ২৫ শতাংশ জৰিমনা বিহা হৈছে । কিয়নো দলটোৱে মঙলবাৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলৰ সময়ত লেহেমীয়া অভাৰ ৰেট বজাই ৰাখিছিল ।

মঙলবাৰে অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল লীগৰ খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৫ বাৰৰ আই পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে ।

আই পি এলৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, "ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ৩০ এপ্ৰিলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ৰ ৪৮ নং মেচত লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক জৰিমনা বিহা হৈছে" ৷

যিহেতু লেহেমীয়া অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত আই পি এলৰ আচৰণ বিধিৰ অধীনত তেওঁৰ দলৰ এইটো চলিত ছিজনৰ দ্বিতীয়টো অপৰাধ আছিল, সেয়েহে পাণ্ডিয়াক ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছে ।

বিবৃতিটোত লগতে কোৱা হৈছে যে ইমপেক্ট প্লেয়াৰকে ধৰি প্লেইং একাদশৰ বাকী সদস্যসকলক প্ৰত্যেককে ব্যক্তিগতভাৱে ৬ লাখ টকা বা নিজ নিজ মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে ।

প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৪৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে হাতত ৪ উইকেট লৈ ১৯.২ অভাৰত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় । বেট আৰু বলৰ সৈতে কৰা অসাধাৰণ প্ৰদৰ্শনৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অল-ৰাউণ্ডাৰ মাৰ্কাছ ষ্ট’ইনিছক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান প্ৰদান কৰা হয় ।

লগতে পঢ়ক: লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত ৪ উইকেটত পৰাস্ত মুম্বাই - LSG vs MI IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.